|| পদ ||:
কৃষ্ণে দেখিলন্ত মাৱ গৃহকৰ্ম্মে গৈলা৷
আণ্ঠুকাঢ়ি উডুখল টানিবাক লৈলা৷৷
অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি৷
কঙ্কাল ফান্দিয়া বল দিলা বনমালী৷৷৭০৫৷৷
কাম্পে দুয়ো গোটা বৃক্ষ উডুখল লাগি৷
উভৰি পৰিল মচ মচ কৰি ভাগি৷৷
শাপ এৰাই দুয়ো পাছে কুবেৰ তনয়৷
তোমাক নমিয়া গৈলা আপুন নিলয়৷৷৭০৬৷৷
নিৰ্ঘাত শঙ্কিয়া খেদি আইলা গোপজাক৷
বন্দী হুয়া আছা নন্দে দেখিলা তোমাক৷৷
হাসিলেক কোনে হেন কৰিলেক বুলি৷
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি৷৷৭০৭৷৷
কিনো আতি নন্দ যশোদাৰ মহাভাগ৷
পূৰ্ণব্ৰহ্ম তোমাক গৃহতে পাইলা লাগ৷৷
ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে৷
শিশুলীলা অনেক কৰিলা নাৰায়ণে৷৷৭০৮৷৷
কেহো বেলা গোপীগণে পাঞ্চে গাৱা গীত৷
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য৷৷
মালড়ি কৰাহা কতো গোপীৰ বচনে৷
ছায়া পুতলাক যেন নচাৱে যতনে৷৷৭০৯৷৷
কেহো বেলা গোপিকাৰ শুনি আজ্ঞাবাণী৷
পাদুকা পিড়াক প্ৰভু ধৰি থাকা আনি৷৷
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত৷
ভকতৰ বশ্য হেন দেখায়া লোকত৷৷৭১০৷৷
কোনে ফল লৈবে বুলি ডাকিলা পসাৰী৷
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি৷৷
তোমাৰ হস্তক ভৰি দিল ফল বাছি৷
সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি৷৷৭১১৷৷
আসিল দানৱ গোট বৎসৰূপ ধৰি৷
লাঙ্গুল সহিতে তাৰ ধৰি পাছ ভৰি৷৷
আলগতে ফুৰাই পাক হানিলাহা দলি৷
কপিত্থত পৰি যমপুৰে গৈল চলি৷৷৭১২৷৷