|| পদ ||:
শিৰে প্ৰণামি পাছে দানপতি৷
কৰিবে লাগিলা কৃষ্ণক স্তুতি৷৷
নমো নাৰায়ণ কৰোহো সেৱ৷
স্ৰষ্টাৰো স্ৰষ্টা তুমি আদি দেৱ৷৷১০৯৩৷৷
তোমাৰ নাভিত ভৈলন্ত বিধি৷
যাত হন্তে ভৈল সৃষ্টি সিদ্ধি৷
যত পঞ্চভূত ইন্দ্ৰিয় দেৱ৷
তোমাৰ ৰূপক নজানে কেৱ৷৷১০৯৪৷৷
নজানি লোকে আনদেৱ পূজে৷
সিয়ো বিধিহীনে তোমাক যজে৷
যেহেন নদ নদী সমুদায়৷
অনেক পথে সাগৰক যায়৷৷১০৯৫৷৷
মায়ায়ে মোহিত সৱাৰো মন৷
তোমাৰ নিচিন্তে কেৱে চৰণ৷৷
যাৰ নষ্ট হুইবে সংসাৰ বন্ধ৷
তোমাৰ ভক্তিতে তাৰ প্ৰৱন্ধ৷৷১০৯৬৷৷
ৰূপ দেখাই মোক কৰিলা দায়া৷
জানিলো এৰাইল সংসাৰ মায়া৷৷
নমো হৃষীকেশ জগতপতি৷
তুমি বিনা নাই আমাৰ গতি৷৷১০৯৭৷৷
কৰিলা অনেক স্তুতি বিনয়ে৷
নকৈলো পদ বিস্তৰক ভয়ে৷৷
জলত পাছে দেখা দিয়া হৰি৷
ভৈলা অন্তৰ্দ্ধান ৰূপ সংহৰি৷৷১০৯৮৷৷
বিষ্ণুক নেদেখি পাছে অত্ৰূৰে৷
জলৰ উঠিল আতি সত্বৰে৷৷
মধ্যাহ্ন সন্ধ্যা কৰি মহাশয়৷
গৈলন্ত ৰথক হুয়া বিস্ময়৷৷১০৯৯৷৷
অত্ৰূৰত হৰি সোধন্ত হাসি৷
বিস্ময় ভৈলা কেনে তুমি আসি৷৷
দেখিলা কিবা কৈত অদ্ভুত৷
সত্বৰে কহিয়ো গান্দিনীসুত৷৷১১০০৷৷
অত্ৰূৰে কৃষ্ণক মাতিলা পাছে৷
সৱে অদভূত তোমাত আছে৷
যিজনে নজানে তত্ত্ব তোমাৰ৷
সমস্ত জগত অদ্ভূত তাৰ৷৷১১০১৷৷
এহি বুলি বীৰে ৰথ ডকাইল৷
দিনান্তে গৈয়া মথুৰাক পাইল৷৷
পথত যাহান্তে পথিকে দেখি৷
আনন্দে কৃষ্ণক চাৱে নিৰেখি৷৷১১০২৷৷
পাছে মথুৰাৰ সমীপ পাই৷
নামিলা ৰাম কৃষ্ণ দুই ভাই৷৷
অত্ৰূৰৰ হাতে ধৰিয়া হৰি৷
বুলিলা হেন বাণী হাস্য কৰি৷৷১১০৩৷৷
ৰথ লৈয়া আগে চলিয়ো ঘৰ৷
পাছেসে পশিবো আমি নগৰ৷৷
ইঠাইতে জিৰাঞো আমি গোপজাক৷
শুনিয়া অত্ৰূৰে বুলিলা বাক৷৷১১০৪৷৷
তোমৰা দুভাইক এৰিয়া স্বামী৷
নযাইবো নযাইবো গৃহক আমি৷৷
নকৰা প্ৰভু ভকতক ত্যাগ৷
কোটি পুৰুষৰ মিলোক ভাগ৷৷১১০৫৷৷
গৃহক মোৰ চলা সমুদায়৷
পৱিত্ৰ কৰিও পদ-ধূলায়৷৷
শিৰত ধৰি তযু পাদোদক৷
লভিলা বলি মহা ঐশ্বৰ্য্যক৷৷১১০৬৷৷
পাইলেক পৰম জ্ঞানীৰ গতি৷
ভকতক দয়া কৰা সম্প্ৰতি৷৷
আমাক বিমুখ নকৰা স্বামী৷
তোমাক এৰিবে নৱাৰো আমি৷৷১১০৭৷৷
মাধৱে বোলন্ত শুনা অত্ৰূৰ৷
তুমি আগে যায়ো মথুৰাপুৰ৷৷
জগতৰে বৈৰী মাৰি কংসক৷
অৱশ্যে যাইবো তোমাৰ গৃহক৷৷১১০৮৷৷
হেন শুনি পাছে অত্ৰূৰ বীৰে৷
বিতুষ্ট মনে গৈল ধীৰে ধীৰে৷
কৃষ্ণ আসিবাৰ কংসত কৈলা৷
মেলানি মাগিয়া গৃহক গৈলা৷৷১১০৯৷৷
একমনে শুনা কৃষ্ণৰ কথা৷
মনুষ্য জন্মক নকৰা বৃথা৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷১১১০৷৷