|| পদ ||:
ভকত কামদ পাদপদ্ম মনোৰম৷
সেৱা সময়ত যিটো আতি সুখতম৷৷
হৰয় বিপদ যাক কৰিলে স্মৰণ৷
আমাৰ স্তনত হেন অৰ্পিয়ো চৰণ৷৷৯০১৷৷
বিনাশে সমস্তে শোক সুৰতি বঢ়াৱে৷
সাৰ্ব্বভৌম ৰাজাৰ সুখকো পাসৰাৱে৷৷
সুললিত বংশী আতি চুম্বি আছে যাক৷
হেনয় অধৰামৃত দিয়োক আমাক৷৷৯০২৷৷
তোমাৰ সংযোগে মনে মিলে মহাসুখ৷
ক্ষণেকে নেদেখি পাঞো আতি চিন্তা-দুঃখ৷৷
এতেকে সৱাকে তেজি ভজিলো তোমাক৷
এৰিলা কোননো সতে তুমি আমাসাক৷৷৯০৩৷৷
যেৱে দিৱসত তুমি ফুৰা বৃন্দাৱনে৷
তোমাক নেদেখি যুগ যায় অৰ্দ্ধক্ষণে৷৷
সন্ধ্যাত তোমাৰ মুখ দেখি এৰাঞো ক্লেশ৷
কিনো মন্দ ব্ৰহ্মা তাতো স্ৰজিলা নিমেষ৷৷৮০৪৷৷
তযু গীতে আতি মন মুহিল আমাৰ৷
পতি পুত্ৰ ভ্ৰাতৃকো কৰিলো পৰিহাৰ৷৷
আমাৰ সাধিবা গতি মনে হেন মানি৷
তোমাৰ সমীপ পাইলো প্ৰভু চক্রপাণি৷৷৯০৫৷৷
তুমি বিনা আছে আৰ ধূৰ্ত্ত কোনজন৷
মাতি আনি নিশাত এৰিলা নাৰীগণ৷৷
কাহাক দুষিবো ইসি অভাগ্য কপাল৷
আমাৰ হৃদয় ৰোগ গুচায়ো গোপাল৷৷৯০৬৷৷
তোমাক সুমৰি সিটো ৰহস্য আলাপ৷
কৰে কামানলে আতি হৃদয়ত তাপ৷৷
লক্ষ্মীৰ নিৱাস সিটো দেখি উৰঃস্থল৷
দুনাই দুনাই হোৱে মন আমাৰ বিহ্বল৷৷৯০৭৷৷
ব্ৰজৰ জনৰ দুঃখ হৰিবাক প্ৰতি৷
ভৈলা অৱতাৰ হৰি তোমাৰ সম্প্ৰতি৷৷
হেনজানি ক্ষণেকো নেৰিবা যদুৰায়৷
তোমাক নেদেখি হেৰা প্ৰভু প্ৰাণ যায়৷৷৯০৮৷৷
হে প্ৰভু তযু পাদপদ্ম সুকুমাৰ৷
লাসে লাসে ধৰো যাক স্তনত আমাৰ৷৷
সিটো পাৱে বিজুবনে ফুৰা কেন কৰি৷
শিলা খোলা লাগি জোনো পীড়া কৰে ভৰি৷৷৯০৯৷৷
ইহাকেসে সুমৰন্তে প্ৰভু প্ৰাণ যায়৷
তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়৷৷
এতেক বোলন্ত উপজিল প্ৰেমভাৱ৷
কান্দে কৃষ্ণ বুলিয়া পাৰয় দীৰ্ঘৰাৱ৷৷৯১০৷৷
গাৱে গীত কতো নয়নৰ ঝৰে নীৰ৷
হা কৃষ্ণ কৃষ্ণ বুলি চিত্ত নোহে স্থিৰ৷৷
কৃষ্ণক নেদেখি গোপী সমস্তে বিহ্বল৷
বোলা হৰি হৰি পাপ যাউক ৰসাতল৷৷৯১১৷৷