হৰমোহন : ৬য় কী : ইবাৰ কৰুণাময়...

|| ঘোষা ||: 

ইবাৰ কৰুণাময় নকৰা নৈৰাশ৷

ছোড়া মায়া কৰা দয়া ভৈলো তযু দাস৷৷৪৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ইবাৰ নেৰস প্ৰাণপ্ৰিয়া  যাইবি কই৷

চেঞ্চান্ত বিশ্ৰুত কামবাণে মূৰ্চ্ছা গই৷৷

হৰস বদনে বান্ধৈ দিয়ো মোক চুমা৷

কৰা আলিঙ্গন কি কৰিতে পাৰে উমা৷৷৫৫৮৷৷

কিয়নো নেদস প্ৰাণেশ্বৰী মোক লাগ৷

যেহি লাগে সেহি দিবে পাৰো মোত মাগ৷৷

কৈলাসৰ পাতিবো তোমাক অধিকাৰী৷

সেৱা কৰি থাকিবে যতেক দিব্যনাৰী৷৷৫৫৯৷৷

নকৰিবো দ্বন্দ্ব-বাদ নপাৰিবো গালি৷

ময়ো দাস তোমাৰ থাকিবো আজ্ঞা পালি৷৷

তোমাৰেসে কৰি দিবো পাৰ্ব্বতীক চেড়ী৷

আৰ যোনো যাস প্ৰাণেশ্বৰী মোক এড়ি৷৷৫৬০৷৷

দেখিবে নৱাৰা যদি আমাৰ কুৱেশ৷

জটাকো মুণ্ডাঞো তেৱে কৰিয়ো আদেশ৷৷

সৰ্প গুচাই পিন্ধো আনি দিব্য অলঙ্কাৰ৷

মুণ্ডমালা গুচাই আঁৰো গলে হেমহাৰ৷৷৫৬১৷৷

বাঘছাল এৰি পিন্ধো দেৱাঙ্গবসন৷

ভষ্ম গুচাই গাৱে ঘষো অগৰু চন্দন৷

যেহি লাগে বোল বান্ধৈ তাক মঞি কৰো৷

মুখ চাই নমাত সম্যকে আত মৰো৷৷৫৬২৷৷

কতনো কৰিলো তোৰ ঘোৰ অপৰাধ৷

এভু যেন কৰ বান্ধৈ বচন নবাধ৷

দান্তে খেড় কামোৰো সাৱট হাত মেলি৷

তোৰ মোৰ হৌক ক্রীড়া কৌতুহল কেলি৷৷৫৬৩৷৷

স্ত্ৰী বুলি বৃক্ষক চুম্বন্ত আঙ্কোৱালি৷

দেখিয়া হাসন্ত নাৰীৰূপে বনমালী৷

অনন্তৰে হৰে চক্ষু মেলি চাইল পাছে৷

দেখন্ত নোহন্ত কন্যা ধৰি আছে গাছে৷৷৫৬৪৷৷

তাক এৰি সুন্দৰীক খেদন্ত দুনাই৷

যেন মত্ত হস্তী হস্তিনীক খেদি যায়৷৷

লাগ নেদি ৰমণীও পলান্ত লৱৰি৷

মহাবেগে শঙ্কৰে খেদন্ত ভৰি ভৰি৷৷৫৬৫৷৷

নযায় নুপুহায় মদনৰ উতপাতে৷

পাইলো পাইলো বুলি কতো চাব দেন্ত হাতে৷৷

অঙ্গুলিৰ আগে যেন ছোৱে উচ্চ কুচ৷

আন্তৰন্ত কন্যা হৰ পৰি যান্ত মূছ৷৷৫৬৬৷৷

পুৰাতন শত্ৰু কামদেৱে ছিদ্ৰ পাই৷

প্ৰহাৰন্ত পুষ্পবাণ দুনাই দুনাই৷৷

মদনৰ শৰে হৰ হৃদয়ত ফুটি৷

মহাদুঃখে মাটিত পাড়ন্ত লোটা লুটি৷৷৫৬৭৷৷

কতো উঠি কন্যাক কৰন্ত কাওবাও৷

আঙ্গুলি বেন্তত লঞো পালটিয়া চায়ো৷৷

তোৰেসে নিমিত্তে কৰে মদনে দগধ৷

মই যেৱে মৰোঁ তোত লাগিবেক বধ৷৷৫৬৮৷৷

মহাপাপ প্ৰাণী হত্যা তাকো শঙ্কা নাই৷

কোননো সাধিবি স্বৰ্গ আমাক মৰাই৷৷

এভু পাশ চাপ আসি কৰো আলিঙ্গন৷

তোহোৰ সফল হৌক এ নৱ যৌৱন৷৷৫৬৯৷৷

নেদেখয় কেৱে বান্ধৈ কিয় কৰ লাজ৷

নাহি আন পুৰুষ নিৰ্জ্জন বন মাজ৷

তই যেৱে নাসস আপুনি চাপো কোল৷

এহি বুলি লাসে লাসে যান্ত হুয়া ভোল৷৷৫৭০৷৷