|| পদ ||:
ভৈল হ্ৰদ সিটো নিৰ্ম্মল জল৷
দেখিয়া সৱে ভৈল কৌতূহল৷৷
সপুত্ৰ বান্ধৱে গুচাইলা কালি৷
তীৰক পাছে গৈলা বনমালী৷৷৭৯৫৷৷
দেখিয়া যশোদা ধৰিলা গলে৷
পুত্ৰ পুত্ৰ বুলি নেত্ৰৰ জলে৷৷
তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ৷
নন্দে ধৰি আসি ঘ্ৰাণিলা শিৰ৷৷৭৯৬৷৷
কৃষ্ণক আলিঙ্গি আনন্দ পাইল৷
নাছিল প্ৰাণ দুনাই যেন আইল৷৷
বেঢ়ি গোপগোপী চাৱে নিৰেখি৷
জুৰাইলা শৰীৰ কৃষ্ণক দেখি৷৷৭৯৭৷৷
ভাই বুলি বলো সাবটি আসি৷
প্ৰভাৱ জানিয়া তুলিলা হাসি৷৷
এহিমতে সৱে এৰায়া শোক৷
ৰজনী ভৈল জানি সৱে লোক৷৷৭৯৮৷৷
যমুনা তীৰত বঞ্চিলা ৰাতি৷
ক্ষুধায়ে তৃষায়ে পীড়িল আতি৷৷
ঘুমটি গৈল হাৰাশাস্তি হুই৷
বেঢ়িয়া বনত লাগিল জুই৷৷৭৯৯৷৷
অগনিৰ তাপে পাইলেক গাক৷
জাগিল সৱে গোপগোপী জাক৷৷
বহ্নিক দেখি ভৈল সৱে ত্ৰাস৷
ত্ৰাহি কৃষ্ণ বুলি পাৰে আটাস৷৷৮০০৷৷
বহ্নিত সৱে পুৰি মৰো আমি৷
প্ৰাণ দান দিয়া জগতস্বামি৷৷
তুমি বিনা আন নাই বান্ধৱ৷
ভকতজনক ৰাখা মাধৱ৷৷৮০১৷৷
এহি বুলি সৱে কৰে কোৰ্হাল৷
বান্ধৱৰ দুঃখ দেখি গোপাল৷৷
ভয় নাই বুলি আপুন মুখে৷
পিলা বনাগ্নিক পৰম সুখে৷৷৮০২৷৷
এৰাইলা সমস্তে দুৰ্ঘোৰ ভয়৷
অনন্তৰে ভৈলা সূৰ্য্য উদয়৷৷
কৃষ্ণৰ কৰ্ম্ম আতি আচৰিত৷
বিস্ময় দেখি সমস্তৰে চিত্ত৷৷৮০৩৷৷
নোহন্ত মানুষ নন্দ তনয়৷
পৰম পুৰুষ জানি নিশ্চয়৷৷
পাছে গোপগোপী কৃষ্ণক বেঢ়ি৷
গোষ্ঠক লৰিল কৰন্তে খেড়ি৷৷৮০৪৷৷
কৃষ্ণগীত গান্ত বজায়া বেণু৷
কৰিলেক আগ যতেক ধেনু৷৷
গোপীসৱে কৃষ্ণ চৰিত্ৰ গাইল৷
পৰম আনন্দে ব্ৰজক পাইল৷৷৮০৫৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়৷
কেতিক্ষণে পৰে ক্ষণিক কায়৷৷
জানিয়া কৃষ্ণৰ চৰণে ধৰি৷
সমস্ত সমাজে ঘুষিয়ো হৰি৷৷৮০৬৷৷