কংসবধ : ১৩ কী : ৰাম পাৱে কৰা...

|| ঘোষা ||: 

ৰাম পাৱে কৰা ৰতি৷

ভাই ৰামৰ চৰণে গতি৷৷৯৮৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

শুনিয়া চাণূৰে বোলে কৃষ্ণক৷

নুহিকা গোপাল তুমি বালক৷৷

গজ সহস্ৰৰ বলে অধিক৷

মাৰিলা লীলায়ে হেন হস্তীক৷৷১১৯৫৷৷

এহেন্তে ৰাম মহা বলীয়াৰ৷

মই সমে তুমি কৰা প্ৰহাৰ৷৷

মুষ্টিক সহিতে যুজোক বল৷

অন্যায় নুহি দুয়ো মহামল্ল৷৷১১৯৬৷৷

শুনি কৃষ্ণে কৰি নিশ্চিত মতি৷

সমুখ ভৈলা চাণূৰক প্ৰতি৷৷

মুষ্টিককো ধাইলা ৰোহিণীসুত৷

মিলিল মল্লযুদ্ধ অদ্ভুত৷৷১১৯৭৷৷

হাতক হাতে মাল-বন্ধে বান্ধি৷

দুই পাৱে দুই পাৱক ছান্দি৷৷

আজোৰে অন্যোঅন্যে বলে ধৰি৷

মুষ্টিতে মুষ্টি মাৰে দৃঢ় কৰি৷৷১১৯৮৷৷

শ্ৰমে দুয়ো দুই জানুত হানে৷

মুণ্ডত মুণ্ডে ঠেকা মাৰে টানে৷৷

হিয়াত হিয়া মাৰে ঠাট কৰি৷

আজুৰি নেয় কতো হাতে ধৰি৷৷১১৯৯৷৷

মাৰে গলদঙ্গা হুঁ হুঁহ্‌ বুলি৷

বাহুৱে আটিয়া আছাৰে তুলি৷৷

ছান্দিয়া হাতে পাৱে পৰি দুই৷

বাগৰ পাৰে একপিণ্ড হুই৷৷১২০০৷৷

বান্ধৰ চোটে ভাঙ্গে কলেৱৰ৷

এৰায়া কতোহো হোৱে অন্তৰ৷৷

ক্রোধে চক্ষু পকাই সঘনে চান্ত৷

তৰ্জ্জন্ত গৰ্জ্জন্ত কামুৰি দান্ত৷৷১২০১৷৷

বলী নিৰ্ব্বলীৰ যুদ্ধ দেখিয়া৷

পুৰবাসী স্ত্ৰীৰ নসহে হিয়া৷৷

অন্যোঅন্যে বোলে ইটো অকৰ্ম্মে৷

ৰাজসমাজক পাৱে অধৰ্ম্মে৷৷১২০২৷৷

ৰাজায়ো কৰাৱে অন্যায় যুদ্ধ৷

তাকো চাই আছে সৱে অবোধ৷৷

ইটো দুই মাল বজ্ৰৰ সাৰ৷

মাধৱ ৰাম আতি সুকুমাৰ৷৷১২০৩৷৷

নতু প্ৰৱেশন্ত যৌৱন কাল৷

আসম্বাক যুজে দুৰ্জ্জয় মাল৷৷

সৱাৰো ধিক্কাৰ থাকোক আতি৷

কহয় কথা অন্যোঅন্যে মাতি৷৷১২০৪৷৷

দেখিয়ো কৃষ্ণৰ বদন ইন্দু৷

ব্যাপিয়া আছে ঘৰ্ম্মজল বিন্দু৷৷

জলে সমে যেন পঙ্কজ কোষ৷

যুজন্ত শত্ৰুক কৰি আক্রোশ৷৷১২০৫৷৷

কেহোজনী বোলে কিনো আসুখ৷

কিয়নো নচাৱা ৰামৰ মুখ৷৷

অৰুণ নেত্ৰ পঙ্কজৰ জ্যোতি৷

কৰিছা ক্রোধ মুষ্টিক প্ৰতি৷৷১২০৬৷৷

কেহো বোলে সখী দেখিয়ো তুমি৷

ধন্য ধন্য যিটো ব্ৰজৰ ভূমি৷৷

পুৰাণ পুৰুষ এহেন্তে হৰি৷

ফুৰন্তে যৈত নানা ক্রীড়া কৰি৷৷১২০৭৷৷

অৱতৰি বিষ্ণু আছা মহীত৷

ইহাকো যুজাৱে মালে সহিত৷৷

ইটো সমাজক আছো ধিক্কাৰ৷

বোলা হৰি হৰি তৰা সংসাৰ৷৷১২০৮৷৷