|| পদ ||:
অনন্তৰে দেৱহৰি দুনাই নিজ ৰুপ ধৰি
শঙ্কৰৰ আগে উপসন৷
মুখে কৰি অল্পহাসি হৰক সম্বোধি আসি
বুলিলন্ত প্ৰশংসা বচন৷৷
শুনা শুনা শূলপাণি জানো তুমি মহাজ্ঞানী
তৰিলা দুস্তৰ মায়া ঘোৰ৷
তুমিসে তত্ত্বক জানা নাহি আৰ তুমি বিনা
আউৰ পৰম প্ৰিয় মোৰ৷৷৫৯২৷৷
শুনা শুনা জ্ঞানশালী তোমাৰেসে বাক্যপালি
দেখাইলো দুস্তৰ স্ত্ৰী-মায়া৷
আত নকৰিবা খেদ কিঞ্চিতো নাহিকে ভেদ
তোমাৰে আমাৰে একে কায়া৷৷
শুনা ভূতনাথ হৰ তুষ্ট হুয়া দেঞো বৰ
হৌক মায়া তোমাৰ অধীন৷
সুখে থাকি নিজ থানে মহাকল্প অৱসানে
মোৰ শৰীৰতে যাইবা লীন৷৷৫৯৩৷৷
এহি বুলি বনমালী শঙ্কৰক আঙ্কোৱালি
সমজ্যাক নিলন্ত সাদৰি৷
কৰিলন্ত সতকাৰ দিব্য বস্ত্ৰ অলঙ্কাৰ
পাৰ্ব্বতীকো দিলা মান্য কৰি৷৷
আনো যত ভূতগণ তুষিলা সৱাৰো মন
কৰিলন্ত যথোচিত কাম৷
পাছে হৰে মহাতুষ্টি পাৰ্ব্বতী সহিতে উঠি
দণ্ডৱতে কৰিলা প্ৰণাম৷৷৫৯৪৷৷
বিষ্ণুত মেলানি মাগি লৰিল গৃহক লাগি
ভাৰ্য্যায়ে সহিতে শূলধৰ৷
চড়িয়া বৃষভ ৰথে শীঘ্ৰে আকাশৰ পথে
আৰোহিলা কৈলাস শিখৰে৷৷
বসিল সমাজ পাতি বোলন্ত উমাক মাতি
আপুনি দেখিলা প্ৰাণজায়া৷
ভৈলোহো বাতুল প্ৰায় মোৰ শ্ৰুতি বুদ্ধি নাই
কিনো নকৰিলে বিষ্ণুমায়া৷৷৫৯৫৷৷
মঞি জগতৰ পতি মোৰ ভৈল হেন গতি
আন কোনে থিৰ হৈবে আত৷
হেন জানা স্বৰূপত চৰাচৰ আছে যত
সৱে বন্দী বিষ্ণুৰ মায়াত৷৷
সহস্ৰ বৎসৰ মানে আছিলোহো যোগধ্যানে
দেখি তুমি পুছিলা আমাক৷৷
গাৱে ভষ্ম জটা ধৰি অনেক তপস্যা কৰি
আউৰ তুমি আৰাধাহা কাক৷৷৫৯৬৷৷
এড়ি লোভ ক্রোধ কাম কাহাৰ জপাহা নাম
আউৰ আছন্ত কোন দেৱ৷
তোমাত কহিলো আমি আছন্ত জগত স্বামী
সুৰাসুৰে যাক কৰে সেৱ৷৷
প্ৰত্যেকে দেখিলা আজি যাহাৰ মায়াত বাজি
মোহ হুয়া এৰিলোহো লাজ৷
কামবাণে ভৈলো আউল চেঞ্চাই ফুৰো যেন বাউল
হসুৱাইলো বৈকুণ্ঠ সমাজ৷৷৫৯৭৷৷
কপট যুৱতী বেশে মুহিলন্ত হৃষীকেশে
পাসৰিলো তোমাক পাশত৷
কন্যাক ফুৰিলো খেদি গিৰি গুহা বন নদী
অনেক ঋষিৰ আশ্ৰমত৷৷
নেদেখিলে কৈৰ লোক কোনে নহাসিলে মোক
লঘু হুইবে নথাকিল ঠাই৷
এভু মোৰ কাম্পে হিয়া হেন জানি প্ৰাণপ্ৰিয়া
হৰিৰ মায়াত বড় নাই৷৷৫৮৯৷৷
যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ
হৰিত পৃথক কেহো নোহে৷
যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন
হৰিৰ মায়ায়ে তাক মোহে৷৷
হৰিসে পৰম দেৱ হৰিকেসে কৰো সেৱ
স্ৰজন্তা পালন্তা দেৱ হৰি৷
হৰিনাম হিয়ে ধৰি হৰিনাম সদা স্মৰি
তেৱেসে হৰিৰ মায়া তৰি৷৷৫৯৯৷৷
হেন জানি তুমি দেৱী হৰিৰ চৰণ সেৱি
এৰা লোভ মোহ ক্রোধ কাম৷
নকৰিয়ো জন্ম বৃথা শুনা সদা হৰিকথা
কৰিয়ো কীৰ্ত্তন হৰিনাম৷৷
হৰিৰ চৰণ মনে চিন্তিয়োক সৰ্ব্বক্ষণে
কৰিয়ো ভকতি ভালমতে৷
তেৱেসে সংসাৰ তৰি হৰিৰ প্ৰসাদে গৌৰী
পাইবা মোক্ষ মোহোৰ লগতে৷৷৬০০৷৷