|| পদ ||:
এহিমতে ব্ৰজে আনন্দে হৰি৷
কৰন্ত ক্রীড়া শিশুৰূপ ধৰি৷৷
যত গোপশিশু বলাই আদি৷
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী৷৷৬৬৩৷৷
যশোদাৰ আগে দিলেক খল৷
খাইলেক কৃষ্ণে মাটি একদল৷৷
শুনিয়া যশোদা সুন্দৰী হাসি৷
পুত্ৰৰ হাতত ধৰিলা আসি৷৷৬৬৪৷৷
কেনে মাটি খাইলি অৰে গোপাল৷
কোবাই আজি তোৰ ফাড়িবো ছাল৷৷
শুনিয়া কৃষ্ণৰ হৰিল মাত৷
চক্ষু টেৰ কৰি মাৱক চান্ত৷৷৬৬৫৷৷
ভয়তে যেন কাম্পে হাত ভৰি৷
যশোদা দেখে পুত্ৰ গৈলা ডৰি৷৷
মুখক চাহন্তে লাগয় বেথা৷
কিয় মাটি খাইলি সোধন্ত কথা৷৷৬৬৬৷৷
লগৰ শিশু বোলে সমুদায়৷
বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই৷৷
মাতন্ত কৃষ্ণে যশোদাক চাই৷
মিছা মাতে সৱে শুনিও আই৷৷৬৬৭৷৷
কদাচিতো মঞি নখাঞো মাটি৷
দাদা বলভদ্ৰে বোলন্ত ঘাটি৷৷
পতিয়ান নাই চৱা বিচাৰি৷
হেনশুনি মাতে যশোদা নাৰী৷৷৬৬৮৷৷
বায়ো বেন্ত যেৱে মাটি নখাইলি৷
শুনিয়া শিশুৰূপী বনমালী৷৷
চৱা মুখ বুলি মাৱক মাতি৷
বাইলন্ত বেন্ত প্ৰকাশিয়া আতি৷৷৬৬৯৷৷
যশোদা সুন্দৰী দেখন্ত পাছে৷
সমস্ত জগত গৰ্ভতে আছে৷৷
সাতোখন দ্বীপ সাতো সাগৰ৷
গিৰি বন নদী গ্ৰাম নগৰ৷৷৬৭০৷৷
বায়ু সূৰ্য্য শশী দিশ আকাশ৷
তাৰাগণো তৈতে কৰে প্ৰকাশ৷৷
সমস্ত জীৱ জ্যোতিস্তেজ জল৷
সত্ব ৰজস্তম ইন্দ্ৰিয় বল৷৷৬৭১৷৷
মন বুদ্ধি কাল কৰ্ম্ম যতেক৷
সৱাকো গৰ্ভতে দেখে প্ৰত্যেক৷৷
যতেক ধেনু গোপ গোপীজাক৷
যশোদা দেখে তৈতে আপুনাক৷৷৬৭২৷৷
পৰম শঙ্কাক পাইলন্ত সতী৷
অদ্ভুত দেখিয়া বোলন্ত মাতি৷৷
কিবা ভ্ৰম ভৈলো মোহক পায়া৷
দেখিলো স্বপ্ন কিবা দেৱমায়া৷৷৬৭৩৷৷
কিবা জানে মায়া মোৰ তনয়৷
কৰিবে নৱাৰো একো নিশ্চয়৷৷
নুহিকন্ত মোৰ পুত্ৰ মানুষ৷
এহেন্তেসে বিষ্ণু আদি পুৰুষ৷৷৬৭৪৷৷
এহি বুলি চিত্ত দঢ়ায়া সতী৷
কৰযোৰে কৰে কৃষ্ণক স্তুতি৷৷
যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ৷
নপাৱে বচনে মনে ওচৰ৷৷৬৭৫৷৷
নাহি উতপতি নাহি মৰণ৷
সদায়ে প্ৰণামো তযু চৰণ৷৷
মঞি যশোদা মোৰ পুত্ৰ স্বামী৷
ব্ৰজৰ সৱে অধিকাৰী আমি৷৷৬৭৬৷৷
হেন অহম্মম সদায়ে কৰো৷
যাহাৰ মায়াত উপজো মৰো৷৷
হেন জগন্নাথ হুয়োক গতি৷
খণ্ডিয়োক আৱে মোৰ কুমতি৷৷৬৭৭৷৷
গুণন্ত শুনি ত্ৰিজগত পতি৷
বিষ্ণু হেন মোক জানিলা সতী৷৷
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ৷
গুচিল বিষ্ণুজ্ঞান যশোদাৰ৷৷৬৭৮৷৷
কৃষ্ণত পুত্ৰবুদ্ধি ভৈলা জাত৷
ধূলা জাৰি তুলি লৈলা কোলাত৷৷
পাৰন্ত চুমা মুখে স্তন দিয়া৷
মোৰ আয়ু লই পুতাই জীয়া৷৷৬৭৯৷৷
ব্ৰহ্মায়ো নজানে যাৰ মহিমা৷
চাৰি বেদে কহি নপাৱে সীমা৷
হেন মাধৱক তনয় পাইল৷
যশোদা নন্দে কিনো তপসাইল৷৷৬৮০৷৷
সুনন্দ আদি যত যোগীগণ৷
চিন্তিয়ো নেদেখে যাৰ চৰণ৷৷
হেন পৰমব্ৰহ্ম যশোদা সুত৷
ভৈলন্ত কিনো আতি অদভুত৷৷৬৮১৷৷
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে৷
শুনা শিশুলীলা সমস্ত জনে৷৷
যেৱে সুখে যাইবা বৈকুণ্ঠপুৰী৷
সদায় ডাকিয়া ঘুষিয়ো হৰি৷৷৬৮২৷৷