|| পদ ||:
কৰিলা প্ৰকাশ ৰামে সমে সমজ্যাত৷
দেখে দশপ্ৰকাৰে কৃষ্ণক সিবেলাত৷৷
মালে বোলে কিনো বজ্ৰময় কলেৱৰ৷
অন্যজনে বোলে এহেন্তেসে নৰবৰ৷৷১১৮১৷৷
নাৰীগণে বোলে মূৰ্ত্তি ধৰিছা মদনে৷
আমাৰেসে বন্ধু বুলি মানে গোপগণে৷৷
আমাৰেসে শাস্তা বোলে দুষ্ট ৰাজাচয়৷
বসুদেৱ দৈৱকীয়ে বোলয় তনয়৷৷১১৮২৷৷
কংসে বোলে এহি কৃষ্ণ অন্তক আমাৰ৷
অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ৷৷
যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব৷
বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈৱত৷৷১১৮৩৷৷
ধৰি মল্লবেশ পিন্ধি ৰত্ন আভৰণ৷
ৰঙ্গ মধ্যে প্ৰকাশন্ত ৰাম নাৰায়ণ৷৷
কাছিয়া আছন্ত যেন নট দুই প্ৰায়৷
নভৈল তৃপিতি লোক দুইৰো ৰূপ চাই৷৷১১৮৪৷৷
নয়নে পিৱয় যেন চেলেকে জিহ্বায়৷
বাহুৱে আলিঙ্গে যেন শুঙ্গে নাসিকায়৷৷
অন্যোঅন্যে বোলে যেন কথা আছো শুনি৷
সেহিটো কৃষ্ণক দেখো নয়নে আপুনি৷৷১১৮৫৷৷
নাৰায়ণ অংশ দুয়ো জানিবা সাক্ষাত৷
বসুদেৱ গৃহে দৈৱকীত ভৈলা জাত৷৷
গোকুলত থৈলন্ত বাঢ়িল নন্দ ঘৰে৷
পূতনাক বধিলা এহেন্তে দামোদৰে৷৷১১৮৬৷৷
চক্রবাত দৈত্যক মাৰিলা চিপি গল৷
ভাঙ্গিলা অৰ্জ্জুন মাজে টানি উডুখল৷৷
অঘ বক ধেনুক কেশীৰ লৈলা প্ৰাণ৷
গোপ গৰু বনাগ্নিত কৰিলাহা ত্ৰাণ৷৷১১৮৭৷৷
কালিক দমিলা গৰ্ব্ব গুচাইলা ইন্দ্ৰৰ৷
সাতদিন একে হাতে তুলিয়া মন্দৰ৷৷
ৰাখিলা গোকুল মহা বাত বৃষ্টি হন্তে৷
বঢ়াইবে যাদৱ বংশ এন্তে ভগৱন্তে৷৷১১৮৮৷৷
এহিতো হসিত মুখ দেখি অনুক্ষণে৷
এৰাইলা বিৰহ তাপ সুখে গোপীগণে৷৷
আনে শ্ৰেষ্ঠ এন্তে ৰাম কমললোচন৷
প্ৰলম্ব প্ৰমুখ্যে মাৰিলন্ত দৈত্যগণ৷৷১১৮৯৷৷
এহিমতে লোকে যেৱে কৰে কলৰৱ৷
বাৱন্তে আচন্ত বাদ্য বঢ়ায়া উৎসৱ৷৷
শুনি নসহিল তাক চাণূৰ বিবুদ্ধি৷
বুলিবে লাগিল ৰাম কৃষ্ণক সম্বুধি৷৷১১৯০৷৷
শুনি বাহু যুদ্ধত কুশল দুয়ো ভাই৷
দেখিবাক লাগি ৰাজা আনিলা মতাই৷৷
মহা হৰষিত মনে সৱে গোপগণে৷
মল্লযুদ্ধ কৰি গৰু চাৰি ফুৰা বনে৷৷১১৯১৷৷
হেনজানি তুমি আমি আসা বন্ধ ধৰো৷
নৃপতিৰ প্ৰীতি সাধি মল্লযুদ্ধ কৰো৷৷
সৰ্ব্বভূতময় ৰাজা শাস্ত্ৰত কহয়৷
ৰাজাতুষ্ট ভৈলে সৰ্ব্বজন তুষ্ট হয়৷৷১১৯২৷৷
শুনি কৃষ্ণে দিলে তাক উচিত উত্তৰ৷
ভোজ নৃপতিৰ আমি প্ৰজা বনচৰ৷৷
তুল্যবল সহিতে ক্রীড়িবো যথোচিত৷
সাধিবো ৰাজাৰ যেন প্ৰীতি মনোনীত৷৷১১৯৩৷৷
কৰিবোহো বাহুযুদ্ধ সমুচিত কৰ্ম্মে৷
তেৱেসে নপাইব সভাসদক অধৰ্ম্মে৷৷
কৃষ্ণৰ কিঙ্কৰে কহে ছাড়া আন কাম৷
পলাওক পাতক ডাকি বোলা ৰাম ৰাম৷৷১১৯৪৷৷