|| পদ ||:
শুক নিগদতি ৰাজা শুনা মহাশয়৷
গোপিকাৰ মোক্ষ দেখি নুহিবা বিস্ময়৷৷
দ্বেষ কৰি শিশুপালে লভিল মুকুতি৷
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি৷৷৮১৭৷৷
বিষ বুলি অমৃতক পিলে যিটো নৰ৷
নুহিবেক হেন জানা অজৰ অমৰ৷৷
যেন তেন মতে মাত্ৰ স্মৰোক সতত৷
এতেকে মুকুতি পাৱে কহিলো বেকত৷৷৮১৮৷৷
ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত৷
যাত হন্তে পাৱে মোক্ষ স্থাৱৰ পৰ্য্যন্ত৷৷
নিৰপায় হৰিৰ ভকতি নুহি বৃথা৷
গোপী গোপালৰ আৱে শুনা পাছ কথা৷৷৮১৯৷৷
যেৱে সৱে সমীপ পাইলেক গোপনাৰী৷
তাসম্বাক বাক্যে মুহি বুলিলা মুৰাৰি৷৷
কুশলে কি আইলা কৈয়ো ব্ৰজৰ কল্যাণ৷
প্ৰিয় কৰ্ম্ম কৰো কিবা কহিয়ো নিদান৷৷৮২০৷৷
দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি৷
ঐত নথাকিবা তোৰাসৱ স্ত্ৰী-মতি৷
তোমাসাক নেদেখিয়া পিতৃ-মাতৃচয়৷
তাসম্বাৰ মনে মহা মিলিব সংশয়৷৷৮২১৷৷
দেখিলাহা ইটো বিকশিত বৃন্দাৱন৷
শশাঙ্কে ধৱল নৱ পল্লৱে শোভন৷৷
উলটি ব্ৰজক যাহা কান্দে শিশুগণ৷
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন৷৷৮২২৷৷
উপপতি সমে ক্রীড়া গৰিহিত কৰ্ম্ম৷
স্বামীৰ শুশ্ৰূষা কুলস্ত্ৰীৰ মহাধৰ্ম্ম৷৷
যদিবা আমাক স্নেহে আইলা গোপীগণ৷
মোক আৱে দেখিলা সিজিল প্ৰয়োজন৷৷৮২৩৷৷
বিদূৰতে থাকি কৰে শ্ৰৱণ কীৰ্ত্তন৷
বাঢ়ে মোত ভকতি নিৰ্ম্মল হোৱে মন৷৷
দেখন্তে শুনন্তে সদা হেলা হোৱে মতি৷
জানিয়া গৃহতে থাকি কৰিয়ো ভকতি৷৷৮২৪৷৷
কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ৷
পাইলন্ত দুৰন্ত চিন্তা বিষণ্ণ১২২ বদন৷৷
ওলমাইল মুখ আতি পাইয়া দুঃখ বৰ৷
সঘনে নিশ্বাস কাঢ়ে শুখাইল অধৰ৷৷৮২৫৷৷
কুচৰ কুঙ্কুম মানে লোতকে লেপিল৷
থাকিল নিচুকি মুখে বচন হৰিল৷৷
চৰণে ভূমিক লেখে দেখে তমোময়৷
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়৷৷৮২৬৷৷