ৰাস-ক্রীড়া : ১৬ কী : এ যাদৱ যাদৱ...

|| ঘোষা ||: 

এ যাদৱ যাদৱ দীনদয়াল৷

তুমিসি আমাৰ গতি মুকুতি গোপাল৷৷৮৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

এহিমতে ক্রীড়াতে ৰজনী যায় ক্ষয়৷

দিন ভৈল বিৰহে আকুল গোপীচয়৷৷

কৃষ্ণ যান্ত বনে তাক নেদেখি আসুখে৷

কৃষ্ণ গুণ গায়া দিন বঞ্চে মহাদুঃখে৷৷৯৭৯৷৷

নিস্তাৰ কাৰক নাহি হৰিনাম বিনা৷

কতো গোপী বোলে সখী কৃষ্ণ কথা শুনা৷৷

বাম বাহুত বাম কপোল থাপিয়া৷

মধুৰ বেণুক আনি অধৰে অৰ্পিয়া৷৯৮০৷৷

ৰন্ধ্ৰমধ্যে কোমল আঙ্গুলিচয় চালি৷

যেতিক্ষণে বাংশীডাক দেন্ত বনমালী৷

তাক শুনি দেৱনাৰী সমস্তে মূৰ্ছিত৷

কামবাণে চিত্ত আতি হুয়া জৰ্জ্জৰিত৷৷৯৮১৷৷

বস্ত্ৰ নসম্বৰে মহামোহ হুয়া পৰে৷

স্বামীৰ কাষতে পাছে লজ্জা হোৱে বড়ে৷৷

হেন হৰি বিৰহ সহিবো কেন মতে৷

আউৰ গোপী বোলে সৱে সখীৰ আগতে৷৷৯৮২৷৷

যাৰ উৰঃস্থলে ছটা দেখিয়া লক্ষ্মীৰ৷

শ্যামল মেঘত যেন বিজুলী সুস্থিৰ৷৷

হেন হৰি যেখনে বাংশীক নাদ কৰে৷

গৰু মৃগগণৰো তেখনে চিত্ত হৰে৷৷৯৮৩৷৷

দান্তে তৃণ ধৰি কৰ্ণ উপৰক তুলি৷

চক্ষু মুদি থাকে যেন চিত্ৰৰ পুতলী৷৷

আমি কেনে জীঞো হেন কৃষ্ণক নেদেখি৷

আউৰ গোপী বোলে শুন শুন সৱে সখী৷৷৯৮৪৷

মাথাত ময়ূৰ-পুচ্ছ পল্লৱ কৰ্ণত৷

মল্ল বেশে হৰি গেৰু ঘষিয়া গাৱত৷৷

নাম ধৰি ধেনুক ডাকন্ত বংশীৰাৱে৷

নদীসৱো শুনি স্তম্ভি থাকে মৌনভাৱে৷৷৯৮৫৷৷

আমি যেন নপায়া কৃষ্ণৰ পদৰেণু৷

কম্পাৱে তৰঙ্গ হস্ত প্ৰেমে পুনু পুনু৷৷

কতো গোপী বোলে সখীসৱ শুন শুন৷

গোপগণে যেখনে বৰ্ণাৱে কৃষ্ণগুণ৷৷৯৮৬৷৷

বংশীৰ নিসানে হৰি ডাকি আনা ধেনু৷

শুনি তৰুলতা প্ৰেমে পুলকিত তনু৷৷

ফল ফুল ভৰে নম্ৰ হুয়া মধু স্ৰৱে৷

ভৈলা আত্মা সাক্ষাতে বৃক্ষৰ ভাৱে কৱে৷৷৯৮৭৷৷

কিমতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি৷

আৰ গোপী বোলে মোৰ কথা শুনা সখী৷৷

দিব্য গন্ধ তুলসীৰ কৰি মধুপান৷

ভ্ৰমৰে গুঞ্জৰি ধৰে কৃষ্ণক যোগান৷৷৯৮৮৷৷

সুন্দৰ অধৰে যেৱে কৰে বাংশীধ্বনি৷

মোহ হুয়া কমল বনৰো পক্ষী শুনি৷৷

হৰিক উপাসে আসি স্থিৰ কৰি চিত্ত৷

চক্ষু মুদি আনন্দতে মৌনে শুনে গীত৷৷৯৮৯৷৷

পক্ষীয়ো মোহক যায় যাৰ বাংশী শুনি৷

কিমতে ধৰিবো প্ৰাণ হেন হৰি বিনি৷৷

কেহো গোপী বোলে সখী শুনিয়ো কাহিনী৷

ৰামে সমে পৰ্ব্বতত চড়ি চক্রপাণি৷৷৯৯০৷৷

সৱাকো হৰিষ কৰাই পূৰি বাংশীনাদ৷

মিত্ৰ বুলি কৰে মেঘে মধুৰ সম্বাদ৷৷

ছত্ৰ ধৰি উপৰে বৰিষে দিব্য ফুল৷

হেন হৰি বিয়োগে কি নুহিবো আকুল৷৷৯৯১৷৷

কতো গোপী যশোদাত কহয় অদ্ভূত৷

বেণুবাদ্যে কুশল তোমাৰ প্ৰিয় সুত৷৷

যেখনে বাংশীক চুম্বি তোলে স্বৰ জাতি৷

ব্ৰহ্মা ৰুদ্ৰ আদি দেৱো মোহ হোৱে আতি৷৷৯৯২৷৷

শুনি থাকে একচিত্তে নমায়া কন্ধৰ৷

নিশ্চয় কৰিবে নোৱাৰন্ত তাল স্বৰ৷৷

হেন হৰি বিয়োগে কিমতে ধৰো প্ৰাণ৷

বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ৷৷৯৯৩৷৷