|| পদ ||:
কতো গোপী ভৈল আতি ভাগৰে আকুল৷
সোলকয় বলয়া খোপাৰ খসৈ ফুল৷৷
কৃষ্ণতে আউজি জিৰাৱয় কৰি কেলি৷
আতি প্ৰীতি কান্ধত ধৰিয়া বাহু মেলি৷৷৯৪৬৷৷
উৎপল সুগন্ধি কৃষ্ণবাহু স্কন্ধে লই৷
ঘনে ঘনে আনি গোপৰমণী সুঙই৷৷
ৰোমাঞ্চিত তনু আনন্দিত আতি মন৷
ভোল হুয়া দেই কৃষ্ণ বাহুত চুম্বন৷৷৯৪৭৷৷
নাচন্তে চলন্তে লড়ে মকৰ কুণ্ডল৷
তাৰ ৰশ্মি শোভিত কৃষ্ণৰ গণ্ডস্থল৷৷
তাতে লগাই কতো গোপী পাতে মুখ আনি৷
নৃত্যৰ ভঙ্গিত চুমা দেন্ত চক্রপাণি৷৷৯৪৮৷৷
নাচন্তে শৱদ কৰে নূপুৰ মেখলা৷
মহাশ্ৰান্ত হুয়া কতো কতো গোপবালা৷৷
কৃষ্ণ হস্তপঙ্কজ পৰম সুখকৰ৷
তাক ধৰি থৱে নিয়া স্তনৰ উপৰ৷৷৯৪৯৷৷
লক্ষ্মীৰ ৰমণ যিটো ঈশ্বৰ মুৰাৰি৷
তাহাক বল্লভ পাইলে যত গোপনাৰী৷
কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি৷
পৰম উৎসৱে আতি কৰে ৰাসকেলি৷৷৯৫০৷৷
অলকা পঙ্কতি চাৰু কৰ্ণ উতপলে৷
শোভে সৱে বদন পঙ্কজ ঘৰ্ম্ম জলে৷৷
কৃষ্ণে সমে নাচে আতি উৎসৱে গোপিনী৷
বাজয় বলয়া বাদ্য নূপুৰ কিঙ্কিণী৷৷৯৫১৷৷
গোপীৰ নৃত্যত ভৈল ভৰি কৰতাল৷
বেঢ়িয়া গুঞ্জৰে যেন ভ্ৰমৰে গীতাল৷৷
শিৰকো কম্পাৱে খসে খোপাও আউল৷
তুষ্ট হুয়া কেশে বৰিষয় যেন ফুল৷৷৯৫২৷৷
এহিমতে গোৱিন্দে নৃত্যৰ দেন্ত ভঙ্গি৷
কতো গোপিকাক গৈয়া ধৰন্ত আলিঙ্গি৷৷
কতো গোপিকাৰ কৰে পৰশন্ত স্তন৷
কটাক্ষে নিৰীক্ষি কাকো কৰন্ত চুম্বন৷৷৯৫৩৷৷
আপুন লাৱণ্য কলা কৌশল সুগন্ধি৷
সমস্তে গোপীতে অৰ্পি ক্রীড়িলা প্ৰবন্ধি৷
নপাৰিলে গোপীগণে মুহিবে কৃষ্ণক৷
ছায়ায়ে সহিতে যেন উমলে বালক৷৷৯৫৪৷৷
কৃষ্ণৰ ক্রীড়াত বিমোহিত গোপবালা৷
খসে অলঙ্কাৰ কাৰো ছিণ্ডি পৰে মালা৷৷
সোলকয় খোপা নবান্ধয় তাকো তুলি৷
নসম্বৰে বস্ত্ৰ কতো কুচৰো কাঞ্চলি৷৷৯৫৫৷৷
দেৱনাৰীগণে দেখি কেশৱৰ কেলি৷
মোহ হুয়া পৰে বিমানতে ঢলি ঢলি৷৷
ক্রীড়া দেখি চন্দ্ৰ কামে বিমোহিত আতি৷
তম্ভাইলন্ত ৰথ নুপুহায় সিটো ৰাতি৷৷৯৫৬৷৷
যত গোপী তত কৃষ্ণ হুয়া কৰে ক্রীড়া৷
সমস্তে গুচাইলা গোপিকাৰ কাম পীড়া৷৷
পূৰ্ণকাম হৰি ভৈলা ভকতৰ বশ্য৷
হৰি হৰি বুলি তৰা কহিলো ৰহস্য৷৷৯৫৭৷৷