হৰমোহন : ৭ম কী : প্ৰাণ হৰি নেয়

|| ঘোষা ||: 

প্ৰাণ হৰি নেয় বুলি ডাক ছাড়ে ত্ৰিপুৰাৰি৷

হৰক মুহিয়া যান্ত মোহন মুৰাৰি৷৷৪৮৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

 দেখি হাসি সুন্দৰী পলান্ত লাগ নেদি৷

নযা নযা বুলি বৃষধ্বজে যান্ত খেদি৷৷

গিৰি গুহা বন নদ নদী সৰোবৰ৷

খেদিয়া ফুৰন্ত হৰে দ্বীপ দ্বীপান্তৰ৷৷৫৭১৷৷

আছে ঋষিগণৰ আশ্ৰম অসংখ্যাত৷

পলান্তে খেদন্তে দুয়ো প্ৰৱেশিলা তাত৷৷

মদনৰ পীড়াত এৰিল হৰে লাজ৷

 খেদিয়া ফুৰন্ত আশ্ৰমৰ মাজে মাজ৷৷৫৭২৷৷

আউল জাউল হুয়া চক্ষু-মুখ ঢাকে জঁটে৷

বিবস্ত্ৰে কন্যাক হৰে খেদে উলঙ্গতে৷৷

দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে৷

কেহো মুখে বস্ত্ৰ দিয়া পশে অভ্যন্তৰে৷৫৭৩৷৷

উন্মত্ত পাগল কিনো ভৈলা মহাদেৱ৷

কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ৷৷

উলঙ্গতে খেদন্ত কাহাৰ বউ জীউ৷

লাজ কাজ মৰ্য্যাদা এৰিল সদাশিউ৷৷৫৭৪৷৷

এহি বুলি জুমাজুমি হাসে সৱে সখী৷

ঋষিগণো শঙ্কৰক কামাতুৰ দেখি৷৷

বিষ্ণু বিষ্ণু স্মৰি সৱে চপৰাইলা মাথ৷

কিনো বিপৰ্য্যয় ভোল ভৈলা গৌৰীনাথ৷৷৫৭৫৷৷

কেহো বোলে শঙ্কৰৰ কোনে মায়া বুজা৷

পাদ্য অৰ্ঘ্য দিয়া আগবাঢ়ি কৰো পূজা৷৷

এহি বুলি উঠি যান্ত কতো ঋষিগণ৷

লৱৰন্তে কৰযোৰে বোলন্ত বচন৷৷৫৭৬৷৷

তুমি চৰাচৰ গুৰু জগতৰ বাপ৷

সৰ্ব্বজান হুয়া কেনে কৰা হেন পাপ৷৷

ক্ষণেক বিশ্ৰাম কৰা আমাৰ থানত৷

যতেক বোলন্ত মানে নপশে কাণত৷৷৫৭৭৷৷

কামিনী হৰিলে চিত্ত কামে ভৈল ভোল৷

নুশুনন্ত শঙ্কৰে ঋষিৰ মাতবোল৷৷

ৰমণীৰ পাছে পাছে ফুৰন্ত লৱৰি৷

গাৱ দেখাই সুন্দৰী পলান্ত ভৰি ভৰি৷৷৫৭৮৷৷

নপাৱন্ত লাগ তান নাহি সুখ শান্তি৷

খেদন্তে খেদন্তে হৰ ভৈল হাৰাশাস্তি৷৷

উগুল থুগুল মন মদনে বিকল৷

বহিবে লাগিল শঙ্কৰৰ বিন্দুজল৷৷৫৭৯৷৷

হস্তিনীক খেদন্তে হস্তীৰ যেন স্ৰৱে৷

যেন গিৰি শিখৰৰ গেৰু ধাৰা বৱে৷৷

সেহিমতে শঙ্কৰৰ বিন্দু যাই পৰি৷

দেখি ঋষিগণো আন্তৰিল তাঙ্ক এৰি৷৷৫৮০৷৷

পিঠি দিয়া কতো সুমৰন্ত হৰি ৰাম৷

মহাযোগী শঙ্কৰ আহান হেন কাম৷৷

এহি বুলি ঋষিগণ গৈলা ঘৰাঘৰি৷

সুমৰিয়া হৃষীকেশ ৰাম কৃষ্ণ হৰি৷৷৫৮১৷৷