|| পদ ||:
গোপৰূপে নন্দৰ তনয়৷
শুভক্ষণে কৰিলা বিজয়৷৷
বাজে শিঙ্গা বাংশীৰ নিসান৷
কংস বধে কৰিলা পয়াণ৷৷১০৫১৷৷
ৰথে চড়ি লড়িলা মুৰাৰি৷
পৰি পৰি কান্দে গোপনাৰী৷৷
হৰিৰ বিৰহে দেহা তাৱে৷
যেন ভৈল বাতুল স্বভাৱে৷৷১০৫২৷৷
কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়৷
আমাৰ প্ৰাণক কোনে নেয়৷৷
ত্ৰূৰ অত্ৰূৰ ভৈল বৈৰী৷
জীৱ কাঢ়ি নেয় কেন কৰি৷৷১০৫৩৷৷
কিনো হৰি নিদাৰুণ ভৈলা৷
গোকুল অনাথ কৰি গৈলা৷৷
কৃষ্ণ বিনে কি কৰে জীৱনে৷
আউৰ কোন যাইব বৃন্দাৱনে৷৷১০৫৪৷৷
প্ৰভাতে ৰাখিবে কোনে ধেনু৷
কোনে বাইবে সুললিত বেণু৷৷
কোনে চাইবে কটাক্ষে নিৰেখি৷
জুড়াইবে হৃদয় কাক দেখি৷৷১০৫৫৷৷
কোনে দিবে বাংশীৰ নিসান৷
কি দেখি ৰাখিবো আৱে প্ৰাণ৷৷
আমাৰ জীৱনে নাই সুখ৷
আউৰ নেদেখিবো কৃষ্ণমুখ৷৷১০৫৬৷৷
নীল আকুঞ্চিত যাৰ কেশ৷
শিৰে ৰত্ন কিৰীটি সুৱেশ৷৷
ভ্ৰূৱযুগ মদনৰ চাপ৷
দৰশনে হৰে হৃদি তাপ৷৷১০৫৭৷৷
ৰুচিকৰ কমল লোচন৷
সুধা সম মধুৰ বচন৷৷
সুষম ললাট গণ্ডস্থল৷
চাৰু কৰ্ণে মকৰ কুণ্ডল৷৷১০৫৮৷৷
নাসা তিল কুসুম সুন্দৰ৷
শোভে আতি অৰুণ অধৰ৷৷
দশন দাড়িম্ব বীজ পান্তি৷
হাস্যে নিন্দে চন্দ্ৰমাৰ কান্তি৷৷১০৫৯৷৷
কম্বু কণ্ঠে কৌস্তুভ প্ৰকাশে৷
সূৰ্য্য যেন উদিত আকাশে৷৷
সিংহবন্ধ স্কন্ধ সুপ্ৰসন্ন৷
ভুজযুগ ৰত্নৰ মোলান৷৷১০৬০৷৷
কেয়ূৰ কঙ্কণ তাতে জ্বলে৷
ৰত্নৰ গুলিয়া শোভে গলে৷৷
হিয়াত শ্ৰীবৎস কৰে কান্তি৷
যেন মেঘে বলাকাৰ পান্তি৷৷১০৬১৷৷
পীত বস্ত্ৰে শোভে তনু কালা৷
আপাদলম্বিত বনমালা৷৷
তাতে পৰি অনেক ভ্ৰমৰে৷
মধুলোভে বেঢ়িয়া গুঞ্জৰে৷৷১০৬২৷৷
বক্ষস্থলে মুকুতাৰ হাৰ৷
আকাশী গঙ্গাৰ যেন ধাৰ৷৷
ৰত্নৰ মেখলা কটি মাজে৷
সোণাৰ কিঙ্কিণী তাত বাজে৷৷১০৬৩৷৷
কৰিকৰ-ঊৰু নিৰুপম৷
চৰণ পঙ্কজ মনোৰম৷৷
ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত৷
ৰত্নময় নূপুৰ ৰঞ্জিত৷৷১০৬৪৷৷
ভকতৰ হৃদয় ৰঞ্জন৷
নেদেখিবো সিহেন চৰণ৷৷
কন্দৰ্প কোটিকো ৰূপে জিনি৷
গোকুলে প্ৰকাশে যদুমণি৷৷১০৬৫৷৷
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷
নাহি গতি কীৰ্ত্তনত পৰে৷৷
জানিয়া কৰিয়ো একচিত্ত৷
হৰি হৰি ঘোষা প্ৰতি নিত৷৷১০৬৬৷৷