কংসবধ : ৫ম কী : হৰি বোল হৰি...

|| ঘোষা ||: 

হৰি বোল হৰি বোল মাধৱ ৰাম৷৷৯০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ৰথে তুলি ৰাম কৃষ্ণ দোভাই৷

অত্ৰূৰে লৈ যান্ত ঘোড়া ডকাই৷৷

বায়ুৰ বেগে নোহে তাক তুল৷

পাইল গৈয়া পাছে যমুনাকূল৷৷১০৭৮৷৷

মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি৷

ৰাখিলা ৰথ পাছে দানপতি৷৷

দোভাইক ৰথে থৈয়া তৰুতলে৷

নামিলা গৈয়া যমুনাৰ জলে৷৷১০৭৯৷৷

বুৰদিয়া মন্ত্ৰ জপিলা পাছে৷

দেখন্ত ৰামকৃষ্ণ ঐত আছে৷৷

ৰথত নাহিকে বুলি উঠিলা৷

দোভাইক ৰথতে দুনাই দেখিলা৷৷১০৮০৷৷

পূৰ্ব্বৱতে বসি আছন্ত দুই৷

দুনাই বুৰ দিলা বিস্ময় হুই৷৷

জলৰ মাজত দেখন্ত পাছে৷

সহস্ৰেক ফণে অনন্ত আছে৷৷১০৮১৷৷

মৃণাল ধৱল যেন শৰীৰ৷

নীল বস্ত্ৰে দেখি আতি ৰুচিৰ৷৷

ফণাৰ মণি কৰে তিৰিমিৰি৷

শৃঙ্গে সমে যেন কৈলাস গিৰি৷৷১০৮২৷৷

চৌপাশে সৰ্পগণে বেঢ়ি আছে৷

তাহান কোলাত দেখন্ত পাছে৷৷

পৰম পুৰুষ আছন্ত বসি৷

প্ৰকাশে মুখ যেন পূৰ্ণ শশী৷৷১০৮৩৷৷

মেঘ সম শ্যাম বসন পীত৷

ৰত্নৰ কিৰীটি শিৰে শোভিত৷৷

কৰ্ণত মকৰ দোলে কুণ্ডল৷

ধনু সম শোভে ভ্ৰূৱ যুগল৷৷১০৮৪৷৷

অৰুণ নেত্ৰ কমলৰ পাসি৷

নুগুচে মুখে সদা অল্প হাসি৷৷

নাসা তিল ফুল সম সুন্দৰ৷

বৰ্ত্তুল ৰাতুল চাৰু অধৰ৷৷১০৮৫৷৷

প্ৰৱাল ৰত্নে যেন আছে গঢ়ি৷

প্ৰকাশে দন্ত যেন কুন্দ-কড়ি৷৷

কম্বুকণ্ঠে শোভে কৌস্তুভ মণি৷

প্ৰকাশে প্ৰভাতৰ সূৰ্য্য জিনি৷৷১০৮৬৷৷

আজানুলম্বী স্থূল-ভুজ চাৰি৷

শঙ্খ চক্র গদা পঙ্কজধাৰী৷

কৰয় কেয়ূৰ কঙ্কণে কান্তি৷

বক্ষস্থলে শোভে শ্ৰীবৎস পান্তি৷৷১০৮৭৷৷

আপাদলম্বী বনমালা গলে৷

মুকুতাৰ হাৰ হিয়াত জ্বলে৷৷

ৰত্নৰ মেখলা কটিৰ মাজে৷

তাতে সুৱৰ্ণৰ কিঙ্কিনী বাজে৷৷১০৮৮৷৷

চাৰু ঊৰু জানু জঙ্ঘা-যুগল৷

দুখানি চৰণ যেন কমল৷৷

আঙ্গুলি পান্তি তাৰ ভৈল পাসি৷

আৰকত নখে আছে প্ৰকাশি৷৷১০৮৯৷৷

ৰত্নৰ নূপুৰে আতি ৰঞ্জিত৷

যাত ভকতৰ সদায় চিত্ত৷৷

সুনন্দ নন্দ আদি কৰি পাছে৷

চৌপাশে পাৰিষদে বেঢ়ি আছে৷৷১০৯০৷৷

শঙ্কৰ ব্ৰহ্মা যত প্ৰজাপতি৷

কৰযোৰে সৱে কৰয় স্তুতি৷৷

আপুনি লক্ষ্মী আৰাধন্ত পাৱ৷

অত্ৰূৰে দেখি শিহৰাইল গাৱ৷৷১০৯১৷৷

আনন্দতে পৰে নেত্ৰৰ পানী৷

কণ্ঠৰো নোলায় গদগদ বাণী৷৷

পৰম ভক্তি কৰি মহাভাগে৷

কৃতাঞ্জলি কৰি পৰিল আগে৷৷১০৯২৷৷