|| পদ ||:
কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ৷
শঙ্খ চক্র গদা পদ্ম কৰত তোমাৰ৷৷
পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ৷
কমললোচন চাৰু অৰুণ অধৰ৷৷৬৪২৷৷
সুন্দৰ নাসিকা কৰ্ণে মকৰকুণ্ডল৷
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল৷৷
আপাদলম্বিত বনমালা জ্বলে গলে৷
শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে৷৷৬৪৩৷৷
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত৷
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত৷৷
চৰণ কমল যেন নৱ পদ্মকোষ৷
যাক দেখি ভকতৰ পৰম সন্তোষ৷৷৬৪৪৷৷
প্ৰসন্ন বদনে জ্বলে অলকা তিলক৷
বসুদেৱে দেখিলন্ত অদ্ভুত বালক৷৷
পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি৷
পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি৷৷৬৪৫৷৷
ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ৷
কোলে লৈয়া বসুদেৱ লৰিল তেখন৷৷
ভাগিল নিহল ভৈল মেলান কপাট৷
দেখি ভয়ে যমুনা আপুনি দিলা বাট৷৷৬৪৬৷৷
বৰিষে কণিকা মেঘে ওপৰত গাজে৷
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে৷৷
যশোদাৰ তৈতে উপজিলা যোগমায়া৷
আতি অচেতন নিদ্ৰা গৈলা নন্দজায়া৷৷৬৪৭৷৷
তাহান শয্যাত নিয়া থৈলন্ত তোমাক৷
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক৷৷
শিশুভাৱে গোকুলত ক্রীড়িলা অপাৰ৷
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ৷৷৬৪৮৷৷
অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ৷
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ৷৷
কংসৰ পাঞ্চনি পাই যত দৈত্য আসে৷
তুমি অগনিত যেন পুৰি মৰে ঝাসে৷৷৬৪৯৷৷
আসিলেক পূতনা মোহিনী নাৰী ৱেশে৷
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে৷৷
কোলে ধৰি তোমাক দিলেক স্তনদান৷
স্তনপানে পূতনাৰ শুষিলাহা প্ৰাণ৷৷৬৫০৷৷
শকটৰ তলে থৈলা যশোদা শুৱাই৷
লাথি হানি পেহ্লাইলা শকট ওভোতাই৷৷
হেন দেখি যশোদা সুন্দৰী মহা দুঃখে৷
আথেবেথে কোলে লৈয়া স্তন দিলা মুখে৷৷৬৫১৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি৷
ৰামনাম বিনে নাহি কাহাৰো মুকুতি৷৷
হেন জানি নিৰন্তৰে এৰি আন কাম৷
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷৬৫২৷৷