|| পদ ||:
পূতনাৰ বেশে কতোজনী দেই স্তন৷
কতো শিশুকৃষ্ণ হুয়া শোষয় জীৱন৷৷
কতো গোপী থাকে হেন শকট আকাৰে৷
কৃষ্ণ হুয়া ওভতাৱে চৰণ প্ৰহাৰে৷৷৮৬৪৷৷
কতো গোপী বসে শিশুকৃষ্ণৰূপ ধৰি৷
তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেই হৰি৷৷
কৃষ্ণ হুয়া কেহোজনী ফুৰে আণ্ঠুকাঢ়ি৷
কঙ্কালত ঘাঘৰ-ঘুঘুৰা কৰে শাৰী৷৷৮৬৫৷৷
কতো কতো হুই ৰাম কৃষ্ণ দুই ভাই৷
কতো বৎস হুই তাকে ফুৰন্ত চৰাই৷৷
কতো গোপী বক যেন চুম্পি থাকে ভিৰি৷
কৃষ্ণ হুয়া কতোজনী তাঙ্ক মাৰে ছিৰি৷৷৮৬৫৷৷
কতোজনী কৃষ্ণ হুয়া বাৱে বাংশী তুলি৷
বেঢ়িয়া প্ৰশংসে কতো ধন্য ধন্য বুলি৷৷
বাংশীৰ নিসানে গাই ডাকে নাম ধৰি৷
কতো গোপীগণ আসে হাম্বাৰাৱ কৰি৷৷৮৬৭৷৷
কতোজনী বাহু থৈয়া গোপিকাৰ গলে৷
কৃষ্ণময় হুয়া কতো আনন্দতে চলে৷৷
জান গোপীগণ মই কৃষ্ণ যদুপতি৷
দেখ দেখ ইটো মোৰ কেন লীলাগতি৷৷৮৬৮৷৷
নকৰিবা ভয় বুলি কতো গোপী মাতে৷
মই কৃষ্ণ আছো কি কৰিবে বৃষ্টি বাতে৷৷
গাৱৰ আঞ্চল তুলি থাকে এক কৰে৷
ধৰিলো মন্দৰ হেৰ চাপ নিৰন্তৰে৷৷৮৬৯৷৷
কেহো বোলে কালি দমো মই যদুনাথে৷
ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে৷৷
সত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ৷
দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ৷৷৮৭০৷৷
কেহোজনী বোলে আৱে দেখা গোপীচয়৷
বনজুই বেঢ়িলেক মিলিল সংশয়৷৷
চক্ষু মুদি থাকা সৱে সাধিবো কল্যাণ৷
মই কৃষ্ণে এতিক্ষণে নিবো নিজস্থান৷৷৮৭১৷৷
কেহো বোলে দেখ দেখ দধিৰ বিলাই৷
ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলো খেদি পাই৷
আউৰ যেন নখাস লৱণু চুৰি কৰি৷
উডুখলে বান্ধে কতো গোপিকাক ধৰি৷৷৮৭২৷৷
এহিমতে কৃষ্ণ চেষ্টা কৰে গোপীগণে৷
কৃষ্ণক খোজন্তে ফুৰে পশি বৃন্দাৱনে৷৷
দেখিল কৃষ্ণৰ খোজচয় পৃথিৱীত৷
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত৷৷৮৭৩৷৷
পাছে সৱে গোপিকা পঞ্জাল নেই গুড়ি৷
দেখে কৃষ্ণখোজে স্ত্ৰীৰ খোজ আছে পৰি৷৷১২৫
দেখি দুখ অধিক আকুল ভৈল মন৷
বোলা হৰি হৰি আছে যাৱত চেতন৷৷৮৭৪৷৷