|| পদ ||:
গৈলন্ত নাৰদ ঋষি কংসৰ সমাজ৷
নিচিন্তি আছস কেনে এভু ভোজৰাজ৷৷
তোক মাৰিবাক লাগি দেৱৰ যতন৷
দৈৱকীৰ গৰ্ভে উপজিলা নাৰায়ণ৷৷১০৩৬৷৷
বসুদেৱে গোকুলত থৈলা চুৰি কৰি৷
নন্দঘৰে বাঢ়ন্ত তোমাৰ প্ৰাণবৈৰী৷৷
কৃত্যা কৰি আনি দিল নন্দৰ কন্যাক৷
কহিলো সম্ভেদ কথা দঢ়াই আপোনাক৷৷১০৩৭৷৷
শুনি কংসে খাণ্ডা তুলি উঠি গৈল ৰাগি৷
বসুদেৱ মহন্তক কাটিবাক লাগি৷৷
উঠি দেৱঋষি তাঙ্ক আনিলা নিৱাৰি৷
আঙ্ক নকাটিবি তঞি কৃষ্ণক নমাৰি৷৷১০৩৮৷৷
পিতৃ হত শুনি লাগ নেদিব তোমাকে৷
উলটি বসিল কংস নাৰদৰ হাকে৷৷
বসুদেৱ দৈৱকীক বান্ধিয়া নিহলে৷
কৰিলেক বন্দী উগ্ৰসেনক নিষ্খলে৷৷১০৩৯৷৷
পাছে দেৱঋষি গোকুলক গৈলা বহি৷
কৰিলা কৃষ্ণক স্তুতি আকাশত ৰহি৷৷
ভাৰ সংহাৰন্তা আউৰ নাহি তুমি বিনা৷
কংসক বধিবা প্ৰভু পৰশুই দিনা৷৷১০৪০৷৷
দিবা উগ্ৰসেনক কংসৰ ৰাজ্যভাৰ৷
বসুদেৱ দৈৱকীৰ খণ্ডিবা নিকাৰ৷৷
তোমাৰ মনুষ্য লীলা দেখিবো হৰিষি৷
এহি বুলি স্বৰ্গক গৈলেক দেৱঋষি৷৷১০৪১৷৷
অত্ৰূৰক পাঞ্চিলা ভোজৰ নিজ নাহা৷
কৃষ্ণক আনিবে তুমি গোকুলক যাহা৷৷
শিশু ধৰি তোমাৰে আমাৰে মিত্ৰৱতি৷
ইটো কাৰ্য্য সাধি মোক দিয়ো দানপতি৷৷১০৪২৷৷
শুনি দানপতিৰ আনন্দ ভৈল আতি৷
প্ৰভাতে লৰিলা মথুৰাত বঞ্চি ৰাতি৷৷
কৃষ্ণক দেখিবো আজি কিনো সুপ্ৰভাত৷
জানিলো প্ৰসন্ন ভৈলা বিধাতা আমাত৷৷১০৪৩৷৷
নয়নে দেখিবো মই চৰণ কমল৷
আজিসে জন্মৰ মোৰ হৈবেক সাম্ফল৷৷
দণ্ডৱতে পৰিবোহো কৃষ্ণৰ চৰণে৷
কৃষ্ণে মোক আশ্বাসিব মধুৰ বচনে৷৷১০৪৪৷৷
খুড়া বুলি কৃষ্ণে মোক কৰিবে আহ্লাদ৷
ব্ৰহ্মাৰ দুৰ্ল্লভ তেৱে লভিবো প্ৰসাদ৷
হেন মনে গুণি ৰথে চড়িলা অত্ৰূৰ৷
গধূলিকা বেলাত পশিলা গোপপুৰ৷৷১০৪৫৷৷
মাধৱৰ খোজচয় দেখিলা ভূমিত৷
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভিত৷৷
ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি৷
শিৰে আনি ঘষিলা খোজৰ যত ধূলি৷৷১০৪৬৷৷
পাছে গৈয়া কৃষ্ণক দেখিল আনন্দতে৷
কৃষ্ণ কৃষ্ণ বুলিয়া পৰিল দণ্ডৱতে৷৷
কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালি তুলি৷
সতকাৰ কৰিলা অত্ৰূৰ খুড়া বুলি৷৷১০৪৭৷৷
অত্ৰূৰে ভকতি পথে যতেক বাঞ্ছিলা৷
কৃষ্ণো তান সৱে মনোৰথক পূৰিলা৷৷
কহিলন্ত অত্ৰূৰে কংসৰ বিচেষ্টাক৷
মথুৰাক যাইবাক সাজিল গোপজাক৷৷১০৪৮৷৷
শকটে উঠিয়া লড়ি নন্দ গোপৰাজ৷
ৰজনী প্ৰভাতে ৰাম কৃষ্ণ ভৈলা বাজ৷৷
কৃষ্ণক যাইবাৰ শুনি গোপী নিৰন্তৰ৷
মিলিল বিষাদ সৱে বজাইল গৃহৰ৷৷১০৪৯৷৷
সলোতক নয়নে মনত মহাদুঃখে৷
জুমাজুমি কৃষ্ণক চাহয় ঊৰ্দ্ধমুখে৷৷
কৃষ্ণৰ বিজয় কথা শুনা সাৱধানে৷
বোলা হৰি হৰি যাৱে প্ৰাণ থাকে মানে৷৷১০৫০৷৷