|| পদ ||:
মাৰিলন্ত কৃষ্ণে যেৱে বৰ বৰ মাল৷
মল্ল বাদ্য বাইবে নিষেধিলে কংস কাল৷৷
বল্কিবে লাগিল মহাক্রোধে অন্ধ হুই৷
কিনো অসজ্জন বসুদেৱ সুত দুই৷৷১২২৬৷৷
নগৰৰ বাজ কৰি খেদায়ো আমাৰ৷
দুষ্ট বসুদেৱক সত্বৰ কৰি মাৰ৷৷
গোৱালৰ ধনক আগ্ৰহি সৱে লৈয়ো৷
দুৰ্ম্মতি নন্দক লোহা লগাই বান্ধি থৈয়ো৷৷১২২৭৷৷
পিতৃ উগ্ৰসেনক সত্বৰে মাৰ নিয়া৷
নৰাখিবি যত আৰ আছে লগৰীয়া৷৷
শুনি কদৰ্থনা বাণী কৃষ্ণ কৃপাময়৷
জ্বলি গৈলা ক্রোধে আতি নসহে হৃদয়৷৷১২২৮৷৷
লঘিমা গুণক আশ্ৰয়িয়া কৃষ্ণদেৱে৷
কংসৰ উচ্ছ্ৰিত মঞ্চে উঠিলন্ত ডেৱে৷৷
দেখি কংস আসনত উঠি তাৱক্ষণে৷
ধৰিলেক খাণ্ডা বাৰু যুজিবাক মনে৷৷১২২৯৷৷
বাৰুক ঝঙ্কাৰে লুম্ফি ফিঙ্কাৱে খাণ্ডাক৷
যেন শেন গোটে আকাশত ফুৰে পাক৷৷
অচিন্ত্য মহিমা হৰি লীলায়ে হাসিয়া৷
আলগতে কংসক ধৰিলা চাম্প দিয়া৷৷১২৩০৷৷
গুচিল প্ৰভাৱ তাৰ হত হৈল দৰ্প৷
গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প৷৷
কিৰীটি সহিতে তাৰ ধৰিয়া চুলত৷
ভূমিত পাড়িয়া উঠিলাহা উপৰত৷৷১২৩১৷৷
জগতৰ ভৰত মৰিল কংসৰায়৷
চুলে ধৰি সমাজত ফুৰাইল ঘসাই৷৷
হস্তীক আজোৰে যেন মত্ত সিংহৰাজে৷
দেখি হাহাকাৰ কৰে সকল সমাজে৷৷১২৩২৷৷
পিয়ন্তে বোলন্তে সিটো পথত ভ্ৰমন্তে৷
নিশ্বাস কাঢ়ন্তে নিশা শয়ন কৰন্তে৷৷
ভয়তে আগতে দেখে কৃষ্ণক সদায়৷
সিহেতু কৃষ্ণৰ ৰূপ পাইলা কংসৰায়৷৷১২৩৩৷৷
কঙ্ক আদি কৰিয়া কংসৰ আঠ ভাই৷
ভাইৰ মান সাধো বুলি ক্রোধে গৈলা ধাই৷৷
পৰিঘে মাৰিলা কোবাই ৰঙ্গে হলধৰে৷
পূৰ্ব্বত পশুক যেন মাৰিলা শঙ্কৰে৷৷১২৩৪৷৷
আকাশক ছানি বাৱে দেৱৰ দুন্দুভি৷
ব্ৰহ্মা আদি দেৱে পুষ্প বৰিষে সুৰভি৷৷
বুলিলা প্ৰশংসা বাণী আকাশৰ পৰা৷
উৎসৱে নাচিবে লৈলা যত অপেস্বৰা৷৷১২৩৫ ৷৷
ৰাজনাৰী নিৰন্তৰে বজাইল কান্দন্তে৷
হায় স্বামী বুলি আতি হিয়া ঢাকুৰন্তে৷৷
স্বকী স্বকী স্বামীক আলিঙ্গি কান্দে ধৰি৷
নয়নৰ লোতক ধাৰায়ে পৰে ঝৰি৷৷১২৩৬৷৷
তাসম্বাক কৃষ্ণে আশ্বাসিয়া পঠাই ঘৰে৷
কৰাইলা কংসৰ প্ৰেতকাৰ্য্য নিৰন্তৰে৷৷
অনন্তৰে ভগৱন্ত ভকতৰ গতি৷
পাতিলন্ত নিয়া উগ্ৰসেনক নৃপতি৷৷১২৩৭৷৷
ছিণ্ডিলা বন্ধন হৰি পিতৃৰ মাতৃৰ৷
কৰিলা বন্দন দুইকো পাৱে ছুয়া শিৰ৷৷
ভকত বৎসল হেন লোকত দেখাই৷
বোলা হৰি হৰি তৰা পাতক খেদাই৷৷১২৩৮৷৷