|| পদ ||:
হেন মহা দিব্য বন দেখিলন্ত ত্ৰিনয়ন
দিব্য কন্যা এক আছে তাতে৷
কৌটি লক্ষ্মী সম নোহে কটাক্ষে ত্ৰৈলোক্য মোহে
ভণ্টা-খেড়ি খেলে দুয়ো হাতে৷৷
তপ্ত সুৱৰ্ণৰ সম জ্বলে দেহা নিৰুপম
ললিত বলিত হাতপাৱ৷
চক্ষু কমলৰ পাশি মুখে মনোহৰ হাসি
সঘনে দৰশে কামভাৱ৷৷৫৪০৷৷
ঊৰ্দ্ধক ক্ষেপন্ত ভণ্টা কৰন্ত কটাক্ষ ছটা
লীলাগতি দেখাই ফুৰে পাক৷
সোলকে উচ্ছল খোপা খসে পাৰিজাত থোপা
বাম হাতে সম্বৰন্ত তাক৷৷
কৰ্ণত কুণ্ডল লৰে স্তন হলফল কৰে
গলে ৰত্নমালা ঝিকি পাৰে৷
সুৱৰ্ণ কঙ্কণগণ সিও কৰে ৰুণঝুন
প্ৰকাশে হৃদয় হেম হাৰে৷৷৫৪১৷৷
কণ্ঠে লৰে সাতসৰী লয়লাসে কাঢ়ে ভৰি
আগবাঢ়ি পাছ গুচি যান্ত৷
পিন্ধি শাড়ী খোণ্টাজালি যেন মৈৰা কৰে চালি
হৰক কটাক্ষ কৰি চান্ত৷৷
দৰশান্ত কাষ পৃষ্ঠি ক্ষণোহো সমুখ দৃষ্টি
চাহি লাজে যান্ত চক্ষু মুদি৷
ভ্ৰমন্ত অনেক ভাৱে উৰুৱাৱে বস্ত্ৰ বাৱে
উচ্চ কুচকুম্ভ হোৱে উদি৷৷৫৪২৷৷
কঙ্কালে কিঙ্কিণী বাজে চৰণ কমল মাজে
ৰত্নৰ নূপুৰ ৰুণঝুন৷
হালে আতি মধ্যদেশ সংসাৰ মোহিনী বেশ
একো অঙ্গে নাহি খতিখুণ৷৷
মুখ চন্দ্ৰ সম শোভে পদ্মৰ সুৰভি লোভে
বেঢ়ি মধুকৰে কৰে ৰোল৷
শৰীৰৰ লাস বেশ নেত্ৰৰ কটাক্ষ ঠেস
দেখি আতি শম্ভু ভৈলা ভোল৷৷৫৪৩৷৷
পূৰ্ব্ব শত্ৰু হেন জানি কামদেৱে শৰ হানি
মনক মৰ্দ্দিল মহেশৰ৷
নাহি শ্ৰুতি বুদ্ধি জ্ঞান কামানলে দহে প্ৰাণ৭৪
লাজ কাজ এড়িল শঙ্কৰ৷৷
সৱে যোগ ধ্যান গৈল কন্যাক মাতিবে লৈল
প্ৰাণেশ্বৰী চাপ মোৰ পাশ৷৷
আষাৰেক মাত মোক জন্মৰ সফল হোক
দেখি থাকো তোৰ লয়লাস৷৷৫৪৪৷৷
আৰ কি তোমাত বাজ মোক্ষতো নাহিকে কাজ
আৰ কোন ছাৰ স্বৰ্গসুখ৷
তুমি বিনে নাহি আন তুমি মোৰ যোগ ধ্যান
থাকিবো তোমাৰ চাই মুখ৷
নকৰ মানিনী মান মদনে দহয় প্ৰাণ
বোলা বান্ধৈ আশ্বাস আমাক৷
বোলন্ত অনেক বোল কন্যাতেসে হুয়া ভোল
পাসৰিলে পাশতে উমাক৷৷৫৪৫৷৷
যত আছে ভূতগণ কাহাতো নেদন্ত মন
কেৱল কন্যাত মাত্ৰ হিয়া৷
স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্ব্বতী মাৱ
চাপৰি মুখত বস্ত্ৰ দিয়া৷৷
আনো যত অনুচৰ বৈলখিল নিৰন্তৰ
শঙ্কৰৰ দেখি হেন কাম৷
শুনা সামাজিক লোক কলিত সুমতি হোক
ডাক ছাড়ি বোলা ৰাম ৰাম৷৷৫৪৬৷৷