স্যমন্তক হৰণ : ৫ম কী : ত্ৰাহি দেৱ দামো...

|| ঘোষা ||: 

ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ

দীন দয়াশীল স্বামী৷

কৰাহা নিস্তাৰ তোমাৰ চৰণে

শৰণ পশিলো আমি৷৷১১৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কৃষ্ণৰ বিক্রম দেখি ঋক্ষৰাজ

পৰম বিস্ময় মনে৷

স্বামী হেন জানি বুলিবে লাগিলা

প্ৰণামি কৃষ্ণ চৰণে৷৷

জানিলো তোমাক জগত ঈশ্বৰ

তুমি সনাতন হৰি৷

সমস্ত ভূতৰ তুমি প্ৰাণবল

জগতকে আছা ধৰি৷৷১৪৩৬৷৷

স্ৰষ্টাৰো সে স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা

উদ্ধাৰি ধৰিলা ভূমি৷

জীৱৰ নিয়ন্তা পৰম আতমা

মৃত্যুৰো অন্তক তুমি৷৷

জানিলো তোমাক সেহি ৰঘুনাথ

যিটো ইষ্টদেৱ মোৰ৷

সীতাৰ সন্তাপে জগতৰ বাপে

কৰিলা পয়াণ ঘোৰ৷৷১৪৩৭৷৷

যাৰ মহাক্রোধে কটাক্ষতে গ্ৰাসে

সাগৰে কল্লোল কৰে৷

লঙ্কাক লাগিয়া মাজে বাট দিলা

ডৰিয়া আতি সাগৰে৷৷

জানকীৰ হেতু বান্ধিলাহা সেতু

দহিলা লঙ্কা নগৰী৷

ৰাৱণৰ মাথ কাটিলাহা নাথ

আনিলা সীতা উদ্ধাৰি৷৷১৪৩৮৷৷

আগে নিচিনিলো এৱেসে জানিলো

তেন্তে তুমি ছিৰীৰাম৷

অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক

চৰণে কৰো প্ৰণাম৷৷

এতেকে বুলিয়া নমি জাম্বৱন্ত

আছে কৃতাঞ্জলি কৰি৷

শুনা সৰ্ব্বজন নেৰিবা কীৰ্ত্তন

ডাকি বোলা হৰি হৰি৷৷১৪৩৯৷৷