অভাগী কিনো আমি সৱে সখী৷
যুদ্ধ সময়ত কৃষ্ণক দেখি৷৷
কি পুণ্য কৰিলে ব্ৰজৰ নাৰী৷
অনুক্ষণে দেখ হেন মুৰাৰি৷৷১২০৯৷৷
যাহাৰ ৰূপৰ নাহি সমান৷
অনুদিনে কৰে নয়নে পান৷৷
মথন্তে দধিক দোহন্তে গাই৷
কৰন্তে গৃহৰ কৃত্য সদায়৷৷১২১০৷৷
কৃষ্ণৰ গাৱে গুণ নাম গীত৷
সততে কৃষ্ণতে অৰ্পিয়া চিত্ত৷৷
পৰে প্ৰেমভাৱে লোতক ঝৰি৷
ধন্য ধন্য কিনো ব্ৰজ সুন্দৰী৷৷১২১১৷৷
প্ৰভাতে যাহন্তে ব্ৰজৰ হন্তে৷
গৰু সমে সন্ধ্যা বেলা আসন্তে৷৷
কৃষ্ণৰ বাংশীৰ শুনন্তে ৰাৱ৷
বজায় গোপীসৱ আকুল ভাৱ৷৷১২১২৷৷
কৃষ্ণক দেখি মিলে মহা সুখ৷
চাহয় ঈষৎ হসিত মুখ৷৷
সদয় দৃষ্টি চান্ত বনমালী৷
কতনো কৰিলে পুণ্য গোৱালী৷৷১২১৩৷৷
শুনিয়া সৱে পুৰস্ত্ৰীৰ বাণী৷
দৈৱকী বসুদেৱ দুয়ো প্ৰাণী৷৷
নজানি দুয়ো তনয়ৰ বল৷
ভৈলা পুত্ৰ শোকে দুয়ো বিহ্বল৷৷১২১৪৷৷
ঝৰিয়া পৰে নয়নৰ নীৰ৷
যমক দেখে চিত্ত নোহে স্থিৰ৷৷
পুত্ৰক চাই কৰে হাহাকাৰ৷
দেখে দুয়ো দশোদিশে আন্ধাৰ৷৷১২১৫৷৷
দেখিয়া ভকতৰ ভয়হাৰী৷
শত্ৰু বধিবাক মনে মুৰাৰি৷৷
কৰিলা নিষ্ঠুৰ প্ৰহাৰ ধাই৷
মূৰ্চ্ছিত চাণূৰ চেতন নাই৷৷১২২৬৷৷
সন্ধুকি যেন শেন গোটে উঠি৷
মাৰিলে কৃষ্ণক ঝাৱল মুঠি৷৷
নটলিলা হৰি পায়া প্ৰহাৰ৷
ধৰিলন্ত দুই বাহুত তাৰ৷৷১২১৭৷৷
তুলি উপৰক ফুৰাইলা পাক৷
আস্ফালিলা বলে মাটিত তাক৷৷
মুকুত কেশ হাড় বিহৰিল৷
ইন্দ্ৰধ্বজ যেন চাণূৰ পড়িল৷৷১২১৮৷৷
আসিল খেদি আউৰ কূট নামে৷
বাম মুষ্টি হানি মাৰিলা ৰামে৷৷
মুষ্টিককো ৰামে দিলা চাপৰ৷
ৰুধিৰ ছাদি পীড়া পাইলা বৰ৷৷
ভূমিত পৰিল প্ৰাণক ছাড়ি৷
পৰে বৃক্ষযেন বায়ু উভাৰি৷৷১২১৯৷৷
তোষল্ল-শল্ল ধাইল ক্রোধ কৰি৷
লাথি হানি দুইকো বধিলা হৰি৷৷১২২০৷৷
চাণূৰ মুষ্টিক কূট তোষল৷
মাৰিলা শল্লকো দেখি বিহ্বল৷৷
আৱৰ মল্ল ভয় হুয়া বৰ৷
প্ৰাণ ৰাখি সৱে দিলা লৱৰ৷৷১২২১৷৷
দেখিয়া পাছে ৰাম কৃষ্ণ ৰঙ্গে৷
আনিয়া গোপগণ লৈয়া সঙ্গে৷৷
দেখায়া মল্লক্রীড়া বিপৰীত৷
নাচন্ত লোকৰ ৰঞ্জিয়া চিত্ত৷৷১২২২৷৷
ৰুণ ঝুণ কৰি নূপুৰ পাৱে৷
উৎসৱ কৰি মল্লবাদ্য বাৱে৷৷
অঙ্গিভঙ্গি কৰি তাহাৰ চেৱে৷
কৰন্ত নৃত্য আতি আদিদেৱে৷৷১২২৩৷৷
দেখিয়া সমাজে তুলিল হাসি৷
কৰে সাধুবাদ দান্ত প্ৰকাশি৷৷
সৱে ৰঙ্গ ভৈলা কংসত বাজে৷
হৰি চৰিত্ৰক শুনা সমাজে৷৷১২২৪৷৷
কেতিক্ষণ পৰা ধৰিল কালে৷
মনুষ্য জন্ম নেনা আলে-জালে৷৷
শঙ্কৰে কহে এড়া আনকাম৷
ঘুষিয়ো ঘনে ঘনে ৰাম ৰাম৷৷১২২৫৷৷