|| পদ ||:
ভকতৰ দুখ দেখি গোপাল৷
আস্ফোট কৰি দিলা উৰুফাল৷৷
সৰ্পৰ বন্ধ এৰাই জগন্নাথে৷
ডেৱে চড়িলন্ত কালিৰ মাথে৷৷৭৮৩৷৷
শতেক শিৰত নাচন্ত হৰি৷
বাৱে বিদ্যাধৰে মৃদঙ্গ ধৰি৷৷
গন্ধৰ্ব্বে গীত গায়া বাৱে তাল৷
পৰম আনন্দে নাচা গোপাল৷৷৭৮৪৷৷
জগত আধাৰ তোমাৰ ভিৰে৷
নাকে মুখে দুখে ছাদে ৰুধিৰে৷৷
স্বামী মৰে দেখি নাগিনী লোকে৷
শিশু আগ কৰি আসিল শোকে৷৷৭৮৫৷৷
পৰিল ভূমিত কৃষ্ণৰ আগে৷
কৰিয়া স্তুতি স্বামীদান মাগে৷৷
কৰিল দোষ স্বামী ইটো চণ্ড৷
বিহিলা ইহাৰ উচিত দণ্ড৷৷৭৮৬৷৷
দুৰ্জ্জন জনৰ চিন্তিবা মাৰ৷
সেহিসে কাৰ্য্যে তযু অৱতাৰ৷৷
পাতকী সৰ্পজাতি দুৰাশয়৷
তোমাৰ দণ্ডে পাপ ভৈল ক্ষয়৷৷৭৮৭৷৷
কৰিলা দায়া দায়াশীল হৰি৷
তোমাৰ ক্রোধ বৰয়েৰে সৰি৷৷
পূৰ্ব্বত কিনো তপ আছে কৰি৷
যাহাত তুমি তুষ্ট ভৈলা হৰি৷৷৭৮৮৷৷
যিহেতু হেন ভৈল ভাগ্যোদয়৷
তোমাৰ পাইলে পদধূলাচয়৷৷
যাহাক লক্ষ্মীদেৱী বাঞ্ছা কৰি৷
আচৰিলা তপ ব্ৰতক ধৰি৷৷৭৮৯৷৷
যিটো পদৰজ ভকতে পাই৷
এৰে সাৰ্ব্বভৌম পদতো দায়৷৷
স্বৰ্গ ব্ৰহ্মপদে নকৰে বাঞ্ছা৷
নকৰন্ত যোগ সিদ্ধিকো ইছা৷৷৭৯০৷৷
মোক্ষতো অভিলাষ নাহি হৰি৷
তোমাৰ চৰণ-ৰেণুক এৰি৷৷
পৰম ক্রোধী হুয়া ত্ৰূৰমতি৷
হেন পদধূলা পাইলেক পতি৷৷৭৯১৷৷
নপান্ত ব্ৰহ্মা আদি দেৱে যাক৷
হেন জানি নাথ ৰাখা ইহাক৷৷
চৰণে প্ৰণামো হুয়ো সন্তোষ৷
বাৰেক আৰ মৰষিয়ো দোষ৷৷৮৯২৷৷
কৰিয়ো দায়া প্ৰভু এৰে প্ৰাণ৷
অনাথ স্ত্ৰীক দিয়ো স্বামীদান৷৷
কৰিলা অনেক স্তুতি ভকতি৷
শুনি তুষ্ট ভৈলা জগতপতি৷৷৭৯৩৷৷
প্ৰাণে নমাৰিলা তাতেসে থাকি৷
কালিক খেদাইলা হদৰ ডাকি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
হৰি হৰি বোলা সমস্তজনে৷৷৭৯৪৷৷