শিশু : ৭ম কী : ও কৃষ্ণ নমো...

|| ঘোষা ||: 

ও কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি৷৷৬৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দুষ্ট অঘে পাতিলেক কাপ৷

বাট ভেণ্টি ভৈল ঘোৰ সাপ৷৷

পৰ্ব্বত সমান কলেৱৰ৷

বাইলে বেন্ত সম্যকে গহ্বৰ৷৷৭২৪৷৷

তল ওঁঠ মাটিত থাপিল৷

উৰ্দ্ধ ওঁঠ মেঘত লাগিল৷৷

জিহ্বাখান যেন ৰাজ আলি৷

বৎস লৈয়া আইলা বনমালী৷৷৭২৫৷৷

গোৰক্ষ দামুৰি নিৰন্তৰ৷

নজানি পশিল অভ্যন্তৰ৷৷

দেখি তুমি ভক্তৰ স্নেহত৷

পশিলাহা অঘৰ গৰ্ভত৷৷৭২৬৷৷

দেখি আটি ধৰিল দশনে৷

তুলিলেক হাসি দৈত্যগণে৷৷

দেৱগণে কৰে হাহাকাৰ৷

গল চুঙ্গি ভেণ্টি ৰৈলা তাৰ৷৷৭২৭৷৷

পেট ফিঙ্কি বায়ু দিলা টান৷

মূৰ্দ্ধা স্ফুটি বাজ ভৈলা প্ৰাণ৷৷

তযু পৰশনে কৰ্ম্ম ক্ষীণ৷

অসুৰ কৃষ্ণতে গৈলা লীন৷৷৭২৮৷৷

দেখি নিশৱদ দৈত্যকুল৷

হৰিষে বৰিষে দেৱে ফুল৷৷

অমৃত নয়নে চাইলা হৰি৷

জীলা সৱে গোৰক্ষ দামুৰি৷৷৭২৯৷৷

ৰঙ্গে বাজ ভৈলা বংশী বাই৷

ফুৰে সৱে দামুৰি চৰাই৷৷

ব্ৰহ্মা আসি কৰিলন্ত চুৰি৷

নিলা সৱ গোৰক্ষ দামুৰি৷৷৭৩০৷৷

মায়া কৰি থৈলেক গহ্বৰে৷

কাহাকো নেদেখি দামোদৰে৷৷

ব্ৰহ্মা নিলা জানিলাহা গুণি৷

ভৈলা গৰু গোৰক্ষ আপুনি৷৷৭৩১৷৷

নিচিনিল গোৱালী গোৱালে৷

এদিনাতো কৰি প্ৰতিপালে৷

ব্ৰহ্মা আসি দেখিলন্ত পাছে৷

গোৰক্ষ দামুৰি সৱে আছে৷৷৭৩২৷৷

পৰম বিস্ময়ে আছে চায়া৷

কৰিলাহা প্ৰভু পাছে মায়া৷৷

গোৰক্ষ দামুৰি ৰূপ এৰি৷

ভৈলা সৱে চতুৰ্ভুজ হৰি৷৷৭৩৩৷৷

সজল জলদ যেন শ্যাম৷

সৱে পীত বস্ত্ৰে অনুপাম৷৷

কেয়ূৰ কঙ্কণে কৰে কান্তি৷

হৃদয়ত শ্ৰীবৎসৰ পান্তি৷৷৭৩৪৷৷

কম্বুকণ্ঠ কৌস্তুভে শোভিত৷

বনমালা আপাদলম্বিত৷৷

জিলিমিলি জ্বলে বক্ষস্থলে৷

শোভে কৰ্ণ মকৰ কুণ্ডলে৷৷৭৩৫৷৷

শঙ্খ চক্র গদা পদ্ম ধৰি৷

আছা সৱে চতুৰ্ভুজ হৰি৷৷

গাৱে গাৱে এক সৃষ্টি কৰে৷

চৰাচৰ সৱে সেৱা কৰে৷৷৭৩৬৷৷

মোহ হুয়া ব্ৰহ্মা ভৈলা চুপ৷

দেখন্তে গুচিল সৱে ৰূপ৷৷

পূৰ্ব্বৱতে আছা মাত্ৰ হৰি৷

হংসৰ নামিলা ব্ৰহ্মা ডৰি৷৷৭৩৭৷৷

যেন সুৱৰ্ণৰ দণ্ড প্ৰায়৷

ভূমিত পেহ্লায়া নিজ কায়৷৷

মাধৱৰ পাদপদ্ম দুই৷

চাৰি মুকুটৰ আগে ছুই৷৷৭৩৮৷৷

আনন্দতে নয়নৰ জলে৷

সিঞ্চিলন্ত চৰণ কমলে৷৷

উঠি উঠি দুয়ো পাৱে পৰি৷

প্ৰণামন্ত মহিমা সুমৰি৷৷৭৩৯৷৷

মুকুন্দক চাই কথমপি৷

মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি৷৷

প্ৰণামিয়া অনেক ভকতি৷

কৰিবে লাগিলা ব্ৰহ্মা স্তুতি৷৷৭৪০৷৷

কৃষ্ণ কথা শুনিয়ো সমাজে৷

জন্ম লভি ভাৰতৰ মাজে৷৷

আক বৃথা কৰা কোন কামে৷

সাধিয়ো মুকুতি হৰিনামে৷৷৭৪১৷৷