|| পদ ||:
নমো নমো মাধৱ বিধিৰ বিধিদাতা৷
তুমি জগতৰ গতি মতি পিতা মাতা৷৷
তুমি পৰমাত্মা জগতৰ ঈশ এক৷
একো বস্তু নাহিকে তোমাত ব্যতিৰেক৷৷৫১৯৷৷
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ৷
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ৷৷
তুমি পশুপক্ষী সুৰাসুৰ তৰু তৃণ৷
অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন৷৷৫২০৷৷
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে৷
তুমি আত্মা তোমাক নজানে একোজনে৷৷৫৯
সমস্ত ভূতৰ তুমি আছা হৃদয়ত৷
তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত৷৷৫২১৷৷
তুমিসে কেৱল সত্য মিছা সৱে আন৷
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান৷৷
নবাঞ্ছোহো সুখভোগ নলাগে মুকুতি৷
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি৷৷৫২২৷৷
মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা৷
হৃদয়ত পাদপদ্ম থাকোক সৰ্ব্বথা৷৷
সজ্জনৰ সঙ্গ নুগুচোক সৰ্ব্বক্ষণে৷
এতেক প্ৰসাদ মাগো তোমাৰ চৰণে৷৷৫২৩৷৷
শুনা যি কাৰণে আইলো গোচৰ আমাৰ৷৷
দেখি আছো তোমাৰ অনেক অৱতাৰ৷৷
সম্প্ৰতি ধৰিলা প্ৰভু যেন নাৰীৱেশ৷
তাক দেখিবাক লাগি আইলো হৃষীকেশ৷৷৫২৪৷৷
যিটো নাৰীৱেশ ধৰি মুহিলা দানৱ৷৷
দেৱৰ অমৃত পান সাধিলা মাধৱ৷৷
সেহি নাৰীৱেশ দেখিবাক অভিলাষে৷
কৌতূহলে সভাৰ্য্যে আসিলো তযু পাশে৷৷৫২৫৷৷
ভৃত্য হেন জানি যদি মোক আছে দায়া৷
দেখায়ো আমাক কেনমত তিৰীমায়া৷৷
ভকতৰ মনোৰথ কৰিয়ো পূৰণ৷
হেন শুনি হাসি মাতিলন্ত নাৰায়ণ৷৷৫২৬৷৷
দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ৷
সিকাৰণে শঙ্কৰ ধৰিলো নাৰীৱেশ৷৷
কামুকজনৰ তাত মহা কৌতূহল৷
তুমি মহাযোগীৰ দেখিবে কোন ফল৷৷৫২৭৷৷
ঘোৰ নাৰী-মায়া সৰ্ব্ব মায়াতে কুৎসিত৷
মহা সিদ্ধ মুনিৰো কটাক্ষে হৰে চিত্ত৷৷
দৰশনে কৰে তপ জপ যোগ ভঙ্গ৷
জানি জ্ঞানীগণে এড়ে কামিনীৰ সঙ্গ৷৷৫২৮৷৷
সিটো স্ত্ৰী-ৰূপক দেখিবা কোন কাজে৷
তুমি ভোল ভৈলে হাসিবেক সামৰাজে৷৷
এতেকেসে বোলো ক্ষমা কৰা পশুপতি৷
হেন শুনি হাসি হৰে হৰিত বদতি৷৷৫২৯৷৷
মহাযোগবলে শুদ্ধ কৰি আছো কায়া৷
ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া৷৷
দহি আছো মদনক আউৰ শঙ্কা নাই
মাধৱে মাতিলা হাসি শঙ্কৰক চাই৷৷৫৩০৷৷
দেখাইবো তোমাক আজি সেহি তিৰীবেশ৷
এহি বুলি অন্তৰ্দ্ধান ভৈলা হৃষীকেশ৷৷
আগত নাহিকে হৰি ভৈলা কোন ভিতি৷
চতুৰ্ভিতি চান্ত হৰে পাৰ্ব্বতী সহিতি৷৷৫৩১৷৷
বিদূৰক লাগি চান্ত উঠি হুয়া থিয়৷
চাপৰি চাহন্ত নেত্ৰ বলাই সদাশিৱ৷৷
উঠন্ত বৈসন্ত মাত্ৰ কৰে উসমিস৷
কৈক গৈল কৃষ্ণ একো নপান্ত উদ্দিশ৷৷৫৩২৷৷
এহিমতে চান্ত হৰে আকুলিত ভাৱে৷
ভণিল শঙ্কৰে গোৱিন্দৰ দুই পাৱে৷৷
শুনা সৰ্ব্বজনে মহাভাগৱত পদ৷
বোলা হৰি হৰি ডাকি ছাড়োক আপদ৷৷৫৩৩৷৷