|| পদ ||:
সুদামক বৰ দিয়া দামোদৰ
ৰাজপথে চলি যান্ত৷
চন্দনৰ পাত্ৰ সহিতে যুৱতী
কুবুজাক দেখিলন্ত৷৷
ওচৰ চাপিয়া পুছন্ত হাসিয়া
সৰ্ব্ব সুখদাতা হৰি৷
কোন তুমি কাৰ চন্দন লৈ যাহা
কৈয়ো কথা শীঘ্ৰ কৰি৷৷১১৪২৷৷
দুভাইক চন্দন দিয়ো আজি তোৰ
হৈবেক কল্যাণ আসি৷
সৈৰিন্ধী বোলয় শুনিয়ো সুন্দৰ
মই কংসৰায়ৰ দাসী৷৷
ভোজ নৃপতিৰ আতি প্ৰীতিকৰ
মোহোৰ চন্দন মাত্ৰ৷
তোৰা দুই বিনে ইটো চন্দনৰ
আছে আন কোন পাত্ৰ৷৷১১৪৩৷৷
সুকুমাৰ ৰূপ দেখি মোহ ভৈল
কৃষ্ণৰ সুৰস মাতে৷
দুভাইৰ শৰীৰ চন্দনে ৰঞ্জিল
যুৱতী আপুন হাতে৷৷
এতেকে প্ৰসন্ন ভৈলা ভগৱন্ত
যিটো ভকতৰ গতি৷
কৰিলন্ত মতি সিটো কুবুজাক
ঋজু কৰিবাক প্ৰতি৷৷১১৪৪৷৷
তাইৰ দুই ভৰি দুপাৱে জান্তিয়া
চিবুকত ধৰি হাতে৷
উপৰেক তুলি চম্বু কৰিলন্ত
তিনিও লোকৰ নাথে৷৷
কৃষ্ণ পৰশনে তেতিক্ষণে তাই
ভৈ গৈল দিব্য সুন্দৰী৷
কামাতুৰ হুয়া হাসিয়া মাতয়
কৃষ্ণৰ বস্ত্ৰত ধৰি৷৷১১৪৫৷৷
তুমি চিত্ত মোৰ মথিলা মাধৱ
এৰিবে নৱাৰো আমি৷
আসা গৃহে যাওঁ হুয়োক প্ৰসন্ন
তিনিও লোকৰ স্বামী৷৷
ৰামৰ আগত কৃষ্ণৰ বস্ত্ৰত
ধৰিয়া প্ৰাৰ্থন্তে আছে৷
সমস্ত গোপৰ মুখ চায়া হৰি
হাসি মাতিলন্ত পাছে৷৷১১৪৬৷৷
আমি পথিকৰ তুমিসে আশ্ৰয়
যায়োক আজি গৃহক৷
তোমাৰ থানক অৱশ্যে আসিবো
বধিয়া দুষ্ট কংসক৷৷
এহি বুলি তাইক মধুৰ বচনে
আশ্বাসি পঠাইলা হৰি৷
বাণিজাৰুগণে দুভাইক পূজিল
অনেক দ্ৰব্যে সাদৰি৷৷১১৪৭৷৷
কৃষ্ণ দৰশনে কামে বিমোহিত
সমস্তে পুৰ যুৱতী৷
বসন বলয়া সুুলকিল খোপা
তাতো নাহি কাৰো মতি৷৷
চিত্ৰৰ পুতলী আছে যেন ৰহি
কৃষ্ণত অৰ্পিয়া মন৷
আনকাম এৰি বোলা হৰি হৰি
সমজ্যাৰ যত জন৷৷১১৪৮৷৷