শিশু : ৪থ কী : হে কৰুণাময়...

|| ঘোষা ||: 

হে কৰুণাময়

ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি৷৷৬০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দিনেক যশোদা নন্দজায়া৷

আপুনি মথন্ত দধি গৈয়া৷৷

কৃষ্ণৰ শৈশৱ লীলা স্মৰি৷

কৃষ্ণগীত গাৱন্ত সুন্দৰী৷৷৬৮৩৷৷

ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে৷

কটিত মেখলা বান্ধি আছে৷৷

পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন৷

আজোড়ন্তে লৰে ঘনে ঘন৷৷৬৮৪৷৷

ৰুণ ঝুণ কেয়ূৰ কঙ্কণ৷

শ্ৰমজলে উজ্জ্বল বদন৷৷

কৰ্ণত কুণ্ডল ডোলে আতি৷

খসি পৰে খোপাৰ মালতী৷৷৬৮৫৷৷

এহিমতে মথন্তে প্ৰয়াসি৷

মাৱক ধৰিলা কৃষ্ণে আসি৷৷

মথনিত ধৰিয়া নিষেধি৷

মথিবাক নেদে আৰ দধি৷৷৬৮৬৷৷

হাসি কোলে লৈলা নন্দজায়া৷

দিলা স্তন পুত্ৰমুখ চায়া৷৷

দেখন্তে উথলি দুগ্ধ পৰে৷

পুত্ৰ এৰি গৈলন্ত লৱৰে৷৷৬৮৬৷৷

স্তন পিবে নপায়া কৃষ্ণৰ৷

কাম্পে কোপে অৰুণ অধৰ৷৷

দশন কামুৰি আতি চাণ্ড৷

শিলায়ে ভাঙ্গিলা দধিভাণ্ড৷৷৬৮৮৷৷

মহাকোপে কোঠা পশিলন্ত৷

সিঞ্চৰাই লৱনু ভুঞ্জন্ত৷৷

আসিলা যশোদা নমাই ক্ষীৰ৷

দেখে হাণ্ডি ভাঙ্গিলা দধিৰ৷৷৬৮৯৷৷

জানিলা পুত্ৰৰ কৰ্ম্ম গোপী৷

হাসিয়া দেখিলা পশি খুপি৷৷

উড়ল উপৰে বসি হৰি৷

ভুঞ্জন্ত লৱণু চুৰি কৰি৷৷৬৯০৷৷

শিকিয়াৰ পৰা নমাই আনি৷

বানৰকো দেন্ত দলি হানি৷৷

শঙ্কিত নয়নে নাহি সাৰি৷

দেখিয়া যশোদা লৈলা বাৰি৷৷৬৯১৷৷

মাৰিবে আসন্ত জানি ডৰে৷

দিলা লৰ নামি উড়লৰে৷৷

পাছে পাছে যশোদা খেদন্ত৷

ভয়ে লাগ মাৱক নেদন্ত৷৷৬৯২৷৷

যাক যোগী নপাৱে ধ্যানত৷

হেন হৰি পলান্ত ভয়ত৷৷

পুত্ৰক খেদন্ত মহাসতী৷

শ্ৰোণী ভৰে আক্রমিল গতি৷৷৬৯০৷৷

বেগত মেলান ভৈল খোপা৷

খসি পৰে মালতীৰ থোপা৷

গোৱিন্দে মাৱৰ শ্ৰম দেখি৷

ৰহিল কান্দন্তে মুদি আখি৷৷৬৯৪৷৷

সভয় নয়নে চান্ত ডৰে৷

যশোদা ধৰিলা আসি কৰে৷৷

ভাণ্ড ভাঙ্গি আৱে যাইবি কোথা৷

খাইবো আজি কৃষ্ণ তোৰ মাথা৷৷৬৯৫৷৷

সকল লৱণু কৈলি নাশ৷

শুনি প্ৰভু ভৈলা মহাত্ৰাস৷৷

দেখি বাৰি এৰিলন্ত সতী৷

কৃষ্ণক বান্ধিবে ভৈলা মতি৷৷৬৯৬৷৷

নাহি আদি অন্ত পূৰ্ব্বাপৰ৷

পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ৷৷

তাহাক তনয় মানি বলে৷

যশোদা বান্ধন্ত উডুখলে৷৷৬৯৭৷৷

বান্ধন্ত কৃষ্ণক আনি ধৰি৷

নোজোৰে আঙ্গুল দুই জৰী৷৷

আৰো জৰী আনি জোৰা দিলা৷

সিয়ো দুই আঙ্গুলে নাটিলা৷৷৬৯৮৷৷

হেন দেখি আৰ জৰী আনি৷

যশোদা বান্ধন্ত টানি টানি৷৷

শৰীৰৰ বল দিয়া আটে৷

তথাপি আঙ্গুলা দুই নাটে৷৷৬৯৯৷৷

গৃহত পাইলেক যত জৰী৷

এহিমতে জুৰিয়া সুন্দৰী৷৷

উডুখলে এৰে বান্ধে চাপি৷

নাটে দুই আঙ্গুল তথাপি৷৷৭০০৷৷

হেন দেখি হাসে গোপীগণে৷

যশোদা বিস্ময় ভৈলা মনে৷৷

শৰীৰৰ ঘৰ্ম্ম যায় বহি৷

হাসিয়া থাকিলা শ্ৰমে ৰহি৷৷৭০১৷৷

হেন দেখি প্ৰভু নাৰায়ণ৷

স্নেহে লৈলা আপুনি বন্ধন৷৷

জগতৰে আপুনি ঈশ্বৰ৷

তুমি বশ্য ভৈলা ভকতৰ৷৷৭০২৷৷

ব্ৰহ্মা লক্ষ্মীদেৱী মহাদেৱে৷

নপাইলা আনন্দ হেন কেৱে৷৷

যশোদা প্ৰসাদ যেন পাইলা৷

ইটো গোপী কিনো তপসাইলা৷৷৭০৩৷৷

ভকতৰ বশ্য তুমি হৰি৷

সুখে পাৱে গৃহতে সুমৰি৷৷

ভণিলা শঙ্কৰে কৃষ্ণপদে৷

হৰি হৰি বোলা সভাসদে৷৷৭০৪৷৷