|| পদ ||:
শুকমুনি বদতি শুনিয়ো পৰীক্ষিত৷
কহো ৰাসক্রীড়া কথা কৃষ্ণৰ চৰিত৷৷
শৰত কালৰ ৰাত্ৰি আতি বিতোপন৷
ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈলা মন৷৷৮০৭৷৷
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্ব দিশ হন্তে৷
কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে৷৷
অখণ্ডমণ্ডল চন্দ্ৰ দেখিলন্ত হৰি৷
কুঙ্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি৷৷৮০৮৷৷
বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত৷
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত৷৷
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে৷
দিলেক লৱড় গীত ধ্বনি নিৰীক্ষণে৷৷৮০৯৷৷
কৰ্ণত কুণ্ডল দোলে বেগত হান্ঠিতে৷
চিত্তত ধৰিলা কৃষ্ণে চলে অলক্ষিতে৷৷
কতো গোপী যায় গাই দোহনক এড়ি৷
আখাতে থাকিল দুগ্ধ চৰু সৈতে পৰি৷৷৮১০৷৷
পীয়ন্তে আছিল শিশু তাহাকো নগণি৷
পতি শুশ্ৰূষাকো এড়ি যায় কতোজনী৷৷
কতো গোপী আছিল স্বামীক পৰশন্তে৷
আধা ভুঞ্জা হুয়া কতো যায় লৱড়ন্তে৷৷৮১১৷৷
কৃষ্ণৰ শ্ৰৱণে যেন হৰিদাসগণে৷
এড়ে কাম্য কৰ্ম্ম সৱে তদগত মনে৷৷
কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন৷
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ৷৷৮১২৷৷
হাতত নূপুৰ আৰে কঙ্কালত হাৰ৷
কৰি বিপৰ্য্যয় পিন্ধে বস্ত্ৰ অলঙ্কাৰ৷৷
তথাপি কৃষ্ণক পাইল গোপিকাসকল৷
ভকতৰ কৰ্ম্ম যেন নভৈল বিফল৷৷৮১৩৷৷
নিবাৰয় পতি-পুত্ৰ-ভ্ৰাভৃ আগ ভেণ্টে৷
গোৱিন্দে হৰিল চিত্ত তথাপি নুলটে৷৷
বিমোহিত হুয়া সৱে লৱড়ে গোপিনী৷
হৰি ভকতক যেন নলঙ্ঘে বিঘিনি৷৷৮১৪৷৷
যাইবে নপাই গৃহমধ্যে কতো গোপীগণ৷৷
মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন৷৷
অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ৷
এৰি তনু তেখনে কৃষ্ণতে গৈল লীন৷৷৮১৫৷৷
পুছে পৰীক্ষিতে শুনি মিলিল সংশয়৷
জাৰ বুদ্ধি মাধৱক সেৱে গোপীচয়৷৷
তথাপি মোক্ষক পাইলে কিনো বিপৰ্য্যয়৷
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৮১৬৷৷