|| পদ ||:
শুক মুনি বোলন্ত শুনিয়ো ৰাজা পাছে৷
হৰক নমাতি কন্যা এহিমতে আছে৷৷
খেলাৱন্তে খেড়ি হাতৰ পৰা পৰি
গৈল বেগে গুটি কতো দূৰক উফৰি৷৷৫৪৭৷৷
তাক খেদি যান্তে কন্যা বেগ ধৰি ধাই৷
কটিৰ বস্ত্ৰক বায়ু নিলে উৰুৱাই৷৷
ভৈল তনু উদাস বেকত গুপ্ত অঙ্গ৷
লাজে আণ্ঠু সাৱটি কৰন্ত অঙ্গ ভঙ্গ৷৷৫৪৮৷৷
হুয়া কুঁজী জুমুৰী অঙ্গক হাতে ঢাকি৷
লাজে চকু মুদি কতো অধোমুখে থাকি৷৷
আঁৰ হুইবে লাগি ওচৰত নাহি গাছ৷
হাস্য কৰি কতো টেৰ কৰি চান্ত পাছ৷৷৫৪৯৷৷
দৰশান্ত ভাৱ শঙ্কৰৰ মোহ হেতু৷
দেখিল কন্যাৰ গুপ্ত অঙ্গ বৃষকেতু৷৷
ভৈলন্ত বিমোহ মন মদনে দহয়৷
পাৰ্ব্বতীক লাগি এৰিলন্ত লাজ ভয়৷৷৫৫০৷৷
বহ্নিৰ সংযোগে যেন উথলিল ঘৃত৷
দুঃসহ মদন শৰে চিত্ত জৰ্জ্জৰিত ৷৷
একো নেদেখন্ত কামাতুৰ ভৈলা বৰ৷
কন্যাক ধৰিবে লাগি দিলেক লৱৰ৷৷৫৫১৷৷
খটমট কৰি বাজে গলে মূণ্ডমাল৷
কঙ্কালৰ সুলকি পৰিল বাঘছাল৷৷
ভৈলন্ত উলঙ্গ তাকো নচান্ত চাপৰি৷
দেখি পলাইবাক লৈলা কন্যায়ো লৱৰি৷৷৫৫২৷৷
হাসি লাজে আঁৰ হোন্ত ইগাছে সিগাছে৷
ভোল হুয়া শঙ্কৰো খেদন্ত পাছে পাছে৷৷
হস্তিনীক যেন মত্ত হস্তী যায় খেদি৷
পলান্ত সুন্দৰী শঙ্কৰক লাগ নেদি৷৷৫৫৩৷৷
প্ৰাণ যায় শঙ্কৰৰ কাম উতপাতে৷
মহাবেগে খোপাত ধৰিলা বামহাতে৷৷
ৰহ প্ৰাণেশ্বৰী বুলি কৰি আলিঙ্গন৷
মহাকাম ভোলে দিল মুখত চুম্বন৷৷৫৫৪৷৷
আৰি-মুৰি কৰে কন্যা নথাকে থমকি৷
বাহুৰ মাজৰ পৰা পৰিল হুসকি৷৷
দুনাই লৱৰ দিল বিমুকুত কেশে৷
পাছত খেদন্ত হৰে উলঙ্গত বেশে৷৷৫৫৫৷৷
পাকত আন্তৰি যান্ত শৰীৰ দেখাই৷
কতো আঁৰ হোন্ত কন্যা হাসি মুচুকাই৷৷
ক্ষণো ঘন স্তন ভাৰ ছলে দেখাই যান্ত৷
ৰহ প্ৰাণেশ্বৰী বুলি শঙ্কৰে চেঞ্চান্ত৷৷৫৫৬৷৷
নাহি শ্ৰুতি বুদ্ধি যেন বাতুল লক্ষণ৷
নাৰীময় দেখন্ত সমস্তে বৃক্ষগণ৷৷
দাৰুণ মদন বাণে কৰে লটিঘটি৷
কন্যা বুলি ধৰিলন্ত বৃক্ষক সাৱটি৷৷৫৫৭৷৷