|| পদ ||:
পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে৷
কহো কৃষ্ণ কথা শুনা পৰম উৎসুকে৷৷
বিপৰীত স্ত্ৰী-মায়া দেখি মাধৱৰ৷
শুনা যেন মতে কামাতুৰ ভৈলা হৰ৷৷৫১১৷৷
শুনিলন্ত হৰে পাছে কথা বিপৰীত৷
স্ত্ৰীৰূপ ধৰি হৰি হৰিলা অমৃত৷৷
দেৱক ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ৷
শুনি ত্ৰিনয়নৰ মনত মহা ৰঙ্গ৷৷৫১২৷৷
নয়নে দেখিবো বিষ্ণু ভৈলা যেন নাৰী৷
এহি বুলি বৃষভত চড়ি ত্ৰিপুৰাৰি৷৷
লগ লাগি গৌৰীও বসিল স্বামী কাছে৷
দেখি নন্দী আদি কৰি যত ভৃত্য আছে৷৷৫১৩৷৷
কৈলাসক ছানিয়া সৱে কোবাৱে নিসান৷
দণ্ডে ছত্ৰে বাদ্যে ভণ্ডে ধৰিল যোগান৷৷
আকাশৰ পথে গৌৰীনাথ গৈলা লড়ি৷
বিষ্ণুৰ পুৰীক আণ্টাইলেক দৰদৰি৷৷৫১৪৷৷
বৃষভৰ নামি হৰ আৰো গৌৰী মাৱ৷
বিষ্ণুক সাদৰি দুয়ো ভৈলা ভূমিপাৱ৷৷
মাধৱৰ মন্দিৰক দূৰতে আকলি৷
প্ৰণামিল শঙ্কৰে কৰিয়া কৃতাঞ্জলি৷৷৫১৫৷৷
ৰত্নৰ মন্দিৰে সুৱৰ্ণৰ সিংহাসনে৷
কৰন্ত প্ৰকাশ বহি প্ৰভু নাৰায়ণে৷৷
সুনন্দ কুমুদ নন্দ পাৰিষদগণ৷
চতুৰ্ভিতি বেঢ়ি সেৱে কৃষ্ণৰ চৰণ৷৷৫১৬৷৷
জগতজননী লক্ষ্মী আছন্ত উপাসি৷
শঙ্কৰক দেখি হৰি তুলিলন্ত হাসি৷৷
বসিবাক লাগি বঢ়াই দিয়াইলা আসন৷
সভাৰ্য্যে বসিল তাতে দেৱ ত্ৰিনয়ন৷৷৫১৭৷৷
সাদৰিল হৰি যেন বিধি ব্যৱহাৰ৷
কৰিলা পাৰ্ব্বতী সমে শিৱক সৎকাৰ৷৷
শঙ্কৰে কৰিলা হৃষীকেশক সেৱলি৷
আৰম্ভিলা স্তুতি পাছে কৰি কৃতাঞ্জলি৷৷৫১৮৷৷