|| পদ ||:
শৰত কালে চন্দ্ৰাৱলী ৰাতি৷
দিব্য ৰাসক্রীড়া কৰিলা আতি৷৷
পঞ্চম ৰাগে গাইলা গীত হৰি৷
শুনি মোহ ভৈলা গোপ সুন্দৰী৷৷১০০৮৷৷
ঘৰবাৰী এৰি লৱৰে ভোলে৷
স্তন হলফল কুণ্ডল দোলে৷৷
বাইলাহা বাংশী পশি বৃন্দাৱনে৷
চৌপাশে বেঢ়ি নাচে গোপীগণে৷৷১০০৯৷৷
জয় কৃষ্ণ বুলি বাৱে চাপৰি৷
গোপীৰ মধ্যে প্ৰকাশন্ত হৰি৷৷
যেহেন সুৱৰ্ণ মণি মাজত৷
প্ৰকাশি আছে মহা মৰকত৷৷১০১০৷৷
দোহো গোপী মাজে এক গোপাল৷
নূপুৰ বাদ্য ভৰি কৰতাল৷৷
হাতত হাতে ধৰি গোপনাৰী৷
নাচিলা অনঙ্গ ৰঙ্গে মুৰাৰি৷৷১০১১৷৷
সজল মেঘ মাধৱৰ কায়৷
গোপীগণ ভৈল বিজুলী প্ৰায়৷৷
অলঙ্কাৰে কৰে মধুৰ ঘোষ৷
শুনিয়া মনত মিলে সন্তোষ৷৷১০১২৷৷
গোপীৰ গলে ধৰি বাহু মেলি৷
কৰিলা অনেক অনঙ্গ কেলি৷৷
শ্ৰম দেখি কতো আঞ্চলে বিঞ্চে৷
যমুনা জলে নামি জল সিঞ্চে৷৷১০১৩৷৷
পূৰিল গোপীগণ মনোৰথ৷
ক্রীড়া দেখি চন্দ্ৰো ৰাখিল ৰথ৷৷
মোহিত ভৈল যত দিব্য নাৰী৷
ৰাখিলা গোপীক যক্ষক মাৰি৷৷১০১৪৷৷
ধায়া আসিলেক অৰিষ্ট বীৰ৷
মেদিনী নসহে খুৰাৰ ভিৰ৷৷
দেখি আস্ফালিলা শিঙত ধৰি৷
তাৰো প্ৰাণ লৈলা ঘাৰ মুচৰি৷৷১০১৫৷৷
খেদি অসিলেক কেশী অসুৰ৷
হ্ৰেষণি শুনি কাম্পে গোপপুৰ৷৷
লাঞ্জৰ ছাটিত মেঘ উড়াই৷
দেখিয়া প্ৰভু তাক গৈলা ধাই৷৷১০১৬৷৷
পাছে চণ্ড বেগে অসুৰ আসি৷
হানিলেক লাথি ভৰি উল্লাসি৷৷
এৰাইলা তাক শ্ৰম কৰি হৰি৷
আছাৰি পেহ্লাইলা পাৱত ধৰি৷৷১০১৭৷৷
আসিল কেশী দুনাই বেন্ত বাই৷
বাম বাহু তাৰ মুখে ভৰাই৷৷
বঢ়াইলা প্ৰভু আতি বৰ বেগে৷
ভেণ্টিল গল যেন গৰ্ভৰোগে৷৷১০১৮৷৷
ভূমিত পৰিল চেতন হৰি৷
চক্ষু ওলটায়া আছাড়ে ভৰি৷৷
মৰিল অসুৰ ছাদি ৰুধিৰ৷
বাজ ভৈল বাহু ফাটি শৰীৰ৷৷১০১৯৷৷
কেশী বধ দেখি হাসি হৰিষে৷
ব্ৰহ্মা আদি দেৱে পুষ্প বৰিষে৷৷
কংসৰ বোলে যত দৈত্য আসে৷
মৰে অগ্নিত যেন পতঙ্গ ঝাসে৷৷১০২০৷৷
এহিমতে সৱে অসুৰ মাৰি৷
ফুৰিলা বৃন্দাৱনে গৰু চাৰি৷৷
গোধূলি পড়ি ৰঞ্জে মুখ আখি৷
মাথাত পিন্ধিলা মৈৰাৰ পাখি৷৷১০২১৷৷
গুঞ্জাৰ থোপাক কাণত আৰি৷
কাষত লৈয়া শিঙা বেত বাড়ি৷৷
মোহন বাংশী বেৰটিত থই৷
ব্যঞ্জন ভাত বাম হাতে লই৷৷১০২২৷৷
ভোজন কৰা তুমি যদুৰাজে৷
বসিয়া ৰঙ্গে গোপশিশু মাজে৷৷
কোনে বুজিবেক তোমাৰ লীলা৷
কটাক্ষে ভূমিৰ ভাৰ হৰিলা৷৷১০২৩৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
গোপালকেলি শুনা সৰ্ব্বজনে৷৷
মোক্ষ পাইবা যেৱে সংসাৰ তৰি৷
সঘনে ডাকি বোলা হৰি হৰি৷৷১০২৪৷৷