|| পদ ||:
শুক নিগদতি পাছে গোৱিন্দ তহিতে৷
আৰম্ভিলা ৰাসক্রীড়া গোপিকা সহিতে৷৷
দুহো গোপী মাজে এক ভৈলন্ত মাধৱ৷
প্ৰৱৰ্ত্তিলা তথা ৰাসক্রীড়া মহোৎসৱ৷৷৯৩৭৷৷
ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি৷
সৱে বোলে মোকেসে আলিঙ্গি আছে হৰি৷৷
আসিলা সভাৰ্য্যে যত দেৱগণ মানে৷
জুৰিয়া আকাশ আতি অসংখ্য বিমানে৷৷৯৩৮৷৷
মাধৱৰ ৰাসক্রীড়া চাৱে এক দৃষ্টি৷
বাৱে দেৱে দুন্দুভি কৰিয়া পুষ্পবৃষ্টি৷৷
প্ৰধান গন্ধৰ্ব্ব অপেস্বৰায়ে সহিত৷
মহাৰঙ্গে গাৱে গোৱিন্দৰ গুণ গীত৷৷৯৩৯৷৷
কৃষ্ণ সমে নাচে সৱে সন্তোষে গোপিনী৷
বলয়া নূপুৰ বাজে ঝনকে কিঙ্কিণী৷৷
প্ৰকাশ কৰয় কৃষ্ণ গোপীৰ মধ্যত৷
সুৱৰ্ণ মণিৰ মাজে যেন মৰকত৷৷৯৪০৷৷
কৃষ্ণ সমে ৰঙ্গে আতি নাচে গোপীজাক৷
নানা ভঙ্গি চৰণ চলায়া ফুৰে পাক৷৷
হস্তকো নচাৱে তুলি কৰি লয়লাস৷
ভ্ৰূৱযুগ ক্ষেপিয়া কটাক্ষে কৰে হাস৷৷৯৪১৷৷
ঝলমল কুণ্ডল গলত আসি পৰে ৷
হালৈ কৃশ কঙ্কাল স্তনৰো বস্ত্ৰ লৰে ৷৷
শিথিল মেখলা খোপা মুখে ঘৰ্ম্মজল৷
গাৱে কৃষ্ণগুণ গীত গোপিকাসকল৷৷৯৪২৷৷
কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জ্বলে মেঘনয়৷
প্ৰকাশে বিজুলী যেন তাত গোপীচয়৷৷
ঘৰ্ম্মজলে কণিকা গৰ্জ্জনে ভৈল গীত৷
আকাশৰ পৰা দেৱে দেখে বিপৰীত৷৷৯৪৩৷৷
কৃষ্ণ আলিঙ্গন পায়া অশেষ হৰিষ৷
কৃষ্ণগুণ গীত পূৰিলেক দশোদিশ৷৷
এহিমতে নৃত্যগীতে কৃষ্ণক তুষিলা৷
সাধু সাধু বুলিয়া মাধৱে প্ৰশংসিলা৷৷৯৪৪৷৷
তাসম্বাক বহুমান দিলন্ত মাধৱ৷
আনন্দে আকুল মিলে মহা মহোৎসৱ৷৷
গোপীৰ বৃত্তান্ত কথা শুনা আতপৰে৷
বোলা হৰি হৰি সামাজিকে নিৰন্তৰে৷৷৯৪৫৷৷