|| পদ ||:
শোকক তম্ভায়া গোপীসকলে৷
মলচিলা মুখ আখি আঞ্চলে৷৷
গদগদ মাত মুখে নোলাই৷
বুলিবে লাগিলা কৃষ্ণক চাই৷৷৮২৭৷৷
ভকত বৎসল তোমাক জানি৷
কেনে বোলা হেন ঘাতুক বাণী৷৷
সমস্ত বিষয় এৰিয়া স্বামি৷
ভজিলো তোমাৰ চৰণে আমি৷৷৮২৮৷৷
ভজন্তা আমাৰ মিলোক ভাগ৷
নকৰা নাথ ভকতক ত্যাগ৷৷
কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম্ম৷
তোমাতে থাকোক সিসৱ ধৰ্ম্ম৷৷৮২৯৷৷
জগতৰে বন্ধু আতমা তুমি৷
সমস্তে ধৰ্ম্মৰ আপুনি ভূমি৷৷
তুমি আত্মা হেন জানি সম্প্ৰতি৷
তোমাতেসে কৰে ভকতে ৰতি৷৷৮৩০৷৷
নলাগে পতি পুত্ৰ দুঃখ হেতু৷
হুয়োক প্ৰসন্ন গৰুড়কেতু৷৷
কৰিছো আশা যিটো চিৰকাল৷
নকৰিও তাক ভঙ্গ গোপাল৷৷৮৩১৷৷
হৰিলা চিত্ত নথাকয় ঘৰে৷
হস্ত দুই গৃহ-কৃত্য নকৰে৷৷
তোমাক এৰিয়া নচলে ভৰি৷
ব্ৰজক গৈয়া কি কৰিবো হৰি৷৷৮৩২৷৷
জ্বলে কামানল তোমাৰ গীতে৷
নিমায়োক তাক অধৰামৃতে৷৷
নুহি বিৰহতে দহিয়া তনু৷
লভিবো তোমাৰ সমীপ পুনু৷৷৮৩৩৷৷
হুয়োক প্ৰসন্ন জগন্নিৱাস৷
সৱ তেজি কৈলো তোমাতে আশ৷৷
নমাৰা পুৰিয়া ঈষৎ হাসি৷
পুৰুষ ভূষণ কৰিয়ো দাসী৷৷৮৩৪৷৷
অলকা-আবৃত তোমাৰ মুখ৷
অধৰ-সুধাক দেখন্তে সুখ৷৷
ভ্ৰুৱ যুগ তযু ঈষত হাসি৷
দেখি তাক প্ৰভু ভৈলোহো দাসী৷৷৮৩৫৷৷
তোমাৰ শুনিয়া অমৃত গীত৷
নুহিবে মোহ কোন স্ত্ৰীৰ চিত্ত৷৷
আছোক আন বৃক্ষ পশু পক্ষী৷
প্ৰেমে পুলকিত তোমাক দেখি৷৷৮৩৬৷৷
দেৱৰ ৰক্ষক যেন মুৰাৰি৷
ব্ৰজৰো তুমি দুঃখ ভয়হাৰী৷৷
জানিয়া জুৰায়ো আমাৰ প্ৰাণ৷
শিৰত হস্তপদ্ম দিয়া দান৷৷৮৩৭৷৷
কামে বশ্য হুয়া গোপী যতেক৷
বুলিলা বিহ্বল বাক অনেক৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷৮৩৮৷৷