|| পদ ||:
যৈত যৈত শঙ্কৰৰ বিন্দু পৰি গৈল৷
ভূমি গুচি তেখনে সুৱৰ্ণময় ভৈল৷৷
যেহি বৃক্ষ লতাক বিন্দুৰ ছটা ছোৱে৷
কাষ্ঠ গুচি তেখনে সুৱৰ্ণময় হোৱে৷৷৫৮২৷৷
তথাপি খেদন্ত হৰ হুয়া উলঙ্গত৷
পাক ফুৰি পাইল গৈয়া বৈকুণ্ঠ নিকট৷৷
পৰিয়া আণ্টাইল যেৱে বিন্দু আছে যত৷
তেৱেসে চেতন ভৈল হৰৰ গাৱত৷৷৫৮৩৷৷
চাপৰি চাহন্ত ছাল নাহিকে কটিত৷
লাজে অধোমুখ হুয়া বসিল মাটিত৷৷
পাছে ব্ৰহ্মজ্ঞান চিন্তি চিত্ত স্থিৰ কৰি৷
নাক কাণ ছুয়া সুমৰন্ত ৰাম হৰি৷৷৫৮৪৷৷
মদনৰ পীড়াক এৰিয়া মহাযোগী৷
ব্যাধিৰ সকাশ পাইল যেন চিৰৰোগী৷৷
গ্ৰহ গুচি গৈলে যেন স্বস্থ হোৱে সূৰ্য্য ৷
মনত গুণন্ত বসি জগতৰ পূজ্য৷৷৫৮৫৷৷
মোৰ কাজে আজি হসুৱাইলো ত্ৰিভুৱন৷
কেনমতে পতিয়াইবো পাৰ্ব্বতীৰ মন৷৷
বুলিবেক ফুৰিলা কাহাৰ নাৰী সঙ্গে৷
গৃহত পশিবে বান্ধৈ নেদিবন্ত খঙ্গে৷৷৫৮৬৷৷
লঘু ভৈলো মাধৱৰ নুগুনিলো হাক৷
উমাৰ আগত চাটু বুলিলো কন্যাক৷৷
এৱে কেনমতে তান আগে হৈবো থিয়৷
কৰন্ত অশেষ চিন্তা দেৱ সদাশিৱ৷৷৫৮৭৷৷
বিচাৰি চাহিলে দোষ নাহিকে আমাৰ৷
যাৰ মায়াপাশে বদ্ধ সকলে সংসাৰ৷৷
হেন হৰি মুহিলা আপুনি নাৰী হুই৷
আত অনুশোচ আৱে কৰো কোন মুই৷৷৫৮৮৷৷
কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি৷
এগোটা ডিম্বৰ মঞি ৰুদ্ৰ এক গুটি৷৷
যাহাৰ অঙ্গত চৰাচৰ ভৈল বাজ৷
হেন হৰি মুহিলা ইহাত কোন লাজ৷৷৫৮৯৷৷
বিষ্ণুৰ আগত মঞি পৰম অজ্ঞানী৷
জিনিলো মায়াক বুলিলোহো গৰ্ব্ববাণী৷৷
ইসে অহঙ্কাৰে কৰে হৃদয়ত তাপ৷
হৰি হৰি স্মৰণে খণ্ডোক ইটো পাপ৷৷৫৯০৷৷
এহি বুলি মৌন ভৈল দেৱতা ঈশান৷
কৰিবে লাগিল মনে মাধৱক ধ্যান৷৷
শুনা সৰ্ব্বজন মন কৰা উপশাম৷
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷৫৯১৷৷