|| পদ ||:
বকাসুৰে কৃষ্ণক গিলিলা ঠোঁটে ধৰি৷
দেখি গোপ শিশুগণ যেন গৈলা মৰি৷৷
পাছে তাৰ তালুত লাগিল যেন জুই৷
ছাদিলা কৃষ্ণক বকে বিমূৰ্চ্ছিত হুই৷৷৭১৩৷৷
দুনাই ঠোঁটে গিলিবাক আসে দেখি তাক৷
লীলায়ে ছিৰিলা যেন বিৰিণা পোথাক৷৷
সবান্ধৱে ধেনুকাক নিলা ৰসাতল৷
গোপশিশুগণক ভুঞ্জাইলা তালফল৷৷৭১৪৷৷
ময়ৰ তনয় ব্যোম গোপৰূপ ধৰি৷
গোপশিশুগণক নিলেক চুৰি কৰি৷৷
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে৷
তাক মাৰি শিশুসৱ আনিলা লীলায়ে৷৷৭১৫৷৷
গোপ গৰুজাকক বেঢ়িল বনজুই৷
কৃষ্ণত শৰণ সৱে লৈলে ত্ৰাস হুই৷৷
চক্ষু মুদাই সৱাকো ক্ষণেকে যোগবলে৷
গোকুলক লাগিয়া আনিলা অবিকলে৷৷৭১৬৷৷
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি৷
তোমাৰ পৰশে সৰ্পে দিব্য ৰূপ ধৰি৷৷
শাপ এৰাই গৈলা বিদ্যাধৰৰ নিলয়৷
দেখি গোপগণ ভৈলা পৰম বিস্ময়৷৷১১৭৷৷
শয়ন সময়ে সৱ গোপ গোপীগণ৷
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ৷৷
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই৷
গোকুলক লাগি প্ৰভু আনিলা দুনাই৷৷৭১৮৷৷
নন্দক নিলেক বৰুণৰ দূতে ধৰি৷
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি৷৷
তোমাৰ মহিমা নন্দে কহিলা ব্ৰজত৷
শুনিয়া বিস্ময় ভৈলা সৱাৰো মনত৷৷৭১৯৷৷
ইন্দ্ৰে কৰিলন্ত সাতদিন বৰিষণ৷
এক হাতে উভাৰি ধৰিলা গোৱৰ্দ্ধন৷৷
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপপুৰ৷
লীলায়ে কৰিলা মহেন্দ্ৰৰ দৰ্পচূৰ৷৷৭২০৷৷
সুৰভি সহিতে ইন্দ্ৰে আসিলা প্ৰত্যেক৷
গোৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক৷৷
অনেক ভকতি কৰি দুয়ো স্বৰ্গে গৈলা৷
সেহিদিনা তোমাৰ গোৱিন্দ নাম থৈলা৷৷৭২১৷৷
গোপকুমাৰিকা সৱে বস্ত্ৰ থৈয়া তীৰে৷
বিৱস্ত্ৰে নামিলা গৈয়া যমুনাৰ নীৰে৷৷
বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে৷
নানা উপহাস কৰি বস্ত্ৰ দিলা পাছে৷৷৭২২৷৷
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে৷
নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে৷৷
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন৷
বোলা হৰি হৰি আছে যাৱত চেতন৷৷৭২৩৷৷