শিশু : ৮ম কী : ৰাম নিৰঞ্জন...

|| ঘোষা ||: 

ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি৷

নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি৷৷৬৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

নমো গোপৰূপী মেঘ সম শ্যাম তনু৷

গাৱে পীত বস্ত্ৰ হাতে শিঙ্গা বেত বেণু৷৷

কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা পাখি৷

বন্যপুষ্পমালা পিন্ধি ধেনু আছা ৰাখি৷৷৭৪২৷৷

এহি শৰীৰতে আছে যতেক মহিমা৷

মনেও কৰিবে পাৰে কোনে তাৰ সীমা৷৷

আছোক পৰম ব্ৰহ্ম স্বৰূপ তোমাৰ৷

তাক জানিবাক আছে শকতি কাহাৰ৷৷৭৪৩৷৷

জ্ঞানপথ এৰি প্ৰভু তোমাৰ কথাক৷

কায়বাক্যমনে সেৱে যিটো সাধুজাক৷৷

যদ্যপি অজিত তুমি তিনিও জগতে৷

তথাপি তোমাক জিনে সেহিসে ভকতে৷৷৭৪৪৷৷

মুকুতি ৰসকো স্ৰৱে তোমাৰ ভকতি৷

তাক এৰি যিটো জ্ঞানপথে কৰে ৰতি৷৷

ক্লেশ মাত্ৰ পাৱে সিটো নিষ্ফল প্ৰয়াসে৷

বাহানে পতান যেন তণ্ডুলক আশে৷৷৭৪৫৷৷

যিটোজনে ভুঞ্জে নিজ কৰ্ম্মৰ বিপাক৷৷

অপেক্ষিয়া থাকে প্ৰভু তোমাৰ কৃপাক৷৷

কায়বাক্য মনে নমে চৰণ তোমাৰ৷

সি সি জন মুকুতি পদৰ অধিকাৰ৷৷৭৪৬৷৷

মই কেনে দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত৷

মায়াদিৰো ঈশ তুমি অনাদি অনন্ত৷৷

তোমাক পৰীক্ষো মই মায়াক প্ৰকটি৷

অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গতি৷৷৭৪৭৷৷

অন্ধ ভৈল চক্ষু হেলা কৰিলো তোমাক৷

মই ভিন্ন ঈশ্বৰ মানিলো আপুনাক৷৷

অজ্ঞৰ ক্ষমিয়ো দোষ জগতনিৱাস৷

এহি কৃপা কৰা যেন বোলাওঁ তযু দাস৷৷৭৪৮৷৷

গৰ্ভত থাকন্তে উদৰত ঘালে পাৱে৷

তাৰ অপৰাধক নধৰে যেন মাৱে৷৷

তোমাৰ কুক্ষিত আমি আছো চৰাচৰ৷

হেন জানি ক্ষমিয়োক দোষ দামোদৰ৷৷৭৪৯৷৷

ইটো ব্ৰহ্মপদ প্ৰভু আমাক নলাগে৷

কীট পতঙ্গত জন্ম হৌক কৰ্ম্মভাগে৷৷

তোমাৰ ভক্তৰ মাজে হুয়া একজন৷

সেৱা কৰি থাকো প্ৰভু তোমাৰ চৰণ৷৷৭৫০৷৷

কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ৷

যাৰ স্তনপানে তৃপ্ত ভৈলা দামোদৰ৷৷

অশ্বমেধ আদি কৰি মহাযজ্ঞ যত৷

তোমাক তুষিবে প্ৰভু নুহিকে শকত৷৷৭৫১৷৷

কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ৷

তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ৷৷

কিনো পুণ্য কৰি গোকুলৰ বৃক্ষ তৃণে৷

তোমাৰ চৰণ ৰেণু পাৱে প্ৰতিদিনে৷৷৭৫২৷৷

দেখা সৰ্ব্বলোক কেন অজ্ঞানী বৰ্ব্বৰ৷

তুমি অন্তৰ্য্যামী তোমাকেসে বোলে পৰ৷৷

শৰীৰক মই বুলি বুদ্ধি ভৈল হত৷

হিয়াতে হৰাইলা তুমি খোজে বাহিৰত৷৷৭৫৩৷৷

বৃন্দাৱনে তৃণ হৈবো তেৱে মহাভাগ৷

পাইবো ব্ৰজবাসীৰ চৰণ-ৰেণু লাগ৷৷

আজিও বিচাৰে পদ-ৰজ দেৱগণ৷

হেন হৰি ভৈলা ব্ৰজবাসীৰ জীৱন৷৷৭৫৪৷৷

মাৰিবাক দিল স্তন পূতনা পাপিষ্ঠী৷

দিলাহা মুকুতি তাইতো পৰিল সুদৃষ্টি৷৷

ব্ৰজবাসী তোমাত অৰ্পিলা প্ৰাণ বিত্ত৷

আকআৱে কিবা দিবো খেদ কৰে চিত্ত৷৷৭৫৫৷৷

তাৱে ৰাগ লোভ ক্রোধ পুৰুষৰ চোৰ৷

তাৱে গৃহবাস বন্দীশাল মহাঘোৰ৷

মোহচয় ভৰিৰ নিহল ভৈল তাৱে৷

তোমাত ভকতি নৰে নতু কৰে যাৱে৷৷৭৫৬৷৷

তোমাৰ আগত কিবা বোলো বহুবাক৷

যিটো বোলে জানো প্ৰভু নজানে তোমাক৷৷

কায়বাক্যমনে মই কৰিলোহো সাৰ৷

তযু মায়া বিভৱৰ নপাঞো কিছু পাৰ৷৷৭৫৭৷৷

জানিবাহা ভৈলো প্ৰভু তোমাৰ কিঙ্কৰ৷

তযু চৰণত সমৰ্পিলো কলেৱৰ৷৷

সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা৷

আজি ধৰি প্ৰভু মোক দাস বুলি মানা৷৷৭৫৮৷৷

নমো কৃষ্ণ বৃষ্ণিকুল প্ৰকাশ নায়ক৷

দেৱ দ্বিজ পৃথিৱীৰ বুদ্ধি প্ৰদায়ক৷৷

দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ৷

তোমাৰ চৰণে প্ৰভু প্ৰণাম আমাৰ৷৷৭৫৯৷৷

কৰিল অনেক স্তুতি আৰু সৃষ্টিকৰে৷

তাক নকহিলো পদ বাহুল্যক ডৰে৷৷

এহি বুলি প্ৰজাপতি ভৈলা মোহহীন৷

কৃষ্ণক কৰিলা তিনিবাৰ প্ৰদক্ষিণ৷৷৭৬০৷৷

প্ৰণাম কৰিলা চৰণত পৰি পৰি৷

মেলানি মাগিয়া নিজ স্থানে গৈলা লৰি৷৷

ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি৷

পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷৭৬১৷৷