|| পদ ||:
শঙ্কৰৰ হেন বাণী পাৰ্ব্বতী গোসাঁনী শুনি
আনন্দতে শিহৰাইলা গাৱ৷
উঠি কৰযোৰে গৌৰী ফুৰি প্ৰদক্ষিণ কৰি
নমিল শিৱৰ দুই পাৱ৷৷
তুমি প্ৰভু সৰ্ব্বজান দিলা মোক দিব্যজ্ঞান
সাৰ্থক তোমাৰ মঞি জায়া৷
কিনো ভাগ্যৱতী আমি তোমাৰ প্ৰসাদে স্বামী
তৰিবো দুস্তৰ ঘোৰ মায়া৷৷৬০১৷৷
আৱেসে জানিলো সাৰ হৰি ভকতিত পৰ
নিস্তাৰ কৰন্তা আন নাই৷
মিছাতেসে মূঢ়জনে খপে আলজাল মনে
হৰিনামে মোক্ষপদ পাই৷৷
আৰ চিন্তা নাই মোৰ তৰিবো সংসাৰ ঘোৰ
কৌতূহলে হৰিনাম নাৱে৷
এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি
থাকিলন্ত জগতৰ মাৱে৷৷৬০২৷৷
শুক মুনি নিগদতি শুনিয়োক কুৰুপতি
কহিলোহো হৰিৰ চৰিত৷
কপট যুৱতী বেশে যেনমতে হৃষীকেশে
মুহিলন্ত শঙ্কৰৰ চিত্ত৷
দৈত্যৰ মুহিয়া মন যেন মতে নাৰায়ণ
ভুঞ্জাইলা অমৃত দেৱতাক৷
পুছিলা যতেক মানে কহিলো তোমাৰ আগে
সাৱশেষে কৃষ্ণৰ কথাক৷৷৬০৩৷৷
অকপটে যিটোজনে শুনে ভণে একমনে
শুনিয়োক তাৰ যেন ফল৷
খণ্ডয় চৌষষ্ঠি ৰোগ মিলে আসি যত ভোগ
মনোৰথ পূৰয় সকল৷৷
সমস্ত পাপক বাধি আপুনাৰ মোক্ষ সাধি
এক কোটি পুৰুষ উদ্ধাৰে৷
কহো মঞি স্বৰূপত নাহি আন সংসাৰত
হৰিকথা শ্ৰৱণত পৰে৷৷৬০৪৷৷
পৰীক্ষিত হেন জানি চিন্তিয়োক চক্রপাণি
হৰিৰ কথাত কৰা ৰতি৷
সংহৰিয়ো আন কাম জপিয়ো হৰিৰ নাম
ইহ পৰলোকে হৰি গতি৷৷
অশ্বাশ্বত মৰ্ত্ত্য লোক জন্মৰ সফল হৌক
কৰিয়োক হৰিত ভকতি৷
আৰ যেহি মানে লাগে পুছিয়োক মহাভাগে
কহোঁ কৃষ্ণ কথাক সম্প্ৰতি৷৷৬০৫৷৷
নমো নমো দামোদৰ সংসাৰৰ বিঘ্নিহৰ
ভকত অভয় দাতা দেৱ৷
ভাগৱত পদ ছবি ৰচিল শঙ্কৰ কবি
কৃষ্ণৰ চৰণে কৰি সেৱ৷৷
শুনিয়োক সাধুলোক নিন্দা নুবুলিবা মোক
যদি দেখা পদত দূষণ৷
আমি সমস্তৰে শিষ্য জানি কৰা বিমৰিষ
মহন্তৰ ক্ষমাসে ভূষণ৷৷৬০৬৷৷
কৃষ্ণে দিল যেন মতি যেন ৰড়ে সৰস্বতী
বিৰচিলো সেহি অভিপ্ৰায়৷
যতেক চটক দেখা যাৰ যেনমত পাখা
তাৰ অনুৰূপেসে উড়ায়৷৷
শুনা সৰ্ব্বজন তত্ত্ব ইটো মহাভাগৱত
তিনিও লোকৰ সাৰোত্তৰ৷
যত মহাযজ্ঞ দান কোটি কোটি তীৰ্থস্নান
কেহো আৰ নপাৱে ওচৰ৷৷৬০৭৷৷
কৃষ্ণকথা যিবা ভণে যিবা শুনে এক মনে
যমৰ ভাৱনা কৰে চুৰি৷
পুৰুষ উদ্ধাৰ কৰি সংসাৰ সাগৰে তৰি
অন্তকালে যাইবে বিষ্ণুপুৰী৷৷
শঙ্কৰে ৰচিলা গীত আপুনাৰ চিন্তা হিত
শুনা সমজ্যাৰ যত জন৷
এৰি আল-জাল কাম ডাকি বোলা ৰাম ৰাম
সমাপত মহেশমোহন৷৷৬০৮৷৷