|| পদ ||:
গোপীৰ শুনিয়া আকুল বাণী৷
ভৈলন্ত সদয় শাৰঙ্গপাণি৷৷
হাসিয়া বোলন্ত এৰিয়ো তাপ৷
গোপীক ক্রীড়িলা জগত বাপ৷৷৮৩৯৷৷
কৃষ্ণৰ সদয় দৃষ্টিক দেখি৷৷
প্ৰফুল্ল মুখ ভৈলা সৱে সখী৷৷
দৰশাই লীলা ভাৱ ভ্ৰূভঙ্গে৷
কৃষ্ণক চৌভিতি বেঢ়িলা ৰঙ্গে৷৷৮৪০৷৷
গোপীৰ মধ্যে শোভে দামোদৰ৷
তাৰাৰ মধ্যে যেন শশধৰ৷৷
গলত অম্লান পঙ্কজমালা৷
বেঢ়িয়া গুণ গাৱে গোপবালা৷৷৮৪১৷৷
আপুনি গাৱন্ত গীত মোহন৷
ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাৱন৷৷
যমুনা বালি দেখি সুকোমল৷
পদ্ম-গন্ধি বাৱ আতি শীতল৷৷৮৪২৷৷
গোপীগণ লৈয়া নামিলা তাত৷
কৰিলা ক্রীড়া কৃষ্ণে অসংখ্যাত৷৷
বাহুমেলি কাকো আলিঙ্গি ধৰি৷
কাৰো স্তন নখে পৰশে হৰি৷৷৮৪৩৷৷
মুখ চায়া কাৰো তোলন্ত হাস৷
মাতন্ত কাকো কৰি পৰিহাস৷৷
লন্ত বস্ত্ৰ কাঢ়ি বঢ়ায়া ৰঙ্গ৷
বেকত কৰন্ত গুপুত অঙ্গ৷৷৮৪৪৷৷
ধৰিয়া কাৰো কণ্ঠে বাহু মেলি৷
কৰিলা অনেক অনঙ্গ কেলি৷৷
আনন্দে গোপীৰ বঢ়ায়া কাম৷
ৰমিলা গোপীনাথ অৱিশ্ৰাম৷৷৮৪৫৷৷
কৃষ্ণত হন্তে মহামান পায়া৷
বুলিলা গৰ্ব্বে সৱে গোপজায়া৷৷
আমাৰ সম সুভাগিনী নাই৷
ভৈলন্ত অধীৰ যাদৱৰায়৷৷৮৪৬৷৷
গোপীৰ মহা অহম্মম ভাৱ৷
দেখি নসহিলা কৃষ্ণৰ গাৱ৷৷
তাসম্বাৰ দৰ্প্প হৰিবে মনে৷
ভৈলা অন্তৰ্দ্ধান তৈতে তেখনে৷৷৮৪৭৷৷
কৃষ্ণক নপাই পাছে গোপীচয়৷
মিলিল সন্তাপ ভৈলন্ত ভয়৷৷
যেন যূথপক নেদেখি বনে৷
কান্দে আৰ্ত্তৰাৱে হস্তিনীগণে৷৷৮৪৮৷৷
কৃষ্ণৰ সদয় কটাক্ষ হাসে৷
মোহন আলাপ গতি বিলাসে৷৷
হৰিল চিত্ত পাসৰিল মৰ্ম্ম৷
কৰিবে লাগিল কৃষ্ণৰ কৰ্ম্ম৷৷৮৪৯৷৷
কৃষ্ণৰ থানে কৰে লীলাগতি৷
সদয় হাস্যে চাৱে কাকো প্ৰতি৷৷
মইসে কৃষ্ণ দেখ গোপীগণ৷
অন্যোঅন্যে গোপী বোলে বচন৷৷৮৫০৷৷
একত্ৰ হুয়া মহাপ্ৰেমভাৱে৷
গোৱিন্দ গুণ গাৱে আৰ্ত্তৰাৱে৷৷
বিচাৰি ফুৰে সিটো বৃন্দাৱনে৷
কৃষ্ণ কৃষ্ণ বুলি উন্মত্ত মনে৷৷৮৫১৷৷
যিটো হৰি আছা জগত ব্যাপি৷
বৃক্ষত তাঙ্ক সোধে পাশ চাপি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্তজনে৷৷৮৫২৷৷