কংসবধ : ৭ম কী : গোৱিন্দ যদুদেৱ...

|| ঘোষা ||: 

গোৱিন্দ যদুদেৱ দীন দয়াশীল৷

তুমিসে বান্ধৱ কৃষ্ণ আৱেসে জানিল৷৷৯২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

অত্ৰূৰক পঠায়া গৃহক আগ কৰি৷

লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি৷৷

পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত৷

সিটো বিতোপন পুৰী দেখিলা সাক্ষাত৷৷১১১১৷৷

স্ফটিকে গঠিত পুৰ-দ্বাৰ নুহি খাট৷

লগাই আছে সুৱৰ্ণৰ বৃহত কপাট৷৷

হেমময় তোৰণ চিড়লে অলঙ্কৃত৷

চতুৰ্ভিতি গড়খাই দেখি ভয়ভীত৷৷১১১২৷৷

বহুবিধ উদ্যান শোভিত কাছে কাছে৷

শাৰী শাৰী গৃহসৱ প্ৰকাশন্তে আছে৷৷

হীৰা মৰকত ৰত্নে ৰঞ্জে ঠাৱে ঠাৱে৷

শোভা কৰে পাৰাৱত ময়ূৰৰ ৰাৱে৷৷১১১৩৷৷

ৰাজপথ চৌপন্থাক সাঞ্জি মাঞ্জি আতি৷

পদূলি পদূলি দীপঘট আছে পাতি৷৷

হেন নগৰত পশি গোপগণ সঙ্গে৷

ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰঙ্গে৷৷১১১৪৷৷

মিলিল উৎসৱ শুনি নাৰীগণ যত৷

চাহিবাক লাগি সৱে চড়িলা গৃহত৷৷

কৃষ্ণক দেখিবে কাৰো উত্ৰাৱল চিত্ত৷

পিন্ধে বস্ত্ৰ অলঙ্কাৰ কৰি বিপৰীত৷৷১১১৫৷৷

এক কৰ্ণে কুণ্ডল কঙ্কণ এক কৰে৷

বিমোহিত হুয়া আছে বস্ত্ৰো নসম্বৰে৷৷

অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন৷

কতো কতো নাৰীগণ এড়িল ভোজন৷৷১১১৬৷৷

পিয়ন্তে আছিল স্তন শিশুক এড়িল৷

কৃষ্ণক দেখিবে মনে গৃহত চড়িল৷৷

ৰাজপথে চলি যান্ত লীলায়ে মাধৱ৷

তাসম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ৷৷১১৭৭৷৷

কমললোচন হাসি কটাক্ষে চাহন্তে৷

সমস্ত নাৰীৰ মন হৰিল একান্তে৷৷

যাৰ গুণ কথাক শ্ৰৱণে আছো শুনি৷

নেত্ৰ ভৰি দেখো হেন কৃষ্ণক আপুনি৷৷১১১৮৷৷

কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত৷

পুৰি মনোৰথ সৱে ভৈলা কৃতকৃত্য৷৷

নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ৷

আনন্দ মূৰ্ত্তিক আলিঙ্গয়া নিৰন্তৰ৷৷১১১৯৷৷

মনৰ এড়াইল পীড়া আনন্দে ভৰিল৷

তনু লোমাঞ্চিত নেত্ৰে লোতক ঝৰিল৷৷

প্ৰীতি প্ৰফুল্লিত মুখপদ্ম যত নাৰী৷

গৃহৰ উপৰে চৰি হুয়া দুই শাৰী৷৷১১২০৷৷

ৰাম মাধৱৰ শিৰে পুষ্প বৰিষন্ত৷

মুখ কমলক যেন নয়নে পিয়ন্ত৷৷

দধি দূৰ্ব্বাক্ষত উপায়ন পুষ্পগন্ধে৷

পদূলি পদূলি দ্বিজে পূজিল প্ৰবন্ধে৷৷১১২১৷৷

অন্যোঅন্যে নাৰীগণে সম্বুধি কহয়৷

কিনো তপ কৰিলে ব্ৰজৰ গোপীচয়৷৷

দেখিয়ো আনন্দে যেন আছে মূৰ্ত্তি ধৰি৷

হেন ৰাম মাধৱক দেখ নেত্ৰ ভৰি৷৷১১২২৷৷

গোপীসম ভাগ্যৱতী আউৰ কেহো নাই৷

কহে সৱে নাৰীগণে অন্যোঅন্যে চাই৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন৷

বোলা হৰি হৰি আছে যাৱত চেতন৷৷১১২৩৷৷