কংসবধ : ১০ম কী : জগন্নাথ অনাথক...

|| ঘোষা ||: 

জগন্নাথ অনাথক থাপিয়ো চৰণে৷

তোমাক বান্ধৱ মানি পশিলো শৰণে৷৷৯৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

এহি মতে ৰাম কৃষ্ণ ভ্ৰমন্তে পথত৷

ধনুৰ্যাগশালা পাইলা পুছিয়া লোকত৷৷

দেখিলা কংসৰ দিব্য ধনু কৃষ্ণে পাছে৷

যেন ইন্দ্ৰধনুখণ্ড প্ৰকাশন্তে আছে৷৷১১৪৯৷৷

আনন্দে গোৱিন্দে ধৰিবাক যান্ত তাক৷

দেখিয়া ৰখীয়া সেনাগণে দেয় হাক৷৷

তথাপি লীলায়ে বাম হাতে তুলি ধৰি৷

নিমিষেকে ধনুত লগাইলা গুণ হৰি৷৷১১৫০৷৷

অপ্ৰয়াসে টানিয়া ভাঙ্গিলা ধনুখণ্ড৷

যেন মত্ত মাতঙ্গে ভাঙ্গিলে ইক্ষুদণ্ড৷৷

তাৰ ঘোৰ শৱদে পূৰিল দিশপাশ৷

শুনি কংসৰায়ৰ অদ্ভুত ভৈল ত্ৰাস৷৷১১৫১৷৷

দেখিয়া ৰখীয়াসৱ কটক কিটাইল৷

অস্ত্ৰ শস্ত্ৰ ধৰি ক্রোধে মাধৱক ধাইল৷৷

বেঢ়িলেক চতুৰ্ভিতি ধৰ মাৰ বুলি৷

খঙ্গে ভাঙ্গা ধনু ৰাম কৃষ্ণে লৈলা তুলি৷৷১১৫২৷৷

সমস্ত সেনাক মানে বধিলা দুভাই৷

কংসে পঠাইলেক যিবা মাৰিলা কোবাই৷

ধনুৰ শালাৰ হন্তে বাজ হুয়া দুই৷

নগৰ চাহিয়া ফুৰে মহা হৃষ্ট হুই৷৷১১৫৩৷৷

প্ৰভাতে প্ৰগল্‌ভ ৰূপ দেখি নিৰুপম৷

সৱে বোলে ইটো দুই দেৱতো উত্তম৷৷

অনন্তৰে সূৰ্য্য পাইলা অস্তগিৰি গই৷

নিৱৰ্ত্তিল ৰাম কৃষ্ণ গোপগণ লই৷৷১১৫৪৷৷

নগৰৰ বাজত ৰহিলা বাসা কৰি৷

ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিলা ভৰি৷৷

গোপগণ সঙ্গে লৈয়া ভুঞ্জি দধি ভাত৷

বঞ্চিলা ৰজনী সুখে শুতিয়া শয্যাত৷৷১১৫৫৷৷

ধনুৰ্ভঙ্গ ৰখীয়া সেনাৰ শুনি বধ৷

নাসে নিদ্ৰা কংসে ভৈল ভয়তে তবধ৷৷

দেখে নানা বিমঙ্গল চিত্ত নোহে স্থিৰ৷

ছায়াত নেদেখে সিটো আপুনাৰ শিৰ৷৷১১৫৬৷৷

ধূলি কৰ্দ্দমতো নিজ খোজক নাকলে৷

আকাশত দেখে কতো দুই চন্দ্ৰ জ্বলে৷৷

স্বপ্নত মৃতকে আসি কৰে আলিঙ্গন৷

গৰ্দ্দভত চড়ি কৰে বিষক ভোজন৷৷১১৫৭৷৷

ওড় ফুলমালা পিন্ধি হুয়া দিগম্বৰ৷

তৈল ঘসি দক্ষিণক যায় একেশ্বৰ৷৷

আনো নানা বিধ বিমঙ্গল দেখে আতি৷

ভয়তে নগৈল নিদ্ৰা কংসে সিটো ৰাতি৷৷১১৫৮৷৷

অনন্তৰে কংসৰায় উঠি প্ৰভাতত৷

কৰাইলন্ত মল্লক্রীড়া মহোৎসৱ যত৷৷

সজাইলেক উচ মঞ্চ ৰঙ্গশালা বেঢ়ি৷

বাৱে ঢাক-ঢোল ভেৰী কৰে নানা খেড়ি৷৷১১৫৯৷৷

মঞ্চে চড়ি বসিলা যতেক পুৰবাসী৷

থান লৈয়া বসিলা নৃপতিগণো আসি৷৷

মন্ত্ৰীগণ সমে কংস চড়িল মঞ্চত৷

নুঘুচয় ভয় তাৰ ক্ষণেকো মনত৷৷১১৬০৷৷

মল্লবাদ্য শুনি কাছিপাৰি যত মাল৷

মালগুৰু সমে প্ৰৱেশিলা ৰঙ্গশাল৷৷

চাণূৰ মুষ্টিক কূট তোশল অপৰ৷

শল্ল নামে আইলা আৰো মল্ল ভয়ঙ্কৰ৷৷১১৬১৷৷

কৰ দিয়া নন্দো গোপগণ সমন্বিতি৷

মঞ্চে চড়ি বসিলন্ত হুয়া একভিতি৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷

বোলা হৰি হৰি সৱে হোক সদগতি৷৷১১৬২৷৷