|| পদ ||:
চক্রৱাত অসুৰে কৃষ্ণক নিলা হৰি৷
আকাশত মাৰিলা গলত চেপি ধৰি৷৷
কৃষ্ণক হিয়াত লৈয়া পৰিল ভূমিত৷
জুৰাইল তোমাক পায়া যশোদাৰ চিত্ত৷৷৬৫৩৷৷
ছলে হামি তুলি তুমি দেখাইলা মাৱত৷
গৰ্ভৰ ভিতৰে আছে সমস্ত জগত৷৷
কম্পিল শৰীৰ যশোদাৰ হেন দেখি৷
পৰম বিস্ময় হুয়া মুদিলন্ত আখি৷৷৬৫৪৷৷
বসুদেৱে পঠাইলা আসিল গৰ্গ ঋষি৷
গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি৷৷
কহিলা নন্দৰ আগে যত গুণগ্ৰাম৷
বিধিৱতে তোমাৰ থৈলন্ত কৃষ্ণ নাম৷৷৬৫৫৷৷
আণ্ঠুকাঢ়ি ৰিঙ্গ পাৰি ফুৰা ব্ৰজ মাজে৷
সোণাৰ ঘুঙ্গুৰাচয় কঙ্কালত বাজে৷৷
বৃষৰ শুনিয়া নাদ চমকি উলটি৷
আথেবেথে ধৰা গৈয়া মাৱক সাবটি৷৷৬৫৬৷৷
থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ৷
অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰ৷৷
আনন্দতে সমস্ত গোৱালীসৱ আসি৷
কৃষ্ণৰ অকীৰ্ত্তি যশোদাত দেন্ত হাসি৷৷৬৫৭৷৷
কি ভৈল তোমাৰ ইটো তনয় দুৰ্জ্জন৷
কৃষ্ণৰ নিমিত্তে আৰ নৰহে জীৱন৷৷
গাই নতু দোহন্তে দামুৰি মেলে গই৷
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই৷৷৬৫৮৷৷
বানৰকো খুৱাৱে গোৱিন্দ কিনো চাণ্ড৷
বানৰে নখাই যেৱে কোবাই ভাঙ্গে ভাণ্ড৷৷
ঢুকি যেৱে নপাৱে মনত নাহি তুষ্টি৷
সিকিয়াৰ পৰা আনে উড়লত উঠি৷৷৬৫৯৷৷
শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই৷১০৫
আন্ধাৰতো খুজি পান্ত লুকান নযায়৷৷
বস্তুক নপাইলে ধৰি মাৰন্ত ছৱালী৷
গৃহত ভৰ্চ্ছিয়া পলাই যান্ত বনমালী৷৷৬৬০৷৷
মাৱৰ কোলাত আছা তুমি জগন্নাথ৷
সভয় নয়ন হুয়া চপৰাইলা মাথ৷৷
হেন দেখি যশোদা পুত্ৰক নোবোলয়৷
আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চাই৷৷৬৬১৷৷
ডৰিবাৰ দেখিয়া পুত্ৰক বৰনাৰী৷
বুকুত সাবটি ধৰিলন্ত চুমা পাৰি৷৷
মাধৱৰ শিশুলীলা শুনা সৰ্ব্বলোক৷
বোলা হৰি হৰি যত পাতক ছাড়োক৷৷৬৬২৷৷