কংসবধ : ৪থ কী : এ প্ৰাণ হৰি গৈলা...

|| ঘোষা ||: 

এ প্ৰাণ হৰি গৈলা এড়ি৷৷৮৯৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

হেন হৰি ভৈলোহো বঞ্চিত৷

কিমতে ধৰিবো আৱে চিত্ত৷৷

সুপ্ৰভাতে মথুৰা পুৰীৰ৷

মুখপদ্ম দেখিবে স্বামীৰ৷৷১০৬৭৷৷

জীৱৰ জীৱন প্ৰাণপতি৷

আজি পাইবে কোন ভাগ্যৱতী৷৷

কিনো সুপ্ৰসন্ন ভৈলা বিধি৷

হাতে পাইলে গোকুলৰ নিধি৷৷১০৬৮৷৷

মুখপদ্ম চন্দ্ৰ নোহে সৰি৷

আনন্দে দেখিবে নেত্ৰভৰি৷৷

পাইব গৈয়া নাগৰী সুন্দৰী৷

আউৰ দুনাই নাসিবন্ত হৰি৷৷১০৬৯৷৷

সৌহৃদ্য ভাঙ্গিল ক্ষণেকতে৷

উপাসন্ত লক্ষ্মী কেনমতে৷৷

কিনো নিদাৰুণ নাৰায়ণ৷

নুবুলিলা প্ৰবোধ বচন৷৷১০৭০৷৷

পতি পুত্ৰ এৰি ভৈলো চেড়ী৷

কোন সতে প্ৰভু গৈলা এৰি৷৷

কিনো বজ্ৰে বান্ধিলেক হিয়া৷

ভকতক গৈলা দুঃখ দিয়া৷৷১০৭১৷৷

আমি মৰো তোমাৰ বিৰহে৷

জানি কেনমতে হৃদি সহে৷৷

এহি বুলি কান্দে গোপনাৰী৷

ৰাম কৃষ্ণ বুলি গেৰি পাৰি৷৷১০৭২৷৷

নেত্ৰৰ লোতক পৰে ধাৰে৷

ঘনে ঘনে নিশ্বাস ফোকাৰে৷৷

হৰি বিনে নভাষে বচনে৷

নপাসৰে সচেতে সপনে৷৷১০৭৩৷৷

ৰাত্ৰি-দিনে গাৱে হৰিগীত৷

কৃষ্ণতে অৰ্পিলে প্ৰাণ চিত্ত৷৷

কায়স্থ শঙ্কৰে এভু ভণে৷

হৰিকথা শুনা সৰ্ব্বজনে৷৷১০৭৪৷৷

হৰিৰ কীৰ্ত্তন মুখে কৰা৷

মাধৱৰ ৰূপ হিয়ে ধৰা৷৷

অল্প পুণ্যে নপাই আক জানি৷

সদা নছাড়িবা ৰাম বাণী৷৷১০৭৫৷৷

পাপীজনে হৰি নুসুমৰে৷

পাতকে মুখত চেপি ধৰে৷৷

আনে সুমৰন্তে শুনি মৰে৷

পাপে চিত্ত উচপিচ কৰে৷৷১০৭৬৷৷

হৰিধ্বনি শুনি কাণ ফাটে৷

নিন্দা কৰি ফুৰে হাটে বাটে৷৷

হেন জানি পাপক সংহৰি৷

সদায়ে ঘুষিয়ো হৰি হৰি৷৷১০৭৭৷৷