|| পদ ||:
কৃষ্ণত নৈৰাশ হুয়া গোপীচয়
বালিত নামি দুনাই৷
কৃষ্ণ দৰশন মনে গীত গাৱে
কৃষ্ণৰ গুণ বৰ্ণাই৷৷
তোমাৰ জনম নিমিত্তে অধিক
গোকুল বাঢ়ে সম্পূৰ্ণে৷
লক্ষ্মীয়ো সাক্ষাতে ব্ৰজত বঞ্চন্ত
সুখে আছে সৰ্ব্বজনে৷৷৮৯০৷৷
তোমাতেসে প্ৰাণ সুম্পি গোপীচয়
চাই ফুৰো দশোদিশ৷
গুচোক নিকাৰ প্ৰাণৰ বল্লভ
দেখা দিয়া জগদীশ৷৷
শৰত কালৰ বিকাশ পদ্মৰ
উদৰৰ শ্ৰীক নিন্দে৷
হেনয় নেত্ৰৰ কটাক্ষে আমাক
মাৰিছা তুমি গোৱিন্দে৷৷৮৯১৷৷
নিকিনিলা দাসী ভজিলোহো আসি
গীততে হুয়া দগধ৷
কটাক্ষে মাৰিলে বধ কি নলাগে
অস্ত্ৰে কাটিলেসে বধ৷৷
বিষময় জল অঘ পূতনাত
ৰাখিলা বৃষ্টিৰ হন্তে৷
চক্রৱাত বন- বহ্নি আনো ভয়ে
তাৰিলা তুমি অনন্তে৷৷৮৯২৷৷
আৱে কেনে মন- মথৰ হাতত
আমাক মৰাৱা স্বামী৷
তোমাৰ চৰণ যেৱে দেখা পাঞো
পুনৰপি জীঞো আমি৷৷
নুহিকা যশোদা নন্দন গোৱিন্দ
নিশ্চয়ে বুলিলো বাক৷
তুমি সমস্তৰে বুদ্ধি সাক্ষী সখি
প্ৰাৰ্থিলা ব্ৰহ্মা তোমাক৷৷৮৯৩৷৷
জগত ৰাখিবে লাগি যদুকুল
আপুনি ভৈলা উদিত৷
শুনা মহাভাগ ভকতক ত্যাগ
কৰিবে নুহি উচিত৷৷
বিনাশে সংসাৰ ভয় ভকতৰ
পূৰে মনোৰথ যত৷
হেন হস্তপদ্ম আনি প্ৰাণনাথ
দিয়োক আসি শিৰত৷৷৮৯৪৷৷
হে ব্ৰজধন দুখহাৰী হৰি
আমি কিঙ্কৰীক ভজ৷
মোহন হাসিত কটাক্ষে সহিত
দেখায়ো মুখ পঙ্কজ৷৷
সমস্ত প্ৰাণীৰ পাপ হৰে যিটো
আছিলা কালিৰ ফণে৷
কামক মৰ্দ্দিয়া হেন পাদপদ্ম
অৰ্পিয়ো আমাৰ স্তনে৷৷৮৯৫৷৷
পঙ্কজলোচন নেদেখি তোমাৰ
মৰো হেৰা সৱে দাসী৷
মধুৰ বচনে অধৰ অমৃতে
আমাক জীয়াৱে আসি৷৷
তযু কথামৃতে দগ্ধকো জীয়াৱে
শ্ৰৱণে দেই মুকুতি৷
সকাম কৰ্ম্মীক আত তুচ্ছ কৰে
জ্ঞানী কৰে তাকে স্তুতি৷৷৮৯৬৷৷
যিটোজনে সদা হেন কথা কৱে
সি সি দান দেই জীৱ৷
ভৈলোহো হেনয় সুহৃদে বঞ্চিত
দেখা দিয়া সদাশিৱ৷৷
শুনিয়ো কপটী সঙ্কেত আলাপ
নুগুচে আৰ হিয়াৰ৷
তোমাৰ সদয় হাস্য দৰশনে
মুহিল মন আমাৰ৷৷৮৯৭৷৷
তোমাকেসে লাগি সৱ গোপীচয়
স্নেহে বিয়াকুল মতি৷
তুমি পুনু প্ৰভু কপট আচৰা
আমাত কোন যুগুতি৷৷
ব্ৰজ হন্তে ধেনু চাৰিবাক যাহা
আমাৰ মনে অসুখ৷
যোনো পাদপদ্মে তৃণ শিলা লাগি
প্ৰাণনাথে পান্ত দুঃখ৷৷৮৯৮৷৷
তোমাৰ চিন্তায়ে দিন বহি যায়
গধূলি গোপাল আসি৷
অলকা আবৃত গো-ৰজে ৰঞ্জিত
দেখাৱা মুখ প্ৰকাশি৷৷
পুনু পুনু দেখাই বদন পঙ্কজ
মনত অৰ্পা মদন৷
তোমাৰ সঙ্গতি নপাই দুঃখে ৰাতি
জাগিয়া চিন্তো চৰণ৷৷৮৯৯৷৷
আমাৰ হৃদয় জানি কৃপাময়
এৰিয়ো কপট মতি৷
দিয়া দৰিশন আমাৰ জীৱন
ৰাখিয়োক যদুপতি৷৷
কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে
হৰিপাৱে কৰা ৰতি৷
শুনা সৰ্ব্বজন এৰা আন মন
ঘুষিয়ো হৰি সম্প্ৰতি৷৷৯০০৷৷