|| পদ ||:
কেহো বোলে সখী মোৰ বাক্যে কৰা মতি৷
ব্ৰজত ফুৰন্তে হৰি লীলা গজগতি৷৷
ধ্বজ বজ্ৰ পঙ্কজ খোজতে বান্ধি যাই৷
কৰন্ত ভঙ্গিক যেৱে আমাসক চাই৷৷৯৯৪৷৷
কৃষ্ণৰ কটাক্ষ কামে মনক মৰ্দ্দয়৷
থাকো থিয় হুয়া আমি যেন বৃক্ষচয়৷৷
খসে খোপা সম্বৰিবে বস্ত্ৰকো নৱাৰি৷
শুনা সখী বুলি মাতে আউৰ গোপনাৰী৷৷৯৯৫৷৷
এক প্ৰিয় গোপৰ স্কন্ধত হস্ত থই৷
গৰুক গণন্ত কদাচিত মণি লই৷৷
পিন্ধিয়া লগত গন্ধ তুলসী মালাক৷
যেৱে সেহি বেলাত বংশীৰ দেন্ত ডাক৷৷৯৯৬৷৷
শুনি কৃষ্ণসাৰ হৰিণৰ ভাৰ্য্যাগণে৷
কৃষ্ণৰ সমীপ চাপে উত্ৰাৱল মনে৷৷
গুণ সমুদ্ৰক পায়া নযায় পুনৰপি৷
এৰিলো গৃহৰ আশা যেন আমি গোপী৷৷৯৯৭৷৷
হেন হৰি বিৰহে কিমতে প্ৰাণ ৰৱে৷
যশোদাক চাই কতো গোপী কথা কৱে৷৷
কুন্দ পুষ্পে ভূষি তনু মলয় চন্দনে৷
গোধনে আবৃত হুয়া তোমাৰ নন্দনে৷৷৯৯৮৷৷
হৰিষ বঢ়ায়া যেৱে ক্রীড়ে যমুনাত৷
গাৱে গীত গন্ধৰ্ব্বে মলয় বহে বাত৷৷
পুষ্পচয় সিঞ্চে শিৰে কৰিয়া সন্মান৷
হেন হৰি বিৰহে কিমতে ধৰো প্ৰাণ৷৷৯৯৯৷৷
আনন্দে কহয় কৃষ্ণ আসিবাক দেখি৷
আমাৰ সুহৃদ হৰি হেৰা আসে সখী৷৷
গোধূলি গোধন সৱে কৰি এক ঠাই৷
আইল প্ৰাণ গোৱিন্দ বাংশীত গীত গাই৷৷১০০০৷৷
পথত প্ৰণামে ব্ৰহ্মা আদি দেৱজাক৷
আমাক হিংসায়ে নেদে শীঘ্ৰে আসিবাক৷৷
জুৰুৱাইৱে লাগি পাছে আমাৰ হৃদয়৷
দৈৱকী নন্দন চন্দ্ৰ ভৈলন্ত উদয়৷৷১০০১৷৷
কতো আথেবেথে বোলে গোপিকা বচন৷
দেখ গোৱিন্দৰ মদে চঞ্চল লোচন৷৷
কুণ্ডলৰ কান্তি জ্বলে বদন পাণ্ডুৰ৷
যেন সন্ধ্যা সময়ে উদিত শশধৰ৷৷১০০২৷৷
আমাৰ দিনৰ তাপ হৰিবাক প্ৰতি৷
আইলা বনমালী গজৰাজ লীলাগতি৷৷
এহিমতে ব্ৰজৰ যুৱতী প্ৰতি নিত৷
একান্তে অৰ্পিল গোপালতে প্ৰাণ চিত্ত৷৷১০০৩৷৷
দিনসৱ বঞ্চে গোৱিন্দৰ গুণ গাই৷
তাসম্বাৰ সম ভাগ্যৱতী আউৰ নাই৷৷
পাইলে মহোদয় কৰ্ম্মবন্ধ ছেদ ভৈল৷
মহামুনি গুৰু শুকে নৃপতিত কৈল৷৷১০০৪৷৷
ইটো ৰাসক্রীড়া কেলি নামে কামজয়৷
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়৷৷
আক শুনে ভণে যিটো জনে অবিশ্ৰাম৷
বাঢ়িবে ভকতি আতি জিনিবেক কাম৷৷১০০৫৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ৷
কলিযুগে ভাগ্যে ভাৰতত ভৈলা নৰ৷৷
হৰি ভকতিত যেৱে কৰা দৃঢ়মতি৷
ইজন্মত নিশ্চয়ে পৰম পাইবা গতি৷৷১০০৬৷৷
ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত৷
চাৰিও বেদৰ জানা এহি সাৰতত্ত্ব৷৷
ৰাম নাম অমৃত সততে কৰা পান৷
বোলা হৰি হৰি কেতিক্ষণে পৰে প্ৰাণ৷৷১০০৭৷৷