|| পদ ||:
গোপশিশু সঙ্গে গৈলা বঝাই৷
আগত গোধন বংশী বজাই৷৷
চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ৷
পাইলা যমুনাৰ তীৰৰ লক্ষ্য৷৷৭৬২৷৷
কালিৰ হদক তাক নজানি৷
তৃষাত সৱে পিলা বিষপানী৷৷
দাৰুণ বিষৰ লাগিল জাল৷
মৰিল সৱে বৎস-বৎসপাল৷৷৭৬৩৷৷
দেখিয়া কৃষ্ণে অসন্তোষ পাইলা৷
অমৃত নয়নে চায়া জীয়াইলা৷৷
কালিক দমিবে কৰি যতন৷
কটিত বান্ধিলা পীত বসন৷৷৭৬৪৷৷
উঠিল উচ্চ কদম্বৰ গাছে৷
হ্ৰদৰ মাজে জাম্প দিলা পাছে৷৷
ঢউ উঠলিল খলকি হ্ৰদ৷
দশোদিশে গৈলা তাৰ শৱদ৷৷৭৬৫৷৷
জলক্রীড়া কৰা বাহু আস্ফালি৷
দেখি ক্রোধে খেদি আসিলা কালি৷৷
তনু সুকুমাৰ জলদ শ্যাম৷
প্ৰকাশে পীত বস্ত্ৰে অনুপাম৷৷৭৬৬৷৷
কমললোচন মুখ প্ৰসন্ন৷
মুকুতাৰ শাৰী সম দশন৷৷
উন্নত নাসা মুখে মন্দ হাস৷
কণ্ঠত কৌস্তভ কৰে প্ৰকাশ৷৷৭৬৭৷৷
হিয়াত জিলিমিলি কৰে কান্তি৷
মধ্যত জ্বলে শ্ৰীবৎসৰ পান্তি৷৷
আজানুলম্বিত বাহু দুখান৷
চাৰু উৰু কৰ কটি সুঠাম৷৷৭৬৮৷৷
জঙ্ঘা দুইক দেখি মিলে সন্তোষ৷
দুখানি পাৱ নৱ পদ্মকোষ৷৷
আনন্দে জলক ফুৰা আস্ফালি৷
মৰ্ম্মস্থলে আসি দংশিলা কালি৷৷৭৬৯৷৷
নজানি তোমাৰ বল প্ৰভাৱ৷
লাঞ্জে মেঢ়াইলেক সমস্ত গাৱ৷৷
বিষ লাগি পৰি থাকিলা ঘুমি৷
মনুষ্য চেষ্টাক দেখায়া তুমি৷৷৭৭০৷৷
দেখি শিশুসৱ মৰিল প্ৰায়৷
ধেনুগণে আউৰ তৃণ নখায়৷৷
কৃষ্ণক চাহিয়া থাকিল ৰহি৷
চক্ষুৰ লোহ ধাৰে যায় বহি৷৷৭৭১৷৷
আতি উতপাত দেখি গোকুলে৷
গোপগোপীজাক সমস্তে বোলে৷৷
জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল৷
কৃষ্ণৰ আজি তৈতে কিবা ভৈল৷৷৭৭২৷৷
নন্দ যশোদা বিয়াকুল মনে৷
কৃষ্ণক চাহিবে পশিলা বনে৷৷
লগতে চলে গোপগোপীজাক৷
হা কৃষ্ণ বুলি চাড়ন্তে ডাক৷৷৭৭৩৷৷
ধ্বজ বজ্ৰ যৱ অঙ্কুশ চাই৷
কৃষ্ণৰ খোজ নিহালন্তে যায়৷৷
পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত৷৷
কৃষ্ণৰ খোজত পৰন্তে যান্ত৷৷৭৭৪৷৷
বেঢ়িয়া গোপ-গোপী নেয় ধৰি৷
দেখিল পাচে পৰি আছে হৰি৷৷
জলৰ মাজে মৃতকৰ বেশ৷
নকৰন্ত আৰ চক্ষু নিমেষ৷৷৭৭৫৷৷
দেখি গোপ গোপী সম্যকে মৰিল৷
প্ৰাণ অন্তৰীক্ষ চেতন হৰিল৷৷
কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি৷
কান্দে যমুনাৰ তীৰক বেঢ়ি৷৷৭৭৬৷৷
যশোদা সুন্দৰী নন্দ গোৱালে৷
পৰন্ত লোটাৰি পৰি নিঢালে৷৷
কি ভৈল পুত্ৰ বুলি উকি দিয়া৷
দুহাতে ঝাৱলে ঢাকুৰে হিয়া৷৷৭৭৭৷৷
কৃষ্ণৰ সুন্দৰ বদন চাই৷
যশোদা কান্দন্ত গুণ বৰ্ণাই৷৷
গধূলি কোনে যাইবে বংশী বাই৷
কোনে মোক গৈয়া বুলিবে আই৷৷৭৭৮৷৷
ধূলা জাৰি কাক কৰাইবো স্নান৷
কোনে কৰিবেক গোৰস পান৷৷
কাক বিছাই দিবো শীতল তুলী৷
ডাকিবো কাক জাগা কৃষ্ণ বুলি৷৷৭৭৯৷৷
সুন্দৰ বদনে বজায়া বেণু৷
প্ৰভাতে কোনে চৰাইবেক ধেনু৷৷
কি ভৈল আজি কৃষ্ণ মোৰ বাপ৷৷
মৰিও নেৰাইবো তোৰ সন্তাপ৷৷৭৮০৷৷
এহি বুলি কান্দে কৃষ্ণক চাই৷
যশোদা নন্দে ঝাম্প দিবে যায়৷৷
দেখি বলভদ্ৰে বাধিলে হাসি৷
এখনে আসিব কালিক নাশি৷৷৭৮১৷৷
কৃষ্ণক লাগিয়া এৰা ক্রন্দন৷
হেন শুনি সৱে জুৰাইল মন৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷৭৮২৷৷