|| পদ ||:
কেশীক বধিয়া আছন্ত হৰি৷
বৰিষে পুষ্প দেৱে স্তুতি কৰি৷৷
সেহিবেলা আসি নাৰদ ঋষি৷
কৃষ্ণক বুলিলা মহা হৰিষি৷৷১০২৫৷৷
হে কৃষ্ণ কৃষ্ণ প্ৰণামো আমি৷
সমস্ত ভূতৰ আতমা স্বামী৷৷
পুৰাণ পুৰুষ ঈশ্বৰ সাক্ষী৷
সমস্ত সৃষ্টিক আছাহা ৰাখি৷৷১০২৬৷৷
ভকতজনৰ ৰক্ষাৰ হেতু৷
দুষ্টক নাশিলা গৰুড়কেতু৷৷
কেশীবধ শুনি মিলিল ৰঙ্গ৷
হ্ৰেষণি শুনি দেৱে দেয় ভঙ্গ৷৷১০২৭৷৷
স্বৰ্গত থাকিবে নোৱাৰে কেৱ৷
কেশীক বধিয়া তাৰিলা দেৱ৷৷
প্ৰভাতে কালি মথুৰাক যাইবা৷
ধোবাক মাৰিয়া ধনু ভাঙ্গিবা৷৷১০২৮৷৷
চাণূৰ মুষ্টিক প্ৰমুখ্যে মাল৷
কুৱলয়পীড় হস্তী বিশাল৷৷
কংসক বধিবা জগত স্বামী৷
পৰশুই দিনা দেখিবো আমি৷৷১০২৯৷৷
কালযৱনক নৰকাসুৰ৷
মাৰিবাহা পঞ্চজন অসুৰ৷৷
কৰিবা বিহা কন্যা ভগৱন্ত৷
নৃগৰ শাপক কৰিবা অন্ত৷৷১০৩০৷৷
সত্যভামা সমে স্যমন্তমণি৷
পাইবা প্ৰভু জাম্বৱন্ত জিনি৷৷
মৃতক পুত্ৰক দিয়া বিপ্ৰক৷
লীলায়ে বধিবা নৃপ পৌণ্ড়্ৰক৷৷১০৩১৷৷
কেশীক বধি কৰি বুন্দামাল৷
মাৰিবা দন্তবক্র শিশুপাল৷৷
পাণ্ডৱৰ হাতে সমৰ জিনি৷
মৰাইবা অষ্টাদশ অক্ষৌহিণী৷৷১০৩২৷৷
কৰিবা কৰ্ম্ম যত দ্বাৰকাত৷
দেখিবো আনন্দে থাকি তথাত৷
কেৱল জ্ঞানমূৰ্ত্তি তুমি স্বামী ৷
তোমাত শৰণ পশিলো আমি৷১০৩৩৷৷
পৰম পুৰুষ সন্তৰ গতি৷
যদুশ্ৰেষ্ঠ হেৰা কৰো প্ৰণতি৷৷
আনন্দে নাৰদে এতেক কই৷
গৈলন্ত কৃষ্ণত মেলানি লই৷৷১০৩৪৷৷
গোৱিন্দো কেশী অসুৰক মাৰি৷
ব্ৰজৰ আনন্দ বঢ়ায়া হৰি৷৷
থাকিলা কৃষ্ণে নানা লীলা কৰি৷
সমস্ত সমাজে বুলিয়ো হৰি৷৷১০৩৫৷৷