কংসবধ : ১১ কী : গোপাল কৃপাল ...

|| ঘোষা ||: 

গোপাল কৃপাল কৰুণাময়৷

হৰিয়ো হৰিভকতৰ ভয়৷৷৯৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কহন্ত নৃপতিত শুকমুনি৷

ৰাম কৃষ্ণে মল্লদুন্দুভি শুনি৷৷

কৰিয়া শৌচ ভৈলা কাছপাৰ৷

শুনিয়ো আৱে কেন অৰ্থ তাৰ৷৷১১৬৩৷৷

ধনু ভাঙ্গি সেনা মাৰিলো তাৰ৷

দেখাইলো নিজ বীৰ্য্য আপুনাৰ৷৷

তথাপি পিতৃৰ নোছোড়ে বন্ধ৷

আমাকো মাৰিবে কৰে প্ৰবন্ধ৷৷১১৬৪৷৷

মমাৰ বধে আৰ দোষ নাই৷

এহি বুলি লৰি গৈলা দুভাই৷৷

ৰঙ্গৰ দ্বাৰ পাইলা গৈয়া পাছে৷

কুৱলয়পীড় বাটতে আছে৷৷১১৬৫৷৷

অম্বষ্ঠ হাতিয়াৰো আছে খুম্পি৷

ৰহি আছে সিটো কৃষ্ণক চুম্পি৷৷

দেখি কৃষ্ণে তাৰ বুজি ইঙ্গিত৷

মেঢ়াইলন্ত পীত বস্ত্ৰ কটিত৷৷১১৬৬৷৷

কুটিল অলকা বান্ধিল তুলি৷

মাতিল শুনৰে অম্বষ্ঠ বুলি৷৷

যাইবো ৰঙ্গশালা সত্বৰ কৰি৷

পন্থ ছাড়ি দেস ঐৰ অন্তৰি৷৷১১৬৭৷৷

বাট নেদ যেৱে শুন দ্বন্দুৰ৷

কুঞ্জৰ সমে নিবো যমপুৰ৷৷

হেন শুনি পাছে অম্বষ্ঠ ৰাগি৷

খুম্পিল হস্তীত কৃষ্ণক লাগি৷৷১১৬৮৷৷

ধায়া গৈল হস্তী কালান্ত প্ৰায়৷

ধৰিল কৃষ্ণক শুণ্ডে মেঢ়াই৷৷

এৰাইল আস্ফোট কৰিয়া উঠি৷

মাতঙ্গক কৃষ্ণে মাৰিলা মুঠি৷৷১১৬৯৷৷

ভৰিৰ মাজতে লুকাইলা তাৰ৷

ক্রোধিল কুঞ্জৰে পায়া প্ৰহাৰ৷৷

নেদেখি সিটো ফোফাই যেন নাগ৷

শুঙ্গি শুঙ্গি পাইল কৃষ্ণক লাগ৷৷১১৭০৷৷

ধৰিল কৃষ্ণক শুণ্ডে মেঢ়াই৷

বাজ ভৈলা কৃষ্ণ বলে এৰাই৷৷

লাঞ্জত তাৰ ধৰি চক্রপাণি৷

একশত হাত নিলন্ত টানি৷৷১১৭১৷৷

সৰ্পক আঞ্জোৰে যেন গৰুড়ে৷

কৃষ্ণক ধৰিবে চাহয় শুঁড়ে৷৷

ইকাতি সিকাতি কৰন্তে যাই৷

টানি নেন্ত কৃষ্ণে শ্ৰমে এৰাই৷৷১১৭২৷৷

নপাৰে ধৰিবে সিটো কৃষ্ণক৷

যেন দামুৰিক টানে বালক৷৷

অনন্তৰে তাৰ লাঞ্জৰ এৰি৷

ভৈলন্ত সন্মুখ হস্তীক হৰি৷৷১১৭৩৷৷

চাপৰ মাৰিয়া যান্ত লৱৰে৷

খেদি নেয় হস্তী গোড়ত গোড়ে৷৷

লীলায়ে পৰিয়া উঠিলা হৰি৷

পৰিল বুলি হস্তী ক্রোধ কৰি৷৷১১৭৪৷৷

পৃথিৱীত সিটো ভিৰিল দান্তে৷

গাৱৰ সৱ বল দিয়া ঝাণ্টে৷৷

নাহিকে কৃষ্ণ দেখি হস্তী কোপে৷

ধাইলেক কৃষ্ণক দুনাই আটোপে৷৷১১৭৫৷৷

উপৰে হাতিয়াৰো খুম্পি যায়৷

ধৰিলা শুণ্ডত মাধৱে পাই৷৷

প্ৰমত্ত সিংহে যেন লীলা কৰি৷

পাৰিলা ভূমিত হস্তীক হৰি৷৷১১৭৬৷৷

পাৱে ভিৰি তাক কৰি আক্রান্ত৷

লৈলন্ত উভাৰি হস্তীৰ দান্ত৷৷

হস্তী হস্তীয়াৰ দুইকো জপাই৷

মাৰিলন্ত গজ দান্তে কোবাই৷৷১১৭৭৷৷

মৰা কুৱলয়পীড়ক এৰি৷

পশিলা ৰঙ্গশালা ৰাম হৰি৷৷

চৌপাশে গোপগণে বেঢ়ি যান্ত৷

দোভাইৰ কান্ধত হস্তীৰ দান্ত৷৷১১৭৮৷৷

প্ৰকাশে কৃষ্ণৰ মুখ কমল৷

দেখিয়া তাতে ঘৰ্ম্ম বিন্দুজল৷৷

ৰুধিৰ ছিটা তাৰ মাজে মাজে৷

পদপঙ্কজত নূপুৰ বাজে৷৷১১৭৯৷৷

শ্যামল তনু তাতে পীত বাস৷

কমল লোচনে নুগুচে হাস৷৷

ভুলিল সমাজে কৃষ্ণক চাই৷

বোলা হৰি হৰি হৰি সদায়৷৷১১৮০৷৷