হৰমোহন : ৩য় কী : জয় জয় ৰাম....

|| ঘোষা ||: 

জয় জয় ৰাম জয় ছিৰীৰাম

জয় সনাতন হৰি৷৷৪৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

পাছে ত্ৰিনয়ন দিব্য উপবন

দেখিলন্ত বিদ্যমান৷

ফল ফুল ধৰি জকমক কৰি

আছে যত বৃক্ষমান৷৷

শিৰীষ সেউতী তমাল মালতী

লৱঙ্গ বাগি গুলাল৷

কৰবীৰ বক কাঞ্চন চম্পক

ফুলভৰে ভাঙ্গে ডাল৷৷৫৩৪৷৷

শেৱালি নেৱালি পলাশ পাৰলি

পাৰিজাত যূতি জাঁই৷

বকুল বন্দুলি আছে ফুলি ফুলি

তাৰো সীমা সংখ্যা নাই৷৷

কনৌৰ কনাৰী কদম্ব বাবৰি

নাগেশ্বৰ সিংহচম্পা৷

অশোক অপাৰ দৱনা মন্দাৰ

মণিৰাজ ৰাজচম্পা৷৷৫৩৫৷৷

কুন্দ কুৰুবক কেতেকী তগৰ

গন্ধে মোহে বহুদূৰ৷

গুটিমালী ভেণ্টি ৰাঙ্গল ৰেৱতী

মৰুৱা মধাই ধস্তুৰ৷৷

চন্দন অগৰু দিব্য কল্পতৰু

দেৱদাৰু পদ্মবচি৷

প্ৰতি গাছে গাছে ভিণ্ডা বান্ধি আছে

সুৱৰ্ণ মাণিকে খচি৷৷৫৩৬৷৷

মণি মৰকত থলী নানা মত

দীপ্তি কৰে তাৰ কাছে৷

মহা মনোহৰ দীঘি সৰোবৰ

তাৰ মাজে মাজে আছে৷৷

চাৰিও কাষৰে পৱাল বাখৰে

বান্ধিছে বিচিত্ৰ কৰি৷

বৈদূৰ্য্যৰ বাট স্ফটিকৰ ঘাট

মৰকত খাটখৰি৷৷৫৩৭৷৷

সুৱৰ্ণ কমল ভেট উতপল

ফুলি ফুলি আছে ৰঞ্জি৷

শোভে চক্রৱাক ৰাজহংস জাক

মৃণাল ভুঞ্জে উভঞ্জি৷৷

কোণ্ঢা কঙ্ক বক বিবিধ চটক

ভ্ৰমন্ত নিৰ্ভয়ভাৱে৷

অমৃত সমান জল কৰি পান

তেজে সুললিত ৰাৱে৷৷৫৩৮৷৷

চাৰিও পাৰত দিব্য পুষ্প যত

গন্ধে দশোদিশ ভাসে৷

অনেক ভ্ৰমৰে বেঢ়িয়া গুঞ্জৰে

মধুপান অভিলাষে৷৷

যত দিব্য পক্ষী ফল ফুল ভক্ষি

কাঢ়য় সুস্বৰ ৰাৱ৷

কুহু কুহু ধ্বনি কোকিলৰ শুনি

বহয় মলয়া বাৱ৷৷৫৩৯৷৷