|| পদ ||:
গোপিকাৰ দেখি প্ৰেমভাৱ বিপৰীত৷
ভৈলন্ত গোপাল আতি আকুলিত চিত্ত৷৷
আনন্দ বঢ়ায়া গোপীগণৰ মনত৷
পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত৷৷৯১২৷৷
হাসো হাসো কৰে আতি বদন কমল৷
শ্যামতনু পীত বস্ত্ৰে দেখিতে উজ্জল৷৷
চিকিমিকি কৰে অলঙ্কাৰৰ দীপিতি৷
গলত পদ্মৰ মালা দেখন্তে তৃপিতি৷৷৯১৩৷৷
দেখি ৰূপ মদনৰো মোহন সাক্ষাত৷
উঠিল আনন্দে সৱে গোপী অসংখ্যাত৷৷
গুচিল বিৰহ দুঃখ দ্ৰৱ ভৈল চিত্ত৷
প্ৰাণক দেখিয়া যেন তনু উল্লসিত৷৷৯১৪৷৷
কতো গোপীগণ গৈয়া কৃতাঞ্জলি কৰি৷
থাকিল কৃষ্ণৰ হস্তপঙ্কজত ধৰি৷৷
কতো আথেবেথে গৈয়া ধৰে বাহু কান্ধে৷
কতো গোপী গৈয়া মোহ হুয়া গলে বান্ধে৷৷৯১৫৷৷
আগ হুয়া কেহোজনী লৱে হাত পাতি৷
চক্ষু পকাই চাৱে কতো কৰি মুখ কাতি৷৷
মদনে মৰ্দ্দয় কতো গোপিকাৰ মন৷
স্তনত অৰ্পয় নিয়া কৃষ্ণৰ চৰণ৷৷৯১৬৷৷
এক দৃষ্টি কৰি কতো কতো গোপীগণে৷
মুখ পঙ্কজক পিয়ে তৱধ নয়নে৷৷
নাহিকে তৃপিতি যদি পিয়ন্ত সততে৷
কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে৷৷৯১৭৷৷
নেত্ৰে চাই কেহোজনী নেই হৃদয়ক৷
কৃষ্ণক আলিঙ্গি ভৈল সৰ্ব্বাঙ্গে পুলক৷৷
বহৱে আনন্দে নয়নৰ নীৰ ঝৰি৷
মহাযোগী জনে যেন থাকে ধ্যান কৰি৷৷৯১৮৷৷
এহি মতে কৃষ্ণক চাহন্তে গোপীগণ৷
মিলি গৈল উৎসৱ শীতল তনু মন৷৷
এৰাইল বিৰহ তাপ আনন্দে ভৰিল৷
ভকতক পায়া যেন সংসাৰী তৰিল৷৷৯১৯৷৷
শোক এৰি গোপীগণে বেঢ়িল চৌভিতি৷
মধ্যত কৰন্ত কৃষ্ণে অধিকে দীপিতি৷৷
পাছে সৱে গোপিকাক লৈয়া বনমালী৷
আনন্দে নামিল গৈয়া যমুনাৰ বালি৷৷৯২০৷৷
পুষ্পিত মন্দাৰ কুন্দ গন্ধে হুয়া ভোল৷
মধুমত্ত অনেক ভ্ৰমৰে কৰে ৰোল৷৷
শৰত চন্দ্ৰৰ কান্তি আতি সুকোমল৷
দেখি মহা সন্তোষিত গোপিকাসকল৷৷৯২১৷৷
তথাতে বসিয়া মাধৱক মধ্য কৰি৷
ভৈল পূৰ্ণকাম সৱে সন্তাপ নিস্তৰি৷৷
প্ৰাণবন্ধু মাধৱক কৰিয়া সন্মান৷
আঞ্চল পাতিয়া দিলা বসিবাৰ স্থান৷৷৯২২৷৷
বসিলন্ত তাতে অন্তৰ্য্যামী দেৱ হৰি৷
ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি৷৷
কৰিলা শুশ্ৰূষা গোপীগণে মান্য কৰি৷
কতো লৈয়া কোলাত কৃষ্ণৰ জান্তে ভৰি৷৷৯২৩৷৷
কান্ধত বাহুক থৈয়া কতোজনী ঘসে৷
কতো লীলা কটাক্ষে চাহয় প্ৰেমৰসে৷৷
কতোহো প্ৰণয় কোপে দেই সমিধান৷
বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ৷৷৯২৪৷৷