|| পদ ||:
পাছে গোপীগণে আতি সাদৰি৷
কৃষ্ণৰ ৰঙ্গে জান্তে হাত ভৰি৷৷
ছল পৰিহাস কৰিয়া তথা৷
প্ৰণয় কোপে সোধে সৱে কথা৷৷৯২৫৷৷
কতো মনুষ্যে ভজে ভজন্তাক৷
নভজে যিবা কেহো ভজে তাক৷৷
ভজন্তা নভজন্তা দুইকো আসি৷
নভজয় কোনে কেয়ো প্ৰকাশি৷৷৯২৬৷৷
গোপীৰ শুনি গূঢ় অভিপ্ৰায়৷
দিলন্ত উত্তৰ যাদৱৰায়৷৷
শুনা সখীসৱ আমাৰ বাক৷
যিজনে মাত্ৰ ভজে ভজন্তাক৷৷৯২৭৷৷
সুহৃদ নুহি নাহি তাৰ ধৰ্ম্ম৷
আপুন অৰ্থে মাত্ৰ কৰে কৰ্ম্ম৷৷
যিজনে ভজে নচাই উপকাৰ৷
সুহৃদ সেহি ধৰ্ম্ম সিজে তাৰ৷৷৯২৮৷৷
ভজে নভজে দুইতো নেদে মন৷
আছে চাৰি বিধ শুনা লক্ষণ৷৷
যিটো ব্ৰহ্মজ্ঞানী দেখে সৱে মিছা৷
যিজন পূৰ্ণ ভোগে নাহি ইচ্ছা৷৷৯২৯৷৷
গুৰুদ্ৰোহী যিটো একো নমানে৷
যিটো মহামূৰ্খ কিছু নজানে৷৷
নভজে দুইকো এহি চাৰিজন৷
কহিলো নিষ্ঠে মই গোপীগণ৷৷৯৩০৷৷
কৃষ্ণৰ বাক্য শুনি সৱে সখী৷
কৰে হাস্য অন্যোঅন্যে নিৰেখি৷৷
বোলন্ত দুনাই কৃষ্ণে বুজি কাজ৷
সখীসৱ আমি চাৰিতো বাজ৷৷৯৩১৷৷
ভকতেসে মোৰ সুহৃদ প্ৰাণ৷
যিহেতু নভজো শুনা নিদান৷৷
সদায় চিন্তোক মোক নপাই৷
বিহ্বল যেন ধন হৰুৱাই৷৷৯৩২৷৷
তোমৰা সৱে মোৰ অৰ্থে আতি৷
এৰিলা বেদ ধৰ্ম্ম যত জ্ঞাতি৷৷
বাঢ়োক তোমাৰ প্ৰেম ভকতি৷
ভৈলো অন্দৰ্দ্ধান এহি যুগুতি৷৷৯৩৩৷৷
নকৰা অসূয়া স্বৰূপ জানি৷
আছোক ইটো শুনা সত্যবাণী৷৷
দুস্ত্যজ গৃহৰো এৰিয়া আশ৷
ভজিলা মোক কৰি অভিলাষ৷৷৯৩৪৷৷
ভৈলোহো বশ্য মই তোমাসাৰ৷
চিৰকালে শুজা নযায় ধাৰ৷৷
যেৱে সৱে এৰা আপুন দায়৷
তেৱেসে মোৰ ঋণ শুজা যায়৷৷৯৩৫৷৷
অমৃত বৰিষে কৃষ্ণৰ বাক৷
জুৰাইল শুনি সৱে গোপীজাক৷৷
এৰাইল সমস্তে বিৰহ তাপ৷
বোলা হৰি হৰি পলাওক পাপ৷৷৯৩৬৷৷